কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- একনায়কত্বeko.na.yo.kot.toAbstract Noun
অকল এজনৰ প্ৰভুত্ব
unlimited authority, power, or influence of one person in any group; government in which one person has uncontrolled or unlimited authority over others
- একনায়কত্ববাদe.ko.na.yo.ko.two.badAbstract Noun
একনায়কত্ববাদী নেতাই নেতৃত্ব দিয়া এখন চৰকাৰ
A government led by a dictator or a despot
- একনায়কত্ববাদীe.ko.na.yo.kot.to.ba.diProper Adj.
নিজৰ ইচ্ছামতে শাসন কৰা অত্যাচাৰী শাসকৰ শাসন ব্যৱস্থা৷
a person, especially a ruler, who has unlimited power over other people, and often uses it unfairly and cruelly.
- একনিষ্ঠekaniṣṭhaAdjective
একাগ্ৰ
determined
- একনিষ্ঠাe.ko.nis.thaAbstract Noun
লক্ষ্যৰ পৰা অলপো বিচলিত নোহোৱাকৈ কোনো দিশত চিন্তা কৰা আৰু কঠোৰ পৰিশ্ৰম কৰাৰ সামৰ্থ্য আৰু প্ৰক্ৰিয়া
the ability or the process of thinking about without distraction and working hard in one direction.
- একনুৱাe.ko.nu.waCommon Noun
বনৰীয়া গুণ্ডা হাতী ,চাহনৰ মাজৰ পৰা খেদা খাই অকলশৰীয়াকৈ থাকিবলৈ লোৱা হাতী ।
A wild male elephant living alone being driven away by its sexual rival (possibly dangerous).
- একনৱতিe.ko.no.wo.tiAbstract Noun
নব্বৈতকৈ এক বেছি৷
one more than ninety.
- একনৱতিতমe.ko.no.wo.ti.tomAbstract Noun
নব্বৈতকৈ এক বেছি৷
one more than ninety.
- একপক্ষীয়ekapakṣīẏaAdjective
দুটা বিৰোধী দলৰ মাত্ৰ এটাৰ আবেদন শুনি দিয়া (ৰায়)
ex parte
- একপঞ্চাশতিতমek.pon.sa.xo.ti.tomProper Noun
পঞ্চাশতকৈ এক বেছি ৷
one more than fifty; the symbol denoting 51. (৫১ in Assamese)
- একপঞ্চাশত্ek.pon.sa.xotProper Noun
পঞ্চাশতকৈ এক বেছি ৷
one more than fifty; the symbol denoting 51. (৫১ in Assamese)
- একপঞ্চাশত্তমe.ko.pon.sax.tomProper Noun
পঞ্চাশতকৈ এক বেছি ৷
one more than fifty; the symbol denoting 51. (৫১ in Assamese)
- একপত্নীকek.pot.nikProper Adj.
যি (পুৰুষে) এবাৰ মাত্ৰ বিয়া কৰাইছে ৷
A person (man) who marries once only.
- একপদীek.po.diProper Adj.
এটা ঠেং বা ভৰি থকা বা এটা ঠেঙৰ ওপৰত ঠিয় হোৱা।
having or standing on one leg.
- একপাক্ষিকekapākṣikaAdjective
দুটা বিৰোধী দলৰ মাত্ৰ এটাৰ আবেদন শুনি দিয়া (ৰায়)
ex parte
- একবচনekabacanaNoun
শব্দৰ বা ধাতুৰ এটা বুজোবা ৰূপ
the signular number
- একবস্ত্ৰাekabastrāAdjective
মাত্ৰ এখন কাপোৰ পিন্ধি থকা
wearing only one piece of cloth
- একবাক্যেekabākyeAdverb
বহুত লোকে এক মত হৈ
unanimously; in one voice
- একবিংশe.ko.bing.xoAbstract Noun
বিশতকৈ এক বেছি৷
one more than twenty,the symbol denoting 21(২১ in Assamese)
- একবিংশতিe.ko.bing.xo.tiAbstract Noun
বিশতকৈ এক বেছি৷
one more than twenty,the symbol denoting 21(২১ in Assamese)