কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘনশ্যামghanaśyāmaAdjective
মেঘৰ নিচিনা শ্যাম-ক'লা
black like the cloud
- ঘনাghanāTransitive verb
ঘন কৰ্; ডাঠ কৰ্
to thicken
- ঘনাইghanāiAdverb
ঘনকৈ।
- ঘনাই ঘনাইgho.nai gho.naiAdverb
কম সময়ৰ ভিতৰত বাৰে বাৰে হৈ বা ঘটি
occurring repeatedly in a short span of time
- ঘনাঙ্কgho.nang.koAbstract Noun
ত্ৰিঘাত যুক্ত সংখ্যা
raised to the power three
- ঘনাবৃতgho.na.bri.toProper Adj.
মেঘেৰে ঢাকি থকা আকাশ
Full of or covered with clouds.
- ঘনাশ্ৰয়gho.na.sroyAbstract Noun
ভুপৃষ্ঠৰ পৰা দেখা পোৱা বায়ুমণ্ডল, মহাকাশ আৰু তাত থকা বিভিন্ন বস্তু যেনে - ডাৱৰ, তৰা, চন্দ্ৰ, বেলি আদি
the atmosphere and outer space as viewed from the earth
- ঘনায়মানghanāẏamānaAdjective
যিটো ঘন বা ডাঠ হৈছে
thickening
- ঘনিষ্ঠghaniṣṭhaAdjective
বৰ ওচৰা-উচৰি
nearest; very close
- ঘনিষ্ঠতাNoun
ঘনিষ্ঠতা বা বৰ ওচৰা-উচৰি হোবা অবস্হা বা গুণ
close proximity
- ঘনীghanīNoun
ঘগৰাৰ গঢ়ৰ কিন্ত্ত তাতকৈ কিছু সৰু আৰু তাৰ বিন্ধাতকৈ সৰু সৰু বিন্ধাৰে বাঁহৰ কাঠীৰে কৰা মাছ ধৰা যতন
a bamboo fish trap
- ঘনীভবনgho.ni.bho.bonAbstract Noun
গেছীয় বা তৰল পদাৰ্থ ঘন হোৱা প্ৰক্ৰিয়া
The phenomenon in which something like gas or liquid gets denser.
- ঘনীভূতghanībhūtaAdjective
ঘন হৈ বা চাপ খাই সৰু হোবা; যেনে-"ঘনীভূত হৈয়া ৰৈল ব্ৰহ্মাৰ প্ৰতিমা" (মিশ্ৰ-গীতা)
thickened or condensed into a small mass
- ঘনীভূত কৰ্gho.ni.bhut korVerb-Trans.
জুলীয়া বস্তু তপতাই ঘন কৰ্
to increase density by removing the water content by boiling
- ঘনীভূত গাখীৰgho.ni.bhu.to ga.khirMaterial Noun
গাখীৰত থকা পানীভাগ আঁতৰাই ঘন কৰা এবিধ মিঠা গাখীৰ ।
Cow's milk with sugar added, reduced by evaporation to a thick consistency.
- ঘনীভূত পদাৰ্থৰ পদৰ্থবিজ্ঞানAbstract Noun
ঘনীভূত পদাৰ্থৰ পদৰ্থবিজ্ঞান
ঘনীভূত পদাৰ্থৰ পদৰ্থবিজ্ঞান
- ঘনীভূত হ্gho.ni.bhut hoVerb-Trans.
গভীৰ হ বা কৰি তোল্; যেনেঃ মানুহজনৰ ওপৰত তাৰ সন্দেহ ঘনীভূত হ`ল।
To make or become deep or deeper
- ঘনীভৱণ বিক্ৰিয়াAbstract Noun
ঘনীভৱণ বিক্ৰিয়া
ঘনীভৱণ বিক্ৰিয়া
- ঘনেghaneAdverb
ঘনকৈ।
- ঘনে ঘনেAdverb
ঘনে পতি; পাকে পতি; পাকে পাকে; বাৰে বাৰে
again and again; repeatedly