কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খৰচি মাৰ্
কোনো খুকুৰি নথকাকৈ কৰ্; বাকী নৰখাকৈ সম্পূৰ্ণৰূপে কৰ্; আগ-গুৰি ভাঙি ক
to leave nothing incomplete; to do fully
- খৰচীAdjective
বৰকৈ খৰচ কৰা; অপব্যয়ী
prodigal
- খৰচীয়াAdjective
খৰচি থকা; ভালকৈ গুড়ি নোহোবা
coarse; not well powdered
- খৰচীয়া বালিkho.ro.si.ya ba.liMaterial Noun
আপেক্ষিকভাৱে ডাঙৰ বা মোটা কণাযুক্ত বালি
sand, composed of relatively large particles
- খৰতকীয়াkhor.to.ki.yaProper Adj.
কম সময়তে বা মুহূৰ্ত্ততে কৰা; অতি বেগাই কৰা, চলা।
sth done or carried out in short time or immediately; acting, moving in high speed.
- খৰতৰkharataraAdverb
বৰ খৰকৈ বা বেগাই
quickly; rapidly
- খৰধৰkhor.dhorProper Adj.
কম সময়তে বা মুহূৰ্ত্ততে কৰা; অতি বেগাই কৰা, চলা।
sth done or carried out in short time or immediately; acting, moving in high speed.
- খৰধৰকৈkhor.dhor.koiAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- খৰপোচkhor.po`sAbstract Noun
কিবা কাম অতি খৰকৈ কৰাৰ প্ৰয়োজনীয়তা৷
urgent need of quick action;
- খৰবাগৰkhor.ba.gorVerbal Noun
1.ভৰি দুটা হাত আৰু মূৰৰ ওপৰলৈ কৰা৷ 2.(আলংকাৰিক ব্যৱহাৰ) কোনো বিষয়ে বা কাৰোবাৰ বিষয়ে হঠাতে আৰু অপ্ৰত্যাশিত ভাবে মতামত সম্পূৰ্ণ ওলোটা কৰা৷
1.a turn/leap in which a person turns upside down (i.e. the feet over the hands an head).2. (figurative use) a complete reversal of opinion over somebody or something.
- খৰবাগৰ মাৰ্khor.ba.gor.marVerb-Intran.
1.(শূন্যতে ঘূৰি) হাত আৰু মূৰ তললৈ কৰি ভৰি ওপৰলৈ ৰাখ্; সম্পূৰ্ণ ওভোটাকৈ ঘূৰা।2.(আলংকাৰিক ব্যৱহাৰ) মতামত বা কথা সম্পূৰ্ণ বদলি কৰ্
to turn over completly in the air.(figerative use) to change opinion completely.
- খৰমkharamaNoun
কাঠৰ পাদুকা; ভৰিত পিন্ধা কাঠৰ সঁজুলি
wooden sandal
- খৰম-ঘুৰীয়াAdjective
তলুবাৰ মাজ ভাগ খৰমৰ সদৱশ অৰ্থাৎ মাটিত নপৰা (ভৰি)
arched
- খৰমানkhor.manAbstract Noun
অংকীয়া নাটৰ গীতৰ তাল বিশেষ ৷
A rythm of music in `Ankiya Bhaouna` or one-act-plays developed by Sri Sankerdeva.
- খৰমিহলিkharamihaliAdjective
সানমিহলি; খেলি-মেলি
mixed up
- খৰমুজkharamujaNoun
এক প্ৰকাৰ ফল; খৰ্মূজা।
- খৰমৰোৱাkhor.mo.ro`.waVerbal Noun
লৰচৰ বা গতি কৰা কাৰ্য ৷
the act of changing location or position
- খৰলাkharalāNoun
চুটি চুটি দাঁতৰ পাৰি থকা ঘোঁৰাৰ নোম আঁচোৰা লোৰ কাকৈ-বিশেষ
a curry-comb
- খৰলিkharaliNoun
নীৰসকৈ ৰন্ধা শাকৰ আঞ্জা
dry curry of herbs
- খৰলি খা
খৰলিৰে ভাত খা; কষ্টেৰে বাস বা প্ৰবাস কৰ্
to live in privations; to suffer inconveniences of living away from home