কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নগা মাতno.ga-matVerb-Trans.
অজ্ঞতা প্ৰকাশ কৰ্
Declare as untrue or non existant
- নগা-ওদাল
ওদাল গছৰ এটা উপজাতি
a kind of forest tree; Pterospermum acerifolium
- নগা-ঘা
এবিধ বেগতে নুশুবা ঘা।
- নগা-চকলা
চকলা-টেঙাৰ সদৱশ কিন্ত্ত তাতকৈ অলপ সৰু টেঙা আৰু তাৰ গছ; নগা-জিলি এবিধ সৰু জাতিৰ জিলি।
- নগা-চাৰি
দীঘল আৰু বহল বাঁহৰ কাঠীৰে সজা এবিধ ঢাৰি
a kind of large bamboo-mat
- নগা-জেনেৰুNoun
"জামীৰ" চোবাঁ।
- নগা-টেঙা
এবিধ মজলীয়া আকৰৰ গছ আৰু তাৰ বগৰীতকৈ কিছু ডাঙৰ ফল
a kind of sour fruit and its tree
- নগা-ঢাৰিno.ga-dha.riMaterial Noun
দীঘল আৰু বহল বাঁহৰ কাঠীৰে সজা এবিধ ঢাৰি৷
a kind of large bamboo-mat.
- নগা-তুলসী
ৰাম-তুলসীৰ নিচিনা কিন্ত্ত তাতকৈ ডাঙৰ গছ আৰু পাতেৰে এজাতি তুলসী জাতিৰ গছ।
- নগা-পাণ
নগা-পৰ্ব্বতত খেতি কৰা পাণ
a kind of pan-leaf grown in Nagaland
- নগা-ভেহ
"ভেহ" চোবাঁ
a kind of forest tree; Gordenia integrifolia
- নগা-ভোমৰতিNoun
"ভোমৰতি" চোবাঁ।
- নগা-মতা দি
আসৈ মাৎ; অস্বীকাৰ কৰ্; মিছা মাৎ
to deny; to lie
- নগা-মাকো
হাতেকটা ঢৰীয়া সূতাৰে নগাই বোবা এবিধ কাপোৰ
a kind of coarse cloth woven by the Nagas
- নগাঁওno.ga~uProper Noun
ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে মধ্য অসমৰ এখন জিলা আৰু ইয়াৰ সদৰ।
A district and a town of Assam. Nagaon is an administrative district in the state of Assam in India. As of 2011 it is the most populous district of Assam and one of the largest in area.
- নগাখাটno.ga.khatProper Noun
ৰজা গদাধৰ সিংহই, অসম-নাগালেণ্ড সীমান্তত কিছুমান ঠাই নগাসকলৰ বাবে মুকলি কৰি দিছিল৷ এইবোৰক নগাখাট বোলে৷ নগাখাটবোৰ পৰিচালনা কৰিছিল অসমীয়া বিষয়া, নগা কটকীয়ে৷
In Assam Nagaland border, some places were alloted to Nagas for marketing, fishing etc. These places were known as Nagakhat.
- নগাচকীno.ga.so.kiProper Noun
অসম নগালেণ্ড সীমান্তৱৰ্তী এখন ঠাই৷
A place in Assam Nagaland boarder in Golaghat district.
- নগাজংকাno.ga.jong.kaProper Noun
যোৰহাট জিলাৰ মৰিয়ণি অঞ্চলৰ এখন ঠাই৷ অসম আৰু নগাভূমিৰ মাজত অহাযোৱা পথ৷
Nagajanka Grant village is located in Mariani Tehsil of Jorhat district in Assam, India. Mariani is nearest town to Nagajanka Grant village.
- নগাজঙ্কাno.ga.jong.kaProper Noun
যোৰহাট জিলাৰ মৰিয়ণি অঞ্চলৰ এখন ঠাই৷ অসম আৰু নগাভূমিৰ মাজত অহাযোৱা পথ৷
Nagajanka Grant village is located in Mariani Tehsil of Jorhat district in Assam, India. Mariani is nearest town to Nagajanka Grant village.
- নগাজৰিno.ga.jo.riProper Noun
অসম নগালেণ্ড সীমান্তৱৰ্তী এখন ঠাই৷ মতাদৰ্শৰ খনিকৰ গাৱঁৰ শিলালিপি অসমীয়া লিপিৰ নিদৰ্শন৷
A place in Assam Nagaland boarder in Golaghat district.