কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰক্তসমষ্টিCommon Noun
এ, বি, অ' আদি মানুহৰ তেজৰ বিভিন্ন সমষ্টিগত ৰূপ
group of various types of human blood like A, B, O
- ৰক্তস্ৰাবraktasrābaNoun
তেজ ওলোবা বা বৈ যোবা কাৰ্য্য
discharge of blood; hoemorrhage; bleeding
- ৰক্তহীনProper Adj.
দেহত হিম'গ্ল'বিনৰ পৰিমাণ কমি যোৱা
Decreased level of hemoglobin in the body
- ৰক্তহীনতাrok.to.hi.no.taAbstract Noun
দেহত লোহিতৰক্তকণিকা বা হিম’গ্ল’বিনৰ অভাৱত তেজৰ অক্সিজেন বহন ক্ষমতা কমি যোৱাৰ ফলত উদ্ভৱ হোৱা শেঁতা বা দুৰ্বল অৱস্থা।
A medical condition in which the capacity of the blood to transport oxygen to the tissues is reduced, either because of too few red blood cells, or because of too little haemoglobin, resulting in pallor and fatigue.
- ৰক্তাক্তraktāktaAdjective
তেজেৰে আৰ্দ্ৰ বা তিতা; তেজ লাগি ৰঙা হোবা
ameared with blood
- ৰক্তাধাৰMaterial Noun
গছ বা জীৱ-জন্তুৰ শৰীৰৰ স্ৱাভাৱিক আৱৰণ
the external covering or integument of a tree, person or animal body.
- ৰক্তাধিক্যAbstract Noun
দেহত তেজৰ পৰিমাণ বৃদ্ধি হোৱা অৱস্থা
Increased blood volume in the body
- ৰক্তাভrok.tabhProper Adj.
অলপ ৰঙা, আংশিক ৰঙা ৰঙেৰে বোলোৱা
somewhat red, tending to red or tinged with red
- ৰক্তাম্বু বিজ্ঞানCommon Noun
মানুহৰ দেহৰ পৰা প্ৰতিনিয়ত নিৰ্গত হোৱা ৰসে কেনেদৰে ৰোগ প্ৰতিৰোধ কৰে তাক অধ্যয়ন কৰা বিজ্ঞানৰ এক শাখা।
a branch of science that studies how the juices, that constantly releases from human body, prevent disease
- ৰক্তাশয়rok.ta.xoyMaterial Noun
ছন্দোময় সংকোচন আৰু সম্প্ৰসাৰণৰ দ্বাৰা তেজৰ সঞ্চালন চলাই ৰখা ফোপোলা মঙহাল অঙ্গ
Hollow muscular organ maintaining the circulation of blood by rythmic contraction and dilation
- ৰক্তিমrok.timProper Adj.
of, pertaining to, or resembling blood; containing or composed of blood
- ৰক্তিমাraktimāNoun
ৰঙা বৰণ
the red colour
- ৰক্তিমাভrok.ti.mabhProper Adj.
অলপ ৰঙা, আংশিক ৰঙা ৰঙেৰে বোলোৱা
somewhat red, tending to red or tinged with red
- ৰক্তোৎপলraktotpalaNoun
ৰঙা পদুম
the red lotus; Nymphoea rubra
- ৰক্তৰঞ্জকMaterial Noun
মেৰুদণ্ডী প্ৰাণীৰ লোহিত ৰক্ত কণিকাত থকা ৰঙা, শ্বসনৰ লগত জড়িত ৰঞ্জক পদাৰ্থ ।
A red substance in the blood that carries Oxygen and contains Iron.
- ৰক্তৰঞ্জিতrok.to.ron.jitProper Adj.
তেজেৰে ৰঙা হৈ থকা৷ অতিমাত্ৰাত তেজ আৰু হিংসা জড়িত৷
Involving bloodshed; besmeared in blood; that involves/shows lot of blood and/ or violence.
- ৰক্তৰসMaterial Noun
তেজৰ জুলীয়া অংশ৷
Blood plasma is the pale yellow liquid component of blood that normally holds the blood cells in whole blood in suspension; this makes plasma the extracellular matrix of blood cells. It makes up about 55% of the body's total blood volume.
- ৰক্ষrakṣaNoun
ৰাক্ষস; যেনে-"অসুৰ মানুহৰ যক্ষ ৰক্ষ পিশাচৰ" (মা., আদিকাণ্ড)।
- ৰক্ষকNoun
ৰক্ষা কৰোঁতা; পৰ দিওঁতা; সাবধান লওঁতা; পালন কৰোঁতা
a protector; a guard; a keeper
- ৰক্ষণNoun; Adjective
ৰক্ষিত।