কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ই’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ইজৰাইলij.railProper Noun
পশ্চিম এচিয়াৰ ভূমধ্য সাগৰৰ পাৰৰ এখন দেশ৷
A country in Western Asia, situated at the southeastern shore of the Mediterranean Sea. It shares land borders with Lebanon to the north.
- ইজৰাইলীij.rai.liProper Noun
ইজৰাইল নামৰ দেশৰ বাসিন্দা৷
a citizen of Israel.
- ইঞ্চিiñciNoun
এক ফুটৰ বাৰ ভাগৰ এভাগ।
inch
- ইঞ্জিনiñjinaNoun
গতি ল'ব পৰা যন্ত্ৰ-বিশেষ।
engine
- ইঞ্জিনিয়াৰin.ji.ni.yarCommon Noun
আভিযান্ত্ৰিক বিজ্ঞানৰ যিকোনো শাখাৰ ব্যৱহাৰিক জ্ঞান থকা এজন ব্যক্তি।
A person skilled in the principles and practice of any branch of engineering sciences.
- ইটাiṭā
ঘৰ আদি সাজিবৰ কাৰণে খচি আৰু সাঁচত মাৰি পোৰা মাটি
brick
- ইটা ভটাi.ta bho.taMaterial Noun
ইটা বনোৱা ঠাই।
klin where bricks are made.
- ইটা ভাটাi.ta bha.taMaterial Noun
ইটা বনোৱা ঠাই।
klin where bricks are made.
- ইটা-খলিiṭā-khaliNoun
ইটা মাৰিবৰ আৰু পুৰিবৰ কাৰণে চিকুণাই লোবা খোলা
a brick-field
- ইটা-গুড়িiṭā-guṛiNoun
ইটা ভাঙি কৰা ধূলি; চুৰকি
brick-dust; soorki
- ইটা-গুড়িৰAdjective
অৰ্থাৎ ৰঙচুবা বৰণৰ
reddish; like the colour of brick-dust
- ইটাখলিi.ta.kho.liMaterial Noun
ইটাভটা থকা ঠাই, পথাৰ।
a field where bricks are made.
- ইটাখুলিi.ta.khu.liMaterial Noun
ইটাভটা থকা ঠাই, পথাৰ।
a field where bricks are made.
- ইটানগৰProper Noun
উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰ৷
Capital of Arunachal Pradesh in North-East India
- ইটালীi.ta.liProper Noun
দক্ষিণ ইউৰোপৰ এখন দেশ৷
Italy, officially the Italian Republic, is a unitary parliamentary republic in Southern Europe.
- ইটালীয়ানi.ta.li.yanProper Adj.
ইউৰোপীয় দেশ ইটালী সম্বন্ধীয়
Pertaining to the European country of Italy.
- ইটিiṭiAdjective
এইটি (ওচৰত থকা সৰু বা আদৰৰ বস্ত্ত বা মানুহ)
(small or lovely person or thing)
- ইটোiṭoAdjective; Pronoun
এইটো (ওচৰৰ বস্ত্ত বা মানুহ)
this
- ইটো-সিটোi.to-xi.toAdposition
কোনো নিশ্চিত নথকা; এটা, দুটা বা বহুতো ৷
One or some or every or all without specification.
- ইটো-সিটোকi.to`-xi.to`kPronoun
কোনো কোনো ব্যক্তিক
this or that person, i.e. randomly to some persons