কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চকু লগাso.ku lo.gaVerbal Adj.
যাক দেখিলে মনত আনন্দ লাগে।
lovely or pleasing to behold.
- চকু ৰাখ্
সাবধান ল; দেখি থাক্
to take care; to keep an eye on
- চকু ৰোবা, চকু লগা, চকুত লগাAdjective
শুবনী
attractive
- চকু ৰোৱাso.ku ro’.waVerbal Adj.
যাক দেখিলে মনত আনন্দ লাগে।
lovely or pleasing to behold.
- চকু-কোত
"কোত" চোবাঁ।
- চকু-চালিAdjective
যাৰ চকু টিপটিপাই থাকে।
- চকু-টোকাAdjective
চকুচৰহা; পৰৰ উন্নতি দেখি চকুৰ পানী টোকা; পৰশ্ৰীকাতৰ
envious
- চকু-দানNoun
নতুনকৈ সজা প্ৰতিমাৰ চকুত ৰং বা অঞ্জন দি তাৰ প্ৰাণ-প্ৰতিষ্ঠা কৰা কাৰ্য্য
the ceremony of anointing the eyes of an idol at the time of consecration
- চকু-নোম
চকুৰ পিৰিকটিৰ নোম
eye- lash
- চকু-পোন্দাইso.ku-po`n.daiAdverb
চকু ডাঙৰ কৰি (চা)
(look) with eyes widely open
- চকু-মুদা কুলি
ফাঁকি দি খোবা মানুহ; প্ৰবঞ্চক
a cheat; a deceiver
- চকু-লোবাAdjective
গঁঠীয়া; বেছি গাঁঠি লগা (বাঁহ)।
- চকুচৰহাso.ku so.ro.haProper Adj.
আনৰ বেয়া হোৱাটো বাঞ্ছা কৰা অথবা আনৰ সৌভাগ্য দেখি অসুখী হোৱা৷
Wishing evil to others or unhappy at others good fortune
- চকুটিপ মাৰ্so.ku.tip marVerb-Intran.
to momentarily close the eye-lids.
- চকুঢৰহাNoun
মানুহৰ চকুত সোমাই দুখ দিয়া এবিধ উৰি ফুৰা সৰু পোক
a small insect which gets into the eyes
- চকুত ধূলি মাৰso.kut dhu.li marVerb-Trans.
অসাধুভাৱে কাম কৰা; মিছা ভাও দিয়া।
to act dishonestly; practice fraud.
- চকুত ধৰ্
বৰ জিলিকনি বা তাপৰ দ্বাৰায় চকুত আঘাত কৰ্ বা দুখ দি
to dazzle
- চকুত পৰাso.kut.po.raVerbal Adj.
যাক দেখিলে মনত আনন্দ লাগে।
lovely or pleasing to behold.
- চকুত পৰ্
দৱষ্টি-গোচৰ হ
to appear; to be seen
- চকুত বালি মাৰ্
ফাকি দি; প্ৰবঞ্চনা কৰ্
to deceive; to cheat