কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পক্ষীৰাজ ঘোঁৰাCommon Noun
গ্ৰীক উপাখ্যানত থকা পাখিযুক্ত ঘোঁৰা৷
Pegasus is one of the best known creatures in Greek mythology. He is a winged divine stallion usually depicted as pure white in color
- পক্ষীৰাজ মণ্ডলProper Noun
আকাশত থকা এটা তাৰকামণ্ডল৷
A constellation in the sky.
- পক্ষীৰৱpo.khyi.ro.woAbstract Noun
সৰু চৰাইৰ শুৱলা মাত
continuous sound of birds
- পক্ষেpakṣeNoun
ফালে; পোনে; . (প্ৰায় ক্ৰি. বিণ.-স্বৰূপে ব্যবহাৰ হয়)।
on the side of; in favour of
- পকৰাpakarāNoun
কপাহৰ চুপহি; কপাহ-ফুলৰ কলি
an unopen pod of cotton; a flower bud of cotton
- পকৰিpo.ko.riMaterial Noun
(মূল অসমীয়া ফুলৰি, পকৰি হিন্দী ’পকৌৰি’ পৰা অহা, পকোৰা অসমীয়াকৰণ)বেচন (ৰ লগত পিয়াঁজ, ফুলকবি, পাতলীয়াকৈ কটা আলুৰ চকল আদিৰ যিকোনো এটা)মিহলাই লগতে কেচা জলকীয়া, নিমখ আদি দি সৰহীয়া তেলত প্ৰায় গোল বা দীঘলীয়া আকৃতিৰে ভজা এবিধ মুখৰোচক খাদ্য৷বহুতে পচলিৰ পৰিবৰ্তে মাংস আদিও মিহলাই দিয়ে
a popular Indian fast food.
- পখpakhaNoun
পক্ষ
a fortnight
- পখলিpakhaliNoun
খুবলি।
- পখলীpo.tho.liMaterial Noun
ঢেঁকিৰ দ্বাৰা শস্য পৰিস্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা কাঠৰ বা শিলৰ খোৰোং |
A block of stone or wood containing a hole in the center for cleaning grain with a <b><i>Dhenki</i></b>.
- পখাpakhāNoun
পাখি।
- পখাল ফুৰ্
শৌচাচাৰ কৰিবলৈ যা; মুকলি ফুৰিবলৈ যা।
- পখালনNoun
ধোবা কাৰ্য্য; কৱদ.
- পখালোঁতা
যি ধোবে।
- পখাল্pakhālTransitive verb
ধো; পানীৰে নিকা কৰ্
to wash; to rinse
- পখাল্po.khalVerb-Trans.
নঘঁহা-নমজাকৈ অলপ পানীৰে ধো ৷
to wash (utensils) without rubbing or using soap, using little water.
- পখিpakhiNoun
গজালি; গাজ
a sprout; a shoot
- পখিলাpakhilāNoun
এবিধ পাখি লগা কীট বা পতঙ্গ
a butterfly; a moth
- পখিলীpo.khi.liProper Adj.
কোনো কামতে (মূখ্যতঃ প্ৰয়োজনীয় কামত) মনপুতি নলগা ।
Not serious enough about important matters.
- পখিয়াpakhiẏāTransitive verb
পাখি গুচা
to strip off feathers
- পখিয়া-পখি
চুলিয়া- চুলি; চুলিত ধৰি আঁজোৰা-আঁজুৰি
the act of pulling each other by hair