কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঠ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঠিহ্ঠিহনিNoun
বেছিকৈ খোবাৰ বাবে পেটত খোঁচা- বিন্ধা কৰা বেদনা।
- ঠিহ্ঠিহাṭhihṭhihāIntransitive verb
অতিৰিক্ত ভোজন বা শৌচ বন্ধ হোবাৰ কাৰণে পেটত বেদনা কৰ্
to feel pain in the stomach from excessive eating or constipation
- ঠিয়ṭhiẏaAdjective
থিয়।
- ঠিৰাংṭhirāmAdjective
থিৰাং।
- ঠুঁটিṭhum̐ṭiNoun
নিচেই গুৰি বা শেষ ভাগ
the root or shooting part of anything
- ঠুঁটিয়াIntransitive verb
অলপ আগ ওলা; গজালি ওলা; পোথা মেল্
to shoot; to sprout
- ঠুং নচুবা, ঠেং জোকাৰ্ṭhum, nacubā, ṭhem, jokār
এলাহত বহি কাল নিয়া
to spend time idly
- ঠুকনিṭhukaniNoun
টিঙিৰি।
- ঠুকি ঠুকিṭhuki, ṭhukiAdverb
নিচেই সৰু সৰু খণ্ড কৰি; নিচেই সৰু সৰুকৈ
chopping into very small pieces
- ঠুকুৰাṭhukurāNoun
ভঁৰালৰ ধৰণীৰ তলত দিয়া কাঠৰ মূঢা বা টুকুৰা; ঠকুৰা
a block of wood, usually a stump of a tree, placed on the ground to support the main beams of the bamboo chāng of a granary
- ঠুক্ṭhukTransitive verb
দূৰৰপৰা এটা বস্ত্ত দলিয়াই আন এটা বস্ত্তত লগা; কোবা; আঘাত কৰ্
to hit a hing from a distance; to strike
- ঠুক্ঠুক্ কৰেṭhukṭhuk, kareAdverb
ঠক্ ঠক্ কৰে।
- ঠুঙুৰিṭhuṅuriNoun
এবিধ সৰু নেপালী দা
a kind of Nepalese knife
- ঠুনṭhunaNoun
সৰু কোমল ঠাৰি; ঠেনু
a tender and small stem
- ঠুনঠুনীয়াṭhunaṭhunīẏāAdjective
ঠনঠনীয়া।
- ঠুনুকাṭhunukāAdjective
চনকা; চন্চনীয়া; সহজে ভগা
brittle
- ঠুমṭhumaNoun
জন্ত্তৰ মূৰৰ খুন্দা; খুম
butt or stroke with the head of an animal
- ঠুম মাৰ্
খুম মাৰ্।
- ঠুম-ঠামṭhuma-ṭhāmaAdjective
আঘাত বা ঘা লগা যেন বোধ হোবা; বৰ চোকা (টেঙা স্বাদ); যেনে-"ঠুম-ঠাম টেঙা
an adjective used to express excessive sour quality
- ঠুহাṭhuhāNoun
বাঁহৰ কাঠীৰে কৰা মাছ ধৰা এবিধ ঠেক আৰু দীঘল সজুলি
a kind of cylindrical narrow fish trap