কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘থ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- থিতাদাহেAdverb
তত্ক্ষণাৎ; থিতাতে; ততালিকে
immediately; directly
- থিতাপি
স্হিতাপি।
- থিতাপি লthi.ta.pi loVerb-Trans.
ভালকৈ ৰাখ্ বা যেনে হ’ব লাগে তেনে কৰ্
to become in proper order or to deal with in proper manner
- থিপ্-থিপীয়াthip-thipīẏāAdjective
চিপ-চিপীয়া; অলপীয়া; ভৰি তল নোযোবা (পানী)
not sufficiently deep even to cover the feet (said of water)
- থিয়thiẏaAdjective
ঠাইতে গৰা; হেলনীয়া নহৈ পোনে পোনে ওখ হোবা
steep; precipitious
- থিয় কৰ্thi.yo korVerb-Trans.
আঠুৱা,পাল, চন্দ্ৰতাপ আদি সাজু কৰি দে৷ উলম্বভাৱে প্ৰতিষ্ঠা কৰ্
to raise and set in an upright or vertical position
- থিয় দি
এখন্তক আহি দেখা দি যা; এখন্তক আহি আকৌ গুচি যা
to pay a flying visit
- থিয় হthiyo hoVerb-Intran.
ভৰিৰ ওপৰত ভৰ দি উলম্ব ভাৱে থাক্ (এজন মানুহ)
(of a person) to be in an upright position on the feet.
- থিয় হোৱাthi.yo ho.waVerbal Adj.
শুই থকা, বহা বা আঁঠু কঢ়া অৱস্থাৰ পৰা উলম্ব অৱস্থালৈ অহা
to get up from a lying, sitting, or kneeling posture; assume an upright position
- থিয় ৰ`দAbstract Noun
ভৰ দুপৰীয়া সময়ৰ চোকা ৰ'দ
the strongest and most direct sunlight of the day at noon
- থিয়- গোৰ
থিয় হৈ ভৰিৰে তললৈ মৰা গোৰ
a kick made by a man standing
- থিয়-কিলNoun
কিলাকুটিটো থিয়কৈ মৰা কিল
a downward stroke with the elbow upright
- থিয়-চবুবাAdjective
পথালি নোহোবা চকু থকা; পোন চকু থকা
having slanting eyes
- থিয়-দঙা দিIntransitive verb
থিয় হ'ব পৰা হ
to be able to stand erect
- থিয়-দুপৰীয়াNoun
ভৰ দুপৰীয়া; মধ্যাহ্ন
midday
- থিয়-পোহাৰীNoun
মানুহৰ ঘৰে ঘৰে বস্ত্ত বেচি ফুৰা তিৰোতা
a female pedlar
- থিয়নামthi.yo.namAbstract Noun
অসমীয়া পৰিৱেশ্য কলা৷ থিয়ই থিয়ই পৰিৱেষণ কৰা বৈষ্ণৱী নাম প্ৰসংগ৷
An Assamese musical artform. It is a performing art.
- থিয়া-থিইthiẏā-thiiNoun
থিয় হৈ অলপ ইফাল-সিফাল কৰি থকা কাৰ্য্য
act of slowly walking to and fro
- থিয়াথিVerbal Noun
থিয় হৈ অলপ ইফাল-সিফাল কৰা কাৰ্য
the act of standing and moving to and fro. It is a common behavior that can be seen in a variety of contexts, such as when someone is waiting for something, thinking about something, or feeling anxious
- থিয়েthiẏeAdverb
ওপৰলৈ পোন হৈ থিয় হৈ
in a standing position