কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ই’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ইদানীন্তনidānīntanaAdjective
এতিয়াৰ; এই কালৰ; আধুনিক; নব্য
of the present time; modern; recent
- ইদিক-সিদিকi.dik-xi.dikAdverb
ইঠাইত বা আন এঠাইত |
In this place and in that; at various places.
- ইনজেক্ছনinajekchanaNoun
বেজিৰ সহায়েৰে শৰীৰত ঔষধ সুমুবাই দিয়া কাৰ্য্য
injection
- ইননি-বিননিinani-binaniNoun
দুখৰ কথা বা গুণ বৰ্ণাই কৰা শোক; বিলাপ
lamentation
- ইনাই-বিনাইi.nai-bi.naiAdverb
বৰ বেছিকৈ কান্দি (কোনো কাম কৰ্)
(do something) weeping and crying excessively
- ইনাই-বিনাই কান্দ্i.nai-bi.nai kandVerb-Intran.
to utter a prolonged, inarticulate, mournful cry, usually high-pitched or clear-sounding, as in grief or suffering
- ইনামināmaNoun
পুৰস্কাৰ; বঁটা
a present; a prize
- ইন্টাৰ্নছিপAbstract Noun
য’ত কাম কৰিবলৈ আকাংক্ষা কৰে তেনে প্ৰকৃত কৰ্মক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষণৰ এক সুযোগ৷
A learning opportunity for students in actual work place where they aspire to work.
- ইন্তাকালintākālaNoun
মৱত্যু।
- ইন্তাহানintāhānaNoun
পৰীক্ষা; মহলা
examination
- ইন্তেকালintekālaNoun
মৱত্যু।
- ইন্দিবৰindibaraNoun
নীল পদুম
the blue lotus
- ইন্দিয়তৃপ্তিAbstract Noun
চকু, জিভা, কাণ, নাক, ছাল আদিৰ জৰিয়তে পোৱা সন্তোষ বা পৰিতৃপ্তি
satisfaction derived through sense organs like eyes, tongue, ears, nose and skin
- ইন্দিৰাindirāNoun
লক্ষ্মী; ; সৈন্দৰ্য্য
Laksmi ; beauty; splendour
- ইন্দিৰা গোস্বামীin.di.ra go`s.wa.miProper Noun
অসমীয়া সাহিত্যৰ এগৰাকী ঔপন্যাসিক, কবি, গল্পকাৰ আৰু গৱেষক৷ দিল্লী বিশ্ববিদ্যালয়ৰ ভাৰতীয় ভাষা বিভাগত অধ্যাপক হিচাপে তেওঁ কৰ্মজীৱন আৰম্ভ কৰি বৰ্তমান অৱসৰ গ্ৰহণ কৰে৷ তেওঁ ১৯৮৩ চনত সাহিত্য একাডেমি বঁটা, ২০০০ চনত জ্ঞানপীঠ বঁটাৰ লগতে দেশ-বিদেশৰ একাধিক বঁটা-সন্মানেৰে বিভূষিত হয়৷ তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ হ'ল- দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, মামৰে ধৰা তৰোৱাল আৰু দুখন উপনাস, চিন্নমষ্টৰ মানুহজন, চেনাবৰ সোঁত, তেজ আৰু ধুলিৰে ধূষৰিত পৃষ্ঠা আদি৷ সংস্কাৰ, উদং বাকচ আদি তেওঁৰ উল্লেখযোগ্য চুটিগল্প৷ "আধালিখা দস্তাবেজ" তেওঁৰ একমাত্ৰ আত্মজীৱনী৷ তেওঁ 'অসম সংযুক্ত মুক্তি বাহিনী' (আলফা) আৰু কেন্দ্ৰ চৰকাৰৰ মাজত আলোচনা কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি অসমৰ এটা জলন্ত সমস্যা সমাধানত মনোনিৱেশ কৰিছিল৷২০১১ চনৰ ২৯ নৱেম্বৰত তেওঁ গুৱাহাটীত ইহলীলা সম্বৰণ কৰে ৷
an Assamese novelist, poet, editor, scholar and a professor. She is the winner of the Sahitya Akademi Award (1983), Jnanpith Award (2000) and is also India`s first Principal Prince Claus Laureate (2008). One of the most celebrated writers of contemporary Indian Literature, she is well known for novels such as The Moth Eaten Howdah of a Tusker, Pages Stained With Blood, and The Man from Chinnamasta.She is also well known for her attempts to structure social change, both through her writings and through her role as mediator between the banned secessionist group ULFA and the central government of India. Her involvement led to the formation of a peace committee - the People`s Consultative Group. She modestly refers to herself an `observer` of the ongoing peace process rather than a mediator or initiator.Her work has been performed on stage and in screen. Adajya, a film based on her novel won international awards.She left for her heavenly abode on November 29, 2011 at Guwahati.
- ইন্দিৰালয়in.di.ra.loyCommon Noun
ডাঙৰ-ডাঙৰ পাত, গুলপীয়া ৰঙৰ সুগন্ধি ফুল, বহল, ঘূৰণীয়া, ফুটা থকা গুটিৰ আধাৰ আৰু মঙহাল শিপা যুক্ত, দক্ষিণ এছিয়া আৰু অষ্ট্ৰেলিয়াৰ এবিধ জলজ উদ্ভিদ।
An aquatic plant native to southern asia and australia, having large leaves, fragrant, pinkish flowers, a broad, rounded, perforated seedpod, and fleshy rhizomes.
- ইন্দীবৰindībaraNoun
নীল পদুম
the blue lotus
- ইন্দুinduNoun
জোন; চন্দ্ৰ
the moon
- ইন্দু মৌলীin.du mou.liProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- ইন্দু লৌহMaterial Noun
সৰ্ব্বোচ্চ বৈদ্যুতিক আৰু তাপৰ পৰিবাহিতা যুক্ত এক কোমল, বগা, মূল্যবান, একযোজী ধাতৱ মৌল; আৰ্জেন্টাইট হিচাপে আৰু মুক্ত ৰূপত পোৱা যায়; মুদ্ৰা, অলঙ্কাৰ আৰু পাত্ৰ তৈয়াৰ কৰাত আৰু আলোক চিত্ৰ গ্ৰহণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয়৷
A soft white precious univalent metallic element having the highest electrical and thermal conductivity of any metal; occurs in argentite and in free form; used in coins, jewellery, tableware and photography.