কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সংখ্যানAbstract Noun
কোনো বস্তুৰ সংখ্যা কিমান নিৰ্ধাৰণ কৰা কাৰ্য্য৷
The act of computing or calculating.
- সংখ্যাবাচকAdjective
লেখ বুজোবা (শব্দ)
denoting number
- সংখ্যাবোধক বিশেষকAbstract Noun
বিশেষ্য পদ এটাৰ আগত বহি তাৰ পৰিমাণ নিৰ্দিষ্ট কৰা এক শব্দ বা নিৰ্ণায়ক
a word or determiner that show the amount of a noun by sitting before it
- সংখ্যামানVerb-Trans.
কোনো আহিলাৰ সহয়াত কোনো ৰাশি যেনে দৈৰ্ঘ, পুতল বা ওজনৰ পৰিমাণ কৰ৷
to determine a parameter like length, weight etc by means of a measuring device.
- সংখ্যালঘিষ্ঠ
সংখ্যাত কম।
- সংখ্যালঘূxong.khya.lo.ghuProper Adj.
তুলনামূলকভাৱে কম অংশ বা সংখ্যা; সমগ্ৰ বা মুঠৰ আধাতকৈ কম থকা সংখ্যা, ভাগ বা পৰিমাণ
the smaller part or number; a number, part, or amount forming less than half of the whole.
- সংখ্যাহীনProper Adj.
বিশাল সংখ্যা বা পৰিমাণত
in large numbers or quantities
- সংগxong.goAbstract Noun
ওচৰত বন্ধু-বান্ধৱ, সহযোগী আৰু পৰিয়ালৰ লোকৰ উপস্থিতি
the presence of friends, partners & family members around
- সংগঠকxong.go.thokCommon Noun
যি সংগঠিত কৰে বা আয়োজন কৰে |
One who organize something
- সংগঠনsaṅgaṭhanaNoun
ভালকৈ গঠন কৰা কাৰ্য্য
organisation
- সংগঠিতxong.go.thi.toVerbal Adj.
এক নিৰ্দ্দিষ্ট পদ্ধতি অনুসাৰে শৃংখলিত বা সজ্জিত
arranged according to a particular system
- সংগঠিত কৰ্xong.go.thi.to korVerb-Trans.
শৃংখলাৱদ্ধ কৰা, যথোপযুক্তভাৱে ৰখা বা ব্যৱস্থা কৰা
To put in proper order, to dispose (persons, or parts) in the manner intended, or best suited for the purpose; as, troops arranged for battle.
- সংগণক যন্ত্ৰxong.go.nok jon.troMaterial Noun
গণনা কৰিব পৰা এবিধ বৈদ্যুতিন আহিলা। এবিধ বৈদ্যুতিন আহিলা যাৰ সহায়ত গাণিতিক আৰু যৌক্তিক কাৰ্য্যপ্ৰণালী ক্ষিপ্ৰতাৰে কৰিব পাৰি অথবা যিয়ে তথ্য (ইনফৰ্মেচন্) সংসাধন (প্ৰ’চেচ্) কৰিব অথবা সাঁচি থ’ব পাৰে।
A device that computes, especially a programmable electronic machine that performs high-speed mathematical or logical operations or that assembles, stores, correlates, or otherwise processes information.
- সংগণনাxong.go.no.naAbstract Noun
অঙ্কশাস্ত্ৰৰ অথবা তাৰ সম্বন্ধ থকা কোনো প্ৰশ্ন সমাধান কৰিবলৈ ব্যৱহাৰ কৰা এক গাণিতিক অথবা যুক্তিসন্মত প্ৰথা |
The procedure of calculating; determining something by mathematical or logical methods.
- সংগতxong.gotProper Adj.
প্ৰয়োজন বা পৰিস্থিতিৰ সৈতে খাপ খোৱা বা মিলা
adapted or appropriate to the purpose or circumstances
- সংগতকাৰীxong.got.ka.riCommon Noun
গীত, নৃত্য বা বাদ্যৰ মুখ্য পৰিবেশনকাৰীক সংগত কৰা সহযোগী গায়ক, বাদক বা নৰ্তক, নৰ্তকী
a supporting musician who plays an instrument or sings when sombody else plays or sings the main part of the music
- সংগতবাদকxong.got.ba.dokCommon Noun
গীত, নৃত্য বা বাদ্যৰ মুখ্য পৰিবেশনকাৰীক সংগত কৰা সহযোগী গায়ক, বাদক বা নৰ্তক, নৰ্তকী
a supporting musician who plays an instrument or sings when sombody else plays or sings the main part of the music
- সংগতিxong.go.tiVerbal Noun
দুটা বা ততোধিক বস্তৰ, ঘটনা অথবা মানুহৰ মাজত থকা সম্পৰ্ক|
A relation between things or events (as in the case of one causing the other or sharing features with it).
- সংগতিপূৰ্ণxong.go.ti.pur.noProper Adj.
হাতত লোৱা বিষয়টোৰ সৈতে সম্পৰ্ক থকা
Bearing on or having reference to the matter in hand
- সংগতিবিহীনProper Adj.
মূল বিষয়ৰ লগত সম্পৰ্ক নথকা বা তাৰ সৈতে খাপ নোখোৱা|
Not connected with the main subject.