কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছাটাইsa.taiVerbal Noun
খৰচ কমাবৰ কাৰণে কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰা কাৰ্য ৷
the reduction of expenditures in order to become financially stable.
- ছাটিchāṭiNoun
কান্তি; চক্মকনি; তিৰ্বিৰণি; জিলিকনি
glitter; lustre
- ছাটি ধৰ্chāṭi, dhar
চাৰিওফালে বা গোটেই গাতে ঢাকি ধৰ্; মেৰাই ধৰ্
to cover wholly; to entwise
- ছাটি পৰ্sa.ti porVerb-Intran.
(a fluid) to go into a wider area
- ছাটি পৰ্, ছাটি যাchāṭi, par, chāṭi, yā
চাৰিওফালে বিয়প্; ভৰি পৰ্; যেনে-"পানী ছাটি গ'ল; বদনাম ছাটি গ'ল"
to overflow everywhere; to spread
- ছাটি মাৰ্chāṭi, mār
ছটিয়া; বহলাই নিক্ষেপ কৰ্; মেল খুবাই মেৰাই ল; যেনে-"পানীৰ ছাটি মাৰ্; কাপোৰ ছাটি মাৰি ল"
to sprinkle; to scatter; to throw broad-cast; to throw round the body (as a cloth)
- ছাটি যাsa.ti jaVerb-Intran.
(a fluid) to go into a wider area
- ছাটি-ফুটিchāṭi-phuṭiNoun
গা বা মনৰ দুখত হাৰ-ভৰি আছৰা কাৰ্ষ্য; ছট্- ফটনি; ধৰ্ফৰণি
tossing about in pain of body on mind
- ছাটি-ফুটি কৰ্Verb-Intran.
অস্থিৰতা প্ৰকাশ কৰ্
to be restless
- ছাটিনchāṭinaNoun
এবিধ বিদেশী ডাঠ ৰেচমী কাপোৰ।
satin
- ছাট্chāṭTransitive verb
ঢাকি ধৰ্
to cover
- ছাতchātaNoun
ঘৰৰ ওপৰৰ পকা আচ্ছাদন।
- ছাতাsa.taMaterial Noun
ৰ’দ, বৰষুণ আদিৰ পৰা বাচিবলৈ ব্যৱহাৰ কাপোৰ, প্লাচটিক আদিৰে তৈয়াৰী এক আহিলা৷
a light, small, portable, usually circular cover for protection from rain or sun, consisting of a fabric held on a collapsible frame of thin ribs radiating from the top of a carrying stick or handle
- ছাতিchātiNoun
ৰ'দ-বৰষুণৰপৰা গা ঢাকি ৰখা এবিধ কাপোৰৰ সঁজুলি
an umbrella
- ছাতু গুড়িMaterial Noun
বুটমাহৰ পৰা প্ৰস্তুত কৰা গুড়ি পাউদাৰ৷ বিভিন্ন খাদ্য (পকৰি আদি) প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়৷
Ground, dried chickpeas and is a staple ingredient in many Indian and Pakistani foods.
- ছাতু-গুড়িchātu-guṛiNoun
ভজা বুট আদি মাহৰ গুড়ি
flour of parched pulse
- ছাত্ৰchātraNoun
শিক্ষা কৰোঁতা; শিকোঁতা; ছাতৰ
one who learns; pupil
- ছাত্ৰ-ছাত্ৰীsat.ro-sat.riCommon Noun
যি কোনো অনুস্থানত আনুস্থানিক ভাৱে পাঠ গ্ৰহণ কৰে৷
one who learns at a formal educational institute
- ছাত্ৰজীৱনsa.tro.ji.wonAbstract Noun
কোনো (শিক্ষা)অনুস্ঠানত অধ্যয়নৰত সময়
the period while someone is a student of a institute
- ছাত্ৰনিবাসMaterial Noun
কোনো শিক্ষানুষ্ঠানত <u>ছাত্ৰ</u> সমূহীয়াকৈ থকা ঘৰ
a building with simple accommodation, especially for <u>male student</u> in education institution.