কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খৰিয়ালkhariẏālaNoun
হাই-উৰুমি; দন্দ; বাচ্যা-বাচ্যি
an angry broil or dispute
- খৰিয়াল কৰ্kho.ri.yal korVerb-Trans.
বিপৰীত মতামত বা দাবী উত্থাপন কৰ্
to assert an opposing views or claims
- খৰিৰ মুঠাkho.rir mu.thaMaterial Noun
জুই জ্বলাবৰ কাৰণে মুঠা বান্ধি ৰখা, সৰুকৈ কটা কাঠ, দাল আদি।
a bunch or bundle of dried pieces of wood/twigs tied together used for burning on a fire.
- খৰীয়াkharīẏāAdjective
খৰে-খোবা; গাত খৰ ৰোগ থকা
suffering from ringworm
- খৰুবাkharubāAdjective
ওপৰ ওঁঠ মাজতে কটা; ওপৰ ওঁঠ ছিগি দাঁত ওলোবা
having the upper lip cut into two; hair lipped
- খৰুবা-বেঙেনাkharubā-beṅenāNoun
এবিধ ৰাৰমহীয়া সৰু বেঙেনা [ই বৰ বেঙেনাতকৈ সৰু, নীৰস আৰু টান; ইয়াৰ অনেক উপজাতি আছে; যেনে-ছাগলি- শিঙীয়া, পোবাল ইত্যাদি।]
perennial small variety of egg-fruit; Solanu, longum
- খৰুৱাkho.ru.waProper Adj.
ওপৰ ওঁঠৰ মাজ ভাগত প্ৰয়ে নাকৰ মজলৈকে থকা কটা চিন ৷
A cleft is a fissure or opening—a gap upon the lip and cleft. Or it is a cut mark upon the uper lip and under the nose with cleft up to palate.
- খৰে ধৰ্
to be attacked with diarrhoea
- খৰে-খোবাkhare-khobāAdjective
খৰ ৰোগে খোবা; খৰীয়া
suffering from ringworm
- খৰে-খোবা মানুহNoun
a mar suffering from ringworm
- খৰে-ধৰাkhare-dharāNoun
পেটত তাপ আৰু অজীৰ্ণ হৈ ঘনাই শৌচ কৰা ৰোগ
diarrohoea
- খৰ্kharIntransitive verb
বেছি জাল বা ৰ'দ পাই অতিৰিক্তভাবে; শুকা; ৰেছিকৈ শুকাই খুৰ্খুৰীয়া বা মুৰ্মুৰীয়া হ; যেনে-"ধানগাল খৰিল"
to be excessively dried or heated
- খৰ্খৰণি
খৰ্খৰ্ কৰা কাৰ্য্য; অক. ধা. খৰ্খৰা।
- খৰ্খৰিkharkhariNoun
দুবাৰ আদিৰ ভিতৰেদি বতাহ সোমাব পৰাকৈ তাত পথালিকৈ লগাই দিয়া সৰু সৰু তক্তাৰ সঁজুলি।
- খৰ্খৰ্kharkharNoun
তুলা-পাত বা শুকান পাত আদি লৰিলে হোবা শব্দ
an imitative word used to express the rustling sound produced by dry leaves when shaken
- খৰ্গkhargaNoun
খড়্গ
a sword
- খৰ্চনাkharcanāNoun
ঘৰৰ খুঁটা আদি সলাবৰ সময়ত চাল দাঙি ধৰি থাকিবলৈ দিয়া ডাং বা ঢোকা
a prop
- খৰ্চাkharcāNoun
ব্যয়; ভাঙি খাবৰ কাৰণে লগা ধন; ব্যবহাৰ কৰি ঢুকোবা কাৰ্য্য
expense; expenditure
- খৰ্চ্চনাkharccanāNoun
ঘৰৰ খুঁটা আদি সলাবৰ সময়ত চাল দাঙি ধৰি থাকিবলৈ দিয়া ডাং বা ঢোকা
a prop
- খৰ্চ্চাkharccāNoun
ব্যয়; ভাঙি খাবৰ কাৰণে লগা ধন; ব্যবহাৰ কৰি ঢুকোবা কাৰ্য্য
expense; expenditure