কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খণ্ড খণ্ড হkhon.do khon.do hoVerb-Trans.
টুকুৰা-টুকুৰ হ বা খণ্ড খণ্ড হ
to get severed or torn into pieces
- খণ্ড-কথাkhaṇḍa-kathāNoun
কেইবাটাও ভাগত বিভক্ত হোবা গল্প বা কাহিনী
a tale or story divided into sections
- খণ্ড-তপkhaṇḍa-tapaNoun
অসম্পূৰ্ণ তপস্যা
incomplete austerity
- খণ্ড-পুচ্ছkhaṇḍa-pucchaAdjective
নেজকটা; নেজ নথকা; খঁৰা
tailless; with the tail cut short
- খণ্ড-পুষ্পkhaṇḍa-puṣpaAdjective
বেগাই কাম কৰিব পৰা; খৰতকীয়া; যেনে -"মানুহটো কামত বৰ খণ্ড-পুষ্প"
prompt; expeditious
- খণ্ড-প্ৰবাসkhaṇḍa-prabāsaNoun
অলপ-দিনীয়া প্ৰবাস
temporary sojourn away from home
- খণ্ড-প্ৰলয়khaṇḍa-pralaẏa
ক্ষুদ্ৰপ্ৰলয় বা ধ্বংস; প্ৰজাপতি ব্ৰহ্মাই তেওঁৰ পুবা সৱষ্টি কৰি সাঁজৰ বেলিকা কৰা সৱষ্টিৰ অবসান
partial destruction of the universe
- খণ্ড-বাক্যkhaṇḍa-bākyaNoun
বাক্যৰ এক অংশ; সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোবৰা একাধিক শব্দ
phrase; idiom
- খণ্ড-বিখণ্ডkhon.do-bi.khon.doProper Adj.
পূৰ্বৰ মূল আকৃতিৰ পৰিৱৰ্তন হোৱাকৈ ধ্বংস হোৱা
Something damaged in a way that its shape has altered from the original
- খণ্ড-মুণ্ডkhaṇḍa-muṇḍaAdjective
মূৰ-ছিগা; মূৰ-নাইকিয়া; শিৰহীন
headless
- খণ্ড-শলাkhaṇḍa-śalāNoun
খৰিকা বাঁহৰ শলাত কপাহ মেৰিয়াই আৰু তেল লগাই জলোবা শলা; জোঁৰ
a torch
- খণ্ডকাব্যkhaṇḍakābyaNoun
এটা বিষয়ক লৈ ৰচনা কৰা সৰু কাব্য
a minor poem having only one topic
- খণ্ডনNoun
কটা বা ছেদন কৰা কাৰ্য্য
the act of cutting
- খণ্ডন কৰ্khon.don korVerb-Trans.
কোনো উক্তি বা সমালোচনা অসত্য বুলি প্ৰমাণ কৰা
to prove a statement or criticsm to be false
- খণ্ডনমূলকkhon.don.mu.lokProper Adj.
পৰস্পৰ বিৰোধী
differing radically from one another
- খণ্ডপৰশুkhon.do.po.ro.xuProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- খণ্ডবাক্য সংগ্ৰহAbstract Noun
গোট বা নিৰ্দিষ্ট অভিব্যক্তি, যেনে প্ৰবচন, বাক্যাংশ ক্ৰিয়া আৰু অন্যান্য প্ৰকাৰৰ বহুশব্দৰ আভিধানিক এককৰ অধ্যয়ন৷
the study of set or fixed expressions, such as idioms, phrasal verbs, and other types of multi-word lexical units.
- খণ্ডমণ্ডলkhaṇḍamaṇḍalaNoun
খণ্ডিত বৱত্ত
a segment of a circle
- খণ্ডমুণ্ডkhon.do.mun.doAdjective Adj.
মূৰ নথকা শৰীৰ
without a head or having the head cut off
- খণ্ডযুদ্ধAbstract Noun
শত্ৰুপক্ষৰ সৈতে কম সময়ৰ বাবে হোৱা এক সৰু সংঘাত; দুটা পক্ষৰ মাজত সংঘটিত এক কম প্ৰাৱল্যৰ যুঁজ বা সংঘাত
a minor short-lived military engagement; any brisk clash or encounter, usually of a minor nature