কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘণ্টা লাৰ্ghaṇṭā, lār
চুলিত ধৰি জোকাৰ্
to catch by the hair and shake the hand violently
- ঘণ্টা-কৰবীৰghaṇṭā-karabīraNoun
টিলিঙাৰ আকৱতি আৰু হালধীয়া বৰণৰ এবিধ ফুল
a kind of flower or its tree
- ঘণ্টাকৰণghaṇṭākaraṇaNoun
অলপ বহল আৰু দীঘলীয়া পাতেৰে আৰু সৰু সৰু হালধীয়া ফুল ধৰা এবিধ ফুলৰ গছ
a kind of flower or its tree; crolalavia retusa
- ঘণ্টাকৰ্ণghaṇṭākarṇaNoun
অলপ বহল আৰু দীঘলীয়া পাতেৰে আৰু সৰু সৰু হালধীয়া ফুল ধৰা এবিধ ফুলৰ গছ
a kind of flower or its tree; crolalavia retusa
- ঘনghanaNoun
মেঘ
cloud
- ঘন অৰণ্যghon o.ro.nyoCommon Noun
বনৰীয়া গছ-লতাৰে ভৰা গভীৰ অৰণ্য
a thick jungle full of wild trees and underbush
- ঘন কোণgho.no ko`nAbstract Noun
সাধাৰণ সমতল কোণৰ ত্ৰৈমাত্ৰিক ৰূপ।
The three dimensional analogue of general plane (2D) angle.
- ঘনআকৃতিৰgho.no.a.kri.tirProper Adj.
ঘনকৰ আকৃতিৰ বস্তু ।
Having the form of a cube.
- ঘনকgho.nokAbstract Noun
যি ক্ষেত্ৰৰ দীঘ, প্ৰস্থ আৰু উচ্চতা সমান
Solid contained by six equal squares
- ঘনকালিghanakāliNoun
ঘনফল।
- ঘনকৈAdverb
ওচৰা-উচৰিকৈ
thickly; closely
- ঘনক্ষেত্ৰghanakṣetraNoun
যি ক্ষেত্ৰৰ দীঘ, পথালি আৰু ওখ সমান
a cube
- ঘনচিৰিকাghon.si.ri.kaCommon Noun
A small brwonish-grey bird
- ঘনজুৰীghanajurīNoun
এবিধ ঢৰীয়া সূতাৰ ডাঠ, এৰীয়া কাপোৰ
a kind of coarse silk wrapper
- ঘনতাghanatāNoun
ডাঠ গুণ বা অবস্হা
density
- ঘনত্বghanatbaNoun
ডাঠ গুণ বা অবস্হা
density
- ঘনফলghanaphalaNoun
(গণিত) দীঘ, পথালি আৰু ওখ থকা ক্ষেত্ৰৰ কালি বা ঠাইৰ পৰিমাণ; ঘন পৰিমাণ
the volume of a cube
- ঘনবাহনghon.ba.honProper Noun
স্বৰ্গৰ (অমৰাৱতীৰ) ৰজা৷
The King of the gods or Devas and Lord of Heaven or Svargaloka in Vedic Hinduism.
- ঘনবীথিghon.bi.thiAbstract Noun
ভুপৃষ্ঠৰ পৰা দেখা পোৱা বায়ুমণ্ডল, মহাকাশ আৰু তাত থকা বিভিন্ন বস্তু যেনে - ডাৱৰ, তৰা, চন্দ্ৰ, বেলি আদি
the atmosphere and outer space as viewed from the earth
- ঘনমূলghanamūlaNoun
যি অঙ্কক তিনি বাৰ পূৰণ কৰা হয়; যেনে-"