কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰক্ষণমূলকro.khyon.mu.lokAdjective Adj.
কাৰোবাক বা কিহবাক আক্ৰমণৰ পৰা ৰক্ষা কৰা কিন্তু নিজে প্ৰথমে আক্ৰমণ নকৰা (নীতি, কৌশল)৷
protective or protecting somebody/something against an attack
- ৰক্ষণশীলAdjective
পূৰ্ব্বৰ ৰীতি-নীতিমতে চলা; পৰিবৰ্ত্তন-বিৰোধী
conservative
- ৰক্ষণশীলতাro.khyon.xi.lo.taAbstract Noun
নতুন কিবা এটা কৰিবলৈ বা হঠাত্ পৰিবৰ্তনৰ পোষকতা নকৰা, স্থিতাৱস্থা বজায় ৰখাৰ আগ্ৰহ৷
The disposition and tendency to avoid change.
- ৰক্ষণাবেক্ষণrakṣaṇābekṣaṇaNoun
সাবধানে ৰক্ষা কৰা কাৰ্য্য
protection
- ৰক্ষণীয়Adjective
ৰক্ষা বা পালন কৰিব লগা
to be preserved or protected
- ৰক্ষাrakṣāNoun
আপদ বা কষ্টৰপৰা উদ্ধাৰ
protection from danger or trouble
- ৰক্ষা কৰ্
to save; to protect
- ৰক্ষা কৰ্ro.khya korVerb-Trans.
কোনো ব্যক্তিক বিপদজনক বা অৱৰুদ্ধ অৱস্থাৰ পৰা আঁতৰাই সুৰক্ষিত স্থানলৈ অনা
to transport somebody from a dangerous or trapped location to a safer location
- ৰক্ষা পাro.khya paVerb-Intran.
বিপদৰ পৰা এৰা পৰ্ অথবা ক্ষতি নোহোৱাকৈ থাক্
to succeed in avoiding (any threatened or possible danger or evil)
- ৰক্ষা পৰ্ro.khya porVerb-Intran.
বিপদৰ পৰা এৰা পৰ্ অথবা ক্ষতি নোহোৱাকৈ থাক্
to succeed in avoiding (any threatened or possible danger or evil)
- ৰক্ষা বন্ধনro.khya bon.dhonProper Noun
বায়েক, ভনীয়েকৰ সৈতে ভায়েক আৰু ককায়েকৰ মধুৰ সম্পৰ্ক উদযাপন কৰি পতা এটা হিন্দু উৎসৱ৷ এইদিনা ভনীয়েক বা বায়েকে ভায়েক আৰু ককায়েকৰ হাতৰ বন্ধনীত ৰাক্ষী বান্ধি তেওঁলোকৰ সুৰক্ষা কামনা কৰে আৰু ককায়েক ভায়েকেও বায়েক, ভনীয়েকক সকলো সময়তে নিৰাপত্তা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে৷
A Hindu festival that celebrates the relationship between brother and sister. On this day sisters tie a rakhi (a type of decorated wristlet) on the wrist of their brothers who reciprocate it with a pledge to protect them. This festival reinforces the firm and loving relationship between sisters and brothers.
- ৰক্ষা বান্ধ্
শৰীৰৰ কোনো ঠাইত মন্ত্ৰ-যুক্ত পানী মাৰি কবচ বান্ধি ভূত-পিশাচৰ ভয়ৰপৰা ৰক্ষা কৰ্; যেনে-"বাৰ অঙ্গে ৰক্ষা বান্ধিলেক বাৰ নামে" (দশম)
to ensure protection by means of incantation or charm
- ৰক্ষা-\ মন্ত্ৰNoun
যি মন্ত্ৰই ভূত-পিশাচৰ আক্ৰমণৰপৰা ৰক্ষা কৰে
protective incantation or charm
- ৰক্ষা-কৰোঁতাro.khya-ko.ro`~.taCommon Noun
বিপদ আদিৰ পৰা ৰক্ষা কৰোঁতা ব্যক্তি
Person who saves from danger etc.
- ৰক্ষাকবচro.khya.ko.bosMaterial Noun
পানীত নুডুবাকৈ থাকিবলৈ পিন্ধা এটি বিশেষ চোলা৷
a sleeveless jacket of buoyant or inflatable construction, for supporting the wearer in deep water and preventing drowning
- ৰক্ষাকৰ্ত্তাro.khya.kor.taCommon Noun
বিপদ আদিৰ পৰা ৰক্ষা কৰোঁতা ব্যক্তি
Person who saves from danger etc.
- ৰক্ষিতাFeminine
পালিতা; উপপত্নী।
- ৰক্ষীrakṣīNoun
ৰখীয়া; বা ৰাখোঁতা
a protector; a guard
- ৰক্ষীয়াrakṣīẏāAdjective
ৰক্ষা কৰা; পৰ দি থকা; যেনে-"ধনুৰ্ভঙ্গ ৰক্ষীয়া সেনাৰ শুনি বধ" (দশম)
keeping guard
- ৰক্ষ্rakṣTransitive verb
ৰাখ্।