কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ডাইবেটিচdai.be.tisProper Noun
এটা বংশোদ্ভৱ বেমাৰ, সাধাৰণতে তেজত শৰ্কৰাৰ পৰিমাণ বাঢ়ি যায়, ঘনাই প্ৰস্ৰাৱ হয় আৰু শৰীৰত পানীৰ পৰিমাণ কমি যোৱাৰ ফলত অধিক পিয়াহ লাগে ৷
a polygenic disease characterized by abnormally high glucose levels in the blood; any of several metabolic disorders marked by excessive urination and persistent thirst.
- ডাইলḍāilaAdjective
বিষ থকা; বিষাল
poisonous
- ডাউকḍāukaNoun
ঘৰ-শালিকাতকৈ কিছু ডাঙৰ, ক'লা বৰণৰ, দীঘল ডিঙি আৰু ঠেঙৰ এবিধ পানীত চৰি ফুৰা চৰাই
the water hen or the moor hen
- ডাউকীdau.kiProper Noun
ভাৰত পাকিস্থান সীমান্তত থকা মেঘালয়ৰ এখন সৰু চহৰ৷ ইয়াতেই দুখন পাহাৰৰ মাজত থকা দলঙে দুয়ো দেশক সংযোগ কৰিছে৷
Dawki is a town in Jaintia Hills district, Meghalaya, India. It is located at 25°11`0``N 92°1`0``E. It is on the border of India Bangladesh.Dawki-Tamabil is one of the few road border crossings between India and Bangladesh.
- ডাউকীয়াAdjective
ডাউক চৰাইৰ জঁৰ নিচিনা।
- ডাউনলোডVerbal Noun
ইন্টাৰনেটৰ পৰা কোনো বস্তু, ফাইল, তথ্য নিজৰ কম্পিউটাৰলৈ অনা কাৰ্য্য
the act or process of downloading data from one computer system to another, typically over the Internet.
- ডাকḍākaNoun
এজন আগৰ কালৰ জ্ঞানী মানুহ [তেওঁ কৰা ৰচনাবিলাকক ডাক-চৰিত, ডাকৰ বচন বা.
- ডাক টিকটdak ti.kotAbstract Noun
Official stamp affixed to a letter etc. showing the amount of postage paid
- ডাক দি
মতা কুকুৰাৰ দৰে মাৎ
to crow
- ডাক মাচুলdak ma.sulAbstract Noun
Charge for sending a letter etc. by post
- ডাক হৰকৰাdak ho.ro.ko.raCommon Noun
ডাকঘৰৰ চিঠি বিলোৱা মানুহ।
a person who delivers letters.
- ডাক- বঙলা
মফচল বা দূৰৈ ঠাইলৈ যাওঁতে বাটত থাকি যাবলৈ কৰি থোবা ঘৰ
a dark bungalow
- ডাক-খেলḍāka-khelaNoun
এবিধ তাচৰ খেল [ইয়াক বুৰুজৰ দৰে খেলা হয়; কিন্ত্ত বিস্তিৰ দৰে ইয়াত এটি বিশেষ ৰং কাটি লোবা হয়]
a kind of game at cards
- ডাক-গাড়ী
ডাক অনা- নিয়া কৰা গাড়ী
mail-train; mail-coach
- ডাক-ঘৰ
যি ঘৰ বা অফিচত ডাক আনি পোনেই ৰখা হয়, য'ৰপৰা চিঠি আদি বিলোবা হয় আৰু য'ৰপৰা চিঠি আদি আন ঠাইলৈ পঠোবা হয়
post-office
- ডাক-জাহাজ
ডাক অনা-নিয়া কৰা জাহাজ
mail steamer
- ডাক-প্ৰবচনdak-pro.bo.sonAbstract Noun
ডাক নামৰ ঐতিহাসিক, জ্ঞানী পুৰুষে জীৱন আৰু সংসাৰৰ বিভিন্ন দিশৰ বিষয়ে কৈ যোৱা এলানি ব্যৱহাৰিক জ্ঞানেৰে সমৃদ্ধ উপদেশবাণী৷
a set of wise sayings on different aspects of life and livings by a legendary person called Dak.
- ডাক-বাকচdak-ba.kosMaterial Noun
কোনো ঠাইলৈ চিঠি প্ৰেৰণ কৰিবলৈ সাধাৰণ ৰাইজৰ কাৰণে ৰখা এটা বাকচ৷
<br>[a]a public box in which mail is placed for pickup and delivery by the post office. <br>[b] a private box, as at a home, into which mail is delivered by the mail carrier.
- ডাক-ভণিতা
বোলে।]
an ancient sage
- ডাকঘৰdak.ghorMaterial Noun
ডাক বিভাগৰ কাৰ্যলয়৷ ইয়াত চিঠি-পত্ৰ পঠিয়াবৰ বাবে জমা কৰিব পাৰি, ডাক-টিকত কিনিব পাৰি৷
an office or station of a government postal system at which mail is received and sorted, from which it is dispatched and distributed, and at which stamps are sold or other services rendered.