কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ককাইদেউko.kai.deuCommon Noun
নিজতকৈ বয়সত ডাঙৰ ভাতৃ ৷ কেতিয়াবা নিজৰ সহোদৰ ভাতৃ নহ’লেও এইদৰে সম্বোধন কৰা হয় ৷
A brother (may or may not be of same parents) who is elder than yourself.
- ককাইদেও
ককাইক সম্বোধন কৰা মাত।
- ককাদেউতাko.ka deu.taCommon Noun
মাক বা দেউতাকৰ দেউতাক।
father of ones father or mother.
- ককায়েকko.kayekCommon Noun
নিজতকৈ বয়সত ডাঙৰ ভাতৃ ৷ কেতিয়াবা নিজৰ সহোদৰ ভাতৃ নহ’লেও এইদৰে সম্বোধন কৰা হয় ৷
A brother (may or may not be of same parents) who is elder than yourself.
- ককুবাkakubāNoun
দীঘল শুং থকা এজাতি বাও ধান।
- কক্ বৰকkok bo.rokProper Noun
ত্ৰিপুৰাৰ থলুৱা ত্ৰিপুৰী লোকসকলৰ ভাষা৷
the native language of the Tripuri people (of the Indian state of Tripura).
- কক্ককাIntransitive verb
কুকুৰাৰ নিচনাকৈ শব্দ কৰ্
to cluck
- কক্ককিkakkakiNoun
(বুদ্ৰূপাৰ্থত] নিজৰ শক্তি থাকক বা নেথাকক তাক নেভাবি কাম কৰিবলৈ আগ বঢ়া; বিবেচনা-শূন্য আগ্ৰহ; যেনে-"অমুকটো কৰিবলৈ তাৰ বৰ কক্ককি উঠিছে"
thoughtless eagerness
- কক্কক্kakkakNoun
কুকুৰাৰ মাতৰ নিচিনা মাত
an imitative sound like the clucking of a fowl
- কক্কোলkakkolaNoun
এবিধ সুগন্ধি গুট্
an aromatic berry; cocculus indicus
- কক্বকkakbakaNoun
কিবা পানীত পৰাত হোবা অস্হিৰতা বা অস্হিৰ আৰু অস্পষ্ট মাত।
- কক্বকাkakbakāIntransitive verb
পানীত পৰি বিবুদ্ধি হৈ ভালকৈ মাতিব-বুলিব নোবাৰি হাত-মূৰ জোকাৰি উঠিবৰ নিমিত্তে চেষ্টা কৰ্
to struggle to get out of water
- কক্ষkakṣaNoun
গাৰ কাষ বা দাঁতি; কাবলতি; যেনে-কক্ষত লৈয়া শিক্ষা বেত বাড়ি (কীৰ্ত্তন)
the side of the body; the arm-pit
- কক্ষ-চ্যুতkakṣa-cyutaAdjective
কক্ষৰপৰা আঁতৰি পৰা।
- কক্ষ-ভ্ৰন্তkakṣa-bhrantaAdjective
কক্ষৰপৰা আঁতৰি পৰা।
- কক্ষপথko.khyo.pothAbstract Noun
সূৰ্য্যৰ দৰে মহাজাগতিক কোনো অস্তিত্বক গ্ৰহ, উপগ্ৰহ, মহাকাশ যান আদিয়ে প্ৰদক্ষিণ কৰা, সাধাৰণতে অধিবৃত্তাকাৰ এক পথ
the path, usually elliptical, described by a planet, satellite, spaceship, etc., around a celestial body, as the sun.
- কক্ষলতিko.khyo.lo.tiMaterial Noun
The hollow space under the arm at the shoulder
- কক্ষাkakṣāNoun
দৱঢ় প্ৰতিজ্ঞা; কথাৰ জিদ
determination
- কক্ষাপটko.khya.potMaterial Noun
পুৰুষে কঁকালত পিন্ধা আৰু পদসন্ধিলৈকে ঢকা সৰু কাপোৰৰ টুকুৰা৷
a small-piece male garment, sometimes kept in place by a belt, which covers the genitals and, at least partially, the buttocks.
- কক্ষীয়Proper Adj.
কোনো গ্ৰহ, উপগ্ৰহ বা পাৰমাণবিক কণাৰ কক্ষপথ সমন্ধীয়৷
Pertaining to orbit of a body revolving around another body.