কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জঠৰাগ্নিjaṭharāgniNoun
পেটৰ খাদ্য জীৰ্ণ কৰা শক্তি বা ৰস-বিশেষ
the digestive power; gastric juice
- জণ্টাjaṇṭāIntransitive verb
গোটা খুবা; একেলগ কৰ্ বা হ; মেৰাই বা বেঢ়ি ধৰ্; যেনে-"তাইৰ দুই ভৰিঃ চপাবে জণ্টিয়াঃ চিবুকত ধৰি হাতে" (কীৰ্ত্তন); "মহেন্দ্ৰ-শিখৰেঃ জণ্টিয়া বসিলঃ লঙ্কাৰ দিশক চায়া" (মা. ক., সুন্দৰাকাণ্ড)।
- জণ্ডিচjon.disProper Noun
তেজৰ ৰং পৰিৱৰ্তন হৈ শৰীৰ হালধীয়া আৰু চকু বগা পৰি যোৱা এক ধৰণৰ ৰোগ, সাধাৰণতে লিভাৰৰ দূৰ্বলতাৰ বাবে হোৱা দেখা যায় ৷
yellowing of the skin and the whites of the eyes caused by an accumulation of bile pigment (bilirubin) in the blood; can be a symptom of gallstones or liver infection or anemia
- জতুjatuNoun
লা।
- জতু-গৱহ
পঞ্চ পাণ্ডবৰ পুৰি মাৰিবলৈ দুৰ্যোধন ৰজাই বাৰণাবত নগৰত লাৰে সজোবা ঘৰ।
- জতুগৃহja.tu.gri.hoMaterial Noun
পাণ্ডৱসকলক বিনাশ কৰাৰ নিমিত্তে দুৰ্যোধনে নিৰ্মাণ কৰা এটি ঘৰ৷
a house especially constructed by Durjodhana with intent to burn up the Pandavas.
- জতুবাjatubāAdjective
নিজৰ জাতৰ বস্ত্তৰ দৰে হোবা; বিজতৰীয়া নোহোবা
remaining in one's own kind; not degenerated; retaining one's own originality
- জতুৱা ঠাঁচjo.tu.wa tha~sAbstract Noun
কোনো শব্দ সমষ্টি যাৰ অৰ্থ শব্দসমূহ সামুহিকভাবে ললেহে ওলাই, গাইগুটীয়াকৈ নহয়
a group of words whose meaning is derived only when all the words are taken collectively
- জধলাjadhalāAdjective
জলধা; অপৰিষ্কাৰ; লেতেৰা
awkward; untidy; or dirty habits
- জধা-মূৰ্খjadhā-mūrkhaNoun
অতি মূৰ্খ লোক; বৰ অজ্ঞান মানুহ
a food; a great dunce
- জধামূৰ্খjo.dha.mur.khoCommon Noun
An extremely foolish person
- জধেমধেjo.dhe.mo.dheAdverb
কোনো বাচ-বিচাৰ নকৰাকৈ বা সতৰ্ক নোহোৱাকৈ
Not making or based on careful distinctions.
- জনjanaNoun
লোক; মানুহ; ই প্ৰায়ে নিৰ্দ্দিষ্টকৈ বুজাবলৈ বিশেষ্য বা সংখ্যা শব্দৰ পাছত ব্যবহাৰ হয়; যেনে-"দুজন মানুহ, মানুহজন, পুৰুষজন"
man in general
- জন অৰণ্যjo.no o.ro.nyoAbstract Noun
সমুদ্ৰৰ দৰে লগা বিশাল জনসমাৱেশ।
a great multitude of people.
- জন প্ৰবাদjo.no pro.badCommon Noun
বহুদিনৰপৰা লোকৰ মুখে মুখে চলি অহা বা শুনা কথা ।
a traditional story from the past which may not be true.
- জন-অধিকাৰjo.no-o.dhi.karAbstract Noun
নাগৰিকৰ জীৱন,সমতা, সন্মান,স্বাধীনতা আদি বিষয়ক আইন প্ৰদত্ত অধিকাৰ
rights to uphold life, liberty,equality and dignity of individuals (guranteed by the constitution in some countries) or embodied in the International Convenants and also enforceable by courts of some countries
- জন-জাগৰণjo.no.-ja.go.ronAbstract Noun
সমাজ আৰু সামাজিক গাঁথনিৰ এক আমূল, সুদূৰপ্ৰসাৰী পৰিবৰ্ত্তন, বিশেষকৈ হঠাতে হোৱা আৰু সাধাৰণতে হিংসা জৰিত থকা।
a radical and pervasive change in society and the social structure, esp. one made suddenly and often accompanied by violence.
- জন-প্ৰবাদ
জন-শ্ৰুতি; কিংবদন্তী
traditional or popular belief or story
- জন-প্ৰাণীjana-prāṇīNoun
মানুহ বা অন্য জীব-জন্ত্ত
a living being
- জন-প্ৰিয়Adjective
লোক-প্ৰিয়; সাধাৰণৰ প্ৰিয়
popular