কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দীঘলাdi.gho.laVerb-Trans.
কিহবাক আগতকৈ দীঘল কৰা৷
to make something longer.
- দীঘলী-বাটdīghalī-bāṭaNoun
বৰৰ কোঠালিৰ মাজত থকা দীঘল ঠেক বাট
a long and narrow path leading to different rooms; a corridor
- দীঘলী-শালdīghalī-śālaNoun
নাও-শালি
dock-yard; a place for the construction of boat
- দীঘলীয়াdīghalīẏāAdjective
দীঘল আকৱতিৰ; পথালিতকৈ দীঘে অধিক থকা
long, or having length
- দীঘলেAdverb
দীঘে
in length
- দীঘাdīghāNoun
দীৰ্ঘতা; দীঘলৰ জোখ বা পৰিমাণ
length
- দীঘিdīghiNoun
ডাঙৰ-দীঘল পুখুৰী; বিল
a large tank; a small lake
- দীঘে দীঘেAdverb
দীঘলে।
- দীনdīnaAdjective
দৰিদ্ৰ; দুখীয়া
poor
- দীন-দয়ালdi.no-do.yalProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- দীন-হীনdin-hinProper Adj.
যাৰ টকা-পইচা আৰু সম্পত্তি নাই
one who lacks money and wealth
- দীনতাdi.no.taAbstract Noun
পইচা-পাতি, সম্পত্তি আদি নথকা অৱস্থা।
the state of having very less wealth or money.
- দীননাথdīnanāthaNoun
দীন বা দৰিদ্ৰৰ আশ্ৰয়
a friend of the poor
- দীনবন্ধুdīnabandhuNoun
দীন বা দৰিদ্ৰৰ আশ্ৰয়
a friend of the poor
- দীনশৰণdīnaśaraṇaNoun
দীন বা দৰিদ্ৰৰ আশ্ৰয়
a friend of the poor
- দীনেশAbstract Noun
বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷
A being conceived as the perfect, omnipotent, omniscient originator and ruler of the universe
- দীপdīpaNoun
জলোবা চাকি; প্ৰদীপ; বান্তি
a lamp
- দীপ-কাঠিdip-ka.thiMaterial Noun
এটা মূৰত ৰাসায়নিক পদাৰ্থ লেপি তৈয়াৰ কৰা কাঠ, বাঁহ বা আন কোনো দাহ্য বস্তুৰ সৰু কাঠি, যাক টান বা ৰাসায়নিক দ্ৰব্যৰে তৈয়াৰ কৰা বিশেষ পৃষ্ঠত ঘঁহি জুই সৃষ্টি কৰিব পাৰি।
a slender piece of wood, cardboard, or other flammable material tipped with a chemical substance that produces fire when rubbed on a rough or chemically prepared surface
- দীপ-কাঠীNoun
এমূৰত গন্ধক আদি মচলা লগোবা আৰু তাক ঘঁহা মাৰিলে জুই উঠা কাঠী; জুই-শলা; জুই-বাহৰ কাঠী
a match
- দীপ-চকু
দিব-চকু।