কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধনিয়াdhaniẏāNoun
এবিধ সুগন্ধি শাক; মেমেধু; গোন্ধোবা শাক
the coriander plant and seed; coriandrum sativum
- ধনিয়া-শাকdho.ni.ya-xakCommon Noun
ইউৰোপ আৰু এছিয়াত উপলব্ধ এবিধ সুগন্ধিযুক্ত উদ্ভিদ ৷ ইয়াৰ গুটি, পাত আৰু শিপাৰ বাবে খেতি কৰা হয় ৷
An aromatic annual Eurasian herb in the parsley family, having parsley like leaves and umbels of tiny white to pinkish flowers. It is cultivated for its edible fruits, leafy shoots, and roots.
- ধনীdhanīNoun
নাৰী।
- ধনী কৰ্dhoni korVerb-Trans.
কাৰোবাক বা কিহবাক চহকী কৰ্
to make something or someone richer
- ধনী হ্dhoni hoVerb-Intran.
আৰ্থিকভাৱে সবল হ
to become economically strong
- ধনুdhanuNoun
ধেনু
a bow
- ধনু ৰাশিdho.nu ra.xiProper Noun
ৰাশিমণ্ডলৰ নৱম ৰাশি।
Constellation and the ninth sign of the zodiac (the Archer)
- ধনুকdho.nukMaterial Noun
কাঁড় মাৰিবলৈ ব্যৱহাৰ কৰা, কাঁহ বা কাঠত ভাঁজ দি এডাল গুণা বা তাঁৰ লগাই সজা এবিধ যতন
a flexible strip of wood or other material, bent by a string stretched between its ends, for shooting arrows; ALSO, an instrument used for cleaning cotton
- ধনুধৰNoun
ধেনুধাৰী; ধেনুৰে যুঁজ কৰা মানুহ; বীৰ
an archer; a warrior
- ধনুবাdhanubāAdjective
ধন দি কিনা; নগদ ধনেৰে বেচ দিয়া
costing money; obtained for money
- ধনুষ্টঙ্কাৰ
এবিধ ৰোগ
titanus
- ধনুষ্পাণিdho.nus.pa.niCommon Noun
A person who shoots with a bow and arrows.
- ধনু্ৰ্ধৰdho.nur.dhorCommon Noun
A person who shoots with a bow and arrows.
- ধনুৰ্গুণ
ধেনুৰ গুণ বা জোঁত
bowstring
- ধনুৰ্ধাৰীNoun
ধেনুধাৰী; ধেনুৰে যুঁজ কৰা মানুহ; বীৰ
an archer; a warrior
- ধনুৰ্ধৰNoun
ধেনুধাৰী; ধেনুৰে যুঁজ কৰা মানুহ; বীৰ
an archer; a warrior
- ধনুৰ্বিদ্যাNoun
ধেনু-কাঁড় ব্যবহাৰ কৰা বিদ্যা বা জ্ঞান
archery
- ধনুৰ্বেদdhanurbedaNoun
বিশ্বামিত্ৰ ঋষিয়ে ৰচা ধনুৰ্ব্বিদ্যা-বিষয়ক যজুৰ্ব্বেদৰ উপবেদ
a treatise on archery
- ধনুৰ্ব্বিদ্যাNoun
ধেনু-কাঁড় ব্যবহাৰ কৰা বিদ্যা বা জ্ঞান
archery
- ধনুৰ্ব্বেদdhanurbbedaNoun
বিশ্বামিত্ৰ ঋষিয়ে ৰচা ধনুৰ্ব্বিদ্যা-বিষয়ক যজুৰ্ব্বেদৰ উপবেদ
a treatise on archery