কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চাৰিওফালেcāriophāleVerb; Noun
চতুৰ্দিশে
all around
- চাৰিকড়ীয়াsa.ri.ko.ri.yaProper Noun
ব্ৰহপুত্ৰৰ উত্তৰ পাৰে ধেমাজিৰ টকুৱাখনাৰ মাজেৰে বৈ যোৱা এখন উল্লেখযোগ্য উপনৈ৷
A tributary of Brahmaputra in north bank flowing through Dhakuakhana of Dhamaji.
- চাৰিখনীয়াcārikhanīẏāNoun
অধিকাৰৰ গাদীত পৰা ঢাৰি, ফঠ, থঙা, বানত, এই চাৰিটা বস্ত্ত।
- চাৰিঙীয়াcāriṅīẏāNoun
আহোম ৰজাৰ দিনৰ এটা কাঁড়ী খেলৰ নাম [আদিতে এইবিলাক মানুহ চাৰিং নামেৰে এখন ঠাইৰপৰা অনা হৈছিল।]।
- চাৰিঙীয়া দুৱাৰsa.ri.ngi.ya du.warProper Noun
অসম আৰু নাগালেণ্ডৰ মাজত অহা-যোৱাৰ বাবে কেইবাখনো দুৱাৰ আছিল আৰু আজিও আছে৷ এইবোৰৰ নাম চাৰিঙীয়া দুৱাৰ, হাতীগড়ীয়া দুৱাৰ ইত্যাদি৷ এই দুৱাৰ আৰু খাটবোৰৰ জৰিয়তে, অসমীয়া আৰু নগাৰ মাজত, বিনিময় প্ৰথাত বেপাৰ-বাণিজ্য চলিছিল আৰু এনেকৈয়ে অসমীয়া ভাষাটো নগাৰ মাজত উমৈহতীয়া ভাষাত পৰিণত হৈছিল৷ চাৰিং দুৱাৰ নহয়, হ`ব লাগে `আচিৰিঙীয়া দুৱাৰ` ৷ আছিৰিঙিয়া দুৱাৰখন বৰ্তমানৰ `ছেৰিং` গাঁৱত অৱস্থিত বাবে বহুতে চাৰিঙীয়া বোলে ৷ নামনিৰ ছেৰিং গাঁৱৰ পৰা নকপুহৈ আছিৰিং গাঁৱৰ লৈকে পথটোৰ নিৰ্মাণ গদাধৰ সিংহই কৰোৱায়ছিল
A place in Sibsagar district of assam bordering Nagaland; It is an entrance to Nagaland.
- চাৰিচকীয়াsa.ri.so.ki.yaProper Adj.
চাৰিটা চকা থকা|
having four wheels.
- চাৰিচুকীয়াsa.ri.su.ki.yaAbstract Noun
এটা আয়তক্ষেত্ৰ, যাৰ আটাইকেইটা বাহু সমান
a rectangle having all four sides of equal length
- চাৰিঠেঙ্গীয়াsa.ri.theng.giyaProper Adj.
চাৰিখন ঠেং থকা জন্তু|
An animal, especially a mammal, having four feet.
- চাৰিত্ৰিকsa.ri.trikProper Adj.
চৰিত্ৰ সম্বন্ধীয় বা নৈতিক চৰিত্ৰৰ সৈতে জড়িত
of or relating to one`s moral character
- চাৰিত্ৰিক ক্ৰটিAbstract Noun
চৰিত্ৰৰ এটা দোষ যিয়ে এখন কৰুণ নাটকত নায়কৰ পতনৰ সৃষ্টি কৰে
a fault in character that brings about the downfall of the hero in a tragic drama
- চাৰিত্ৰিক বৈশিষ্ট্যAbstract Noun
এজন ব্যক্তি বা জন্তুৰ প্ৰকৃতি, বিশেষকৈ যিদৰে ই সিহঁতৰ আচৰণত স্থায়ীভাৱে প্ৰভাৱ পেলায়৷
a person`s or animal`s nature, especially as it permanently affects their behaviour.
- চাৰিতৰপীয়াAdjective Adj.
চাৰিটা অংশেৰে গঠিত
consisting of four parts
- চাৰিপৰীয়াsa.ri.po.riyaProper Adj.
চাৰি পৰ থকা (দিন বা ৰাতি)৷
Consisting of four praharas or watches (as in a day or in a night).
- চাৰিভাগৰ এভাগsa.ri.bha.gor e.bhagProper Adj.
চাৰিভাগৰ এক অংশ।
one out of four equal parts.
- চাৰিসন্ত্ৰীয়াcārisantrīẏāAdjective
আহোম ৰজাই স্হাপন কৰা অসমৰ চাৰিখন (আউনীআটি, দক্ষিণপাট, গড়মূৰ আৰু কুৰুবাবাহী) প্ৰধান সন্ত্ৰ-সম্পৰ্কীয়
pertaining to the group of four sattras of Assam, viz., Aunīāti, Dakṣiṇpāt, Gaḍamūr, Kuruwābāhī
- চাৰিয়েকcāriẏekaAdjective
চেৰেক; চাৰিওকৈ অলপ কম বা বেছি; চাৰিটামান; অনিশ্চিত সংখ্যাৰ কিছু
little less or more than four in number; a few; some
- চাৰীcārīAdjective
সামান্যা বা নীচ তিৰোতা, "নিলাজী বৈৰিণীচাৰী মৰিবাক যাহা" (মা. ক., অযোধ্যাকাণ্ড)।
- চাৰুcāruNoun
উত্তম; সুন্দৰ
beautiful; elegant
- চাৰুকলাsa.ru.ko.laAbstract Noun
ছবি অঁকা, চিত্ৰকলা, ভাস্কৰ্য্য আদি সৃজনীমূলক কলা, যিবিলাক বিশেষকৈ সৌন্দৰ্য্য প্ৰকাশৰ বাবে সৃষ্টি কৰা হয়।
forms of creative art like painting, drawing and sculpture that are created to be beautiful and aesthetically appealing rather than useful.
- চাৰুতাsa.ru.taAbstract Noun
মানুহ বা বস্তুৰ এনে এক গুণ, যি ইন্দ্ৰিয়ানুভূতিৰ জৰিয়তে গভীৰ আনন্দ বা পৰিতুষ্টি প্ৰদান কৰে।
the quality present in a thing or person that gives intense pleasure or deep satisfaction to the mind, whether arising from sensory manifestations.