কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পখীpakhīNoun
চৰাই
bird
- পখৌজীয়া
পাখোবাজ বজোবা গায়ন; যেনে-"নাট মন্দিৰত পখৌজীয়া এজোৰা গোবাইছিল" (বুৰঞ্জী)।
- পখৰাpakharāAdjective
দুটা বা ততোধিক বৰণ থকা; নানা-বৰণীয়া
variegated
- পখৰা ওলা
বগা বেমাৰ হ; বগাকুষ্ঠ ৰোগ ওলা
to have white leprosy or leucoderma
- পখৰা ৰোগpo.kho.ra ro`gAbstract Noun
মাইক`বেক্টেৰিয়াম লেপ্ৰি নামৰ বেক্টেৰিয়াৰ দ্বাৰা সৃষ্ট এবিধ জীৱাণুজনিত ৰোগ। ই স্নায়বিক তন্ত্ৰ আৰু ছালক সংক্ৰমিত কৰে।
an infectious disease caused by Mycobacterium leprae. It affects the nervous system and skin.
- পখৰা-চিতৰাAdjective
নানা বৰণীয়া
variegated
- পখৰা-পখৰিAdjective
নানা বৰণীয়া
variegated
- পখৰা-পাখৰিpo.kho.ra-pa.kho.riAdjective Adj.
দুটা বা ততোধিক বৰণ থকা
varied in appearance or color; marked with patches or spots of different colors
- পখৰা-শিলpakharā-śilaNoun
আগৰ কালত দোষীক খুন্দা এবিধ শিল; যেনে- "ল'ম দহ টকা পখৰা শিলতে খুন্দি"
a kind of stone formerly used for beating criminals with
- পখৰুpakharuNoun
তামোল-গামোচাৰ তং [তাক নানা বৰণীয়া কাপোৰ একেলগে সি কৰা যায় আৰু পাছে চূণৰ আৰু তামোলৰ বৰণ লাগিও চিত্ৰিত হয়।]।
- পখৰুতংpo.kho.ru.tongMaterial Noun
A piece of cloth to carry bittle nut, bittle leaves and knife etc.
- পগলাpagalāNoun
ৰলিয়া মানুহ
a mad man
- পগলা ফাটেকpo.go.la pha.tekMaterial Noun
A living facilities where mentally ill people are provided shelter and treatment
- পগলা-ফাটকNoun
পগলা মানুহক ৰাখি চিকিৎসা কৰা ফাটক-ঘৰ
lunatic asylum
- পগাpagāTransitive verb
উতলা; জুলীয়া বস্ত্ত তপতাই ঘন কৰ্
to boil; to thicken by boiling
- পগোবাAdjective
কৱদ.
- পগোবাpagobāTransitive verb
আনৰ দ্বাৰা পগা
to cause to be boiled
- পগৰpagaraNoun
কোনো পাত্ৰ আদিৰ মুখত বা মূৰত পাগুৰি আঙঠিৰ নিচিনা উঠঙা হৈ থকা মেৰ; যেনে-"কলহৰ পগৰ"
the ring or brim of a vessel
- পঘাpaghāNoun
ডিঙিত লগাই গৰু বন্ধা জৰী
a rope for tying cattle
- পঘা-খাঁতীpo.gha-kha~.tiProper Adj.
অসৎ, দুষ্ট আৰ উদণ্ড স্বভাৱৰ |
Evil in principle or practice; deviating from morality; contrary to the moral or divine law; addicted to vice or sin; sinful; immoral; profligate.