কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দখলনামাNoun
যি আদেশ-পত্ৰত আইনমতে দখল মঞ্জুৰ কৰা হয়।
- দখলীAdjective
দখল থকা; ভোগ কৰা
in possession; occupied
- দখলী স্বত্ব
দখল হেতুক বৰ্ত্তা অধিকাৰ।
- দখলীকৃতdo.kho.li.kri.toVerbal Adj.
সন্তোষ বা আনন্দেৰে ভোগ বা দখল কৰি থকা
which has been experienced or occupied with joy or satisfaction
- দখাAbstract Noun
মানুহৰ জীৱনত ভাল-বেয়া নিৰূপণ কৰা এক বল বা শক্তি
the force that seems to operate for good or ill in life of a person
- দখিণdakhiṇaNoun
উত্তৰৰ বিপৰীত ফাল
south
- দখিণ-কোলdakhiṇa-kolaNoun
মধ্যযুগৰ কামৰূপ ৰাজ্যৰ লুইতৰ দক্ষিণৰ অংশ।
- দখিণাবৰীNoun
দক্ষিণ ফালৰপৰা অহা বতাহ
southern wind
- দখৈৰা আলুCommon Noun
এবিধ খেতিত হোৱা লতাৰ মাটিৰ তলত বঢ়া বৰ ডাঙৰ-দীঘল আলু [লতাৰ পাত জাতি পাণৰ সদৃশ; আলু পুৰি, চেবা দি ভাজি বা আঞ্জা কৰি খায়; খাবলৈ কঠুৱা অৰ্থাত্ বৰ সোৱাদ আৰু কোমল নহয়; ইয়াৰ কেইবাটাও উপজাতি আছে; যেনে-কুঁবৰী, সল-জুকীয়া, হাতী-খুজীয়া ইত্যাদি]
a kind of potato that tastes sweet
- দখৰাAbstract Noun
Distinct portion forming part of or broken off from a larger object
- দখৰা আলুCommon Noun
এবিধ খেতিত হোৱা লতাৰ মাটিৰ তলত বঢ়া বৰ ডাঙৰ-দীঘল আলু [লতাৰ পাত জাতি পাণৰ সদৃশ; আলু পুৰি, চেবা দি ভাজি বা আঞ্জা কৰি খায়; খাবলৈ কঠুৱা অৰ্থাত্ বৰ সোৱাদ আৰু কোমল নহয়; ইয়াৰ কেইবাটাও উপজাতি আছে; যেনে-কুঁবৰী, সল-জুকীয়া, হাতী-খুজীয়া ইত্যাদি]
a kind of potato that tastes sweet
- দখ’নাMaterial Noun
बर’ हिनजावफोरनि जांगोन; बर’ हिनजावफोर उन्दै बैसोआव जानजिसिम आरो देरब्ला जेरबानिफ्राइ आग्रोमसिम मोदोमखौ ग्लोब फांथेनो गानफ्लायग्रा सि गाहाय৷
Bodo woman’s main cloth worn round the waist or worn round the chest
- দগদগিdagadagiNoun
এবিধ সৰু কাঁহৰ কলহ।
- দগধdo.go.dhProper Adj.
যি সহজে জ্বলি উঠিব পাৰে
something which can catch fire easily
- দগধাdagadhāAdjective
আগঢ়ী আৰু গধুৰ (ধাতু বা কাঠৰ পীৰা আদি)
heavy and clumsy
- দগধা চোৰNoun
গভাইত চোৰ; অতিপাত আৰু নিৰ্ল্লজভাবে চুৰি কাৰ্য্যত লিপ্ত থকা মানুহ।
- দগবাজ
বেয়া স্বভাৱৰ আৰু বেয়া কাম কৰা৷
Morally bad in principle or practice.
- দগলাdagalāNoun
কঁথা; কেঁথা।
- দগলা খোবাdagalā, khobāAdjective
দগা; কাম কৰিব নোখোজা।
- দগাdagāAdjective
মাৰ বা গালি খাই খাই তালৈ ভয় নকৰা হোবা; ঘহনি বা কষ্ট নোপোবা হোবা
hardened; callous