কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সন্তxon.toCommon Noun
অতি পুণ্যবান, মহান বা সৎ পুৰুষ|
a person of great holiness, virtue, or benevolence.
- সন্ততিsantatiNoun
সতি-সন্তান।
- সন্তনিxon.to.niCommon Noun
যাৰ দ্বাৰা বংশ ৰক্ষা হয়, এতেকে কোনো ব্যক্তিৰ উত্তৰসূৰী ল`ৰা বা ছোৱালী
The immediate descendants of a person.
- সন্তপ্তsantaptaAdjective
সন্তাপ পোবা; শোকাকুল
overcome with grief
- সন্তানsantānaNoun
পো বা জী; ল'ৰা-ছোবালী
a child
- সন্তান তুলি লxon.tan tu.li loVerb-Trans.
সাধাৰণতে আইনগত অভিভাৱক নোহোৱাকৈ আন কাৰোবাৰ সন্তান নিজৰ লগত ৰাখি ডাঙৰ দীঘল কৰা৷
to take up another person's child(ren) usually without becoming legal parents.
- সন্তান-প্ৰসৱীxon.tan-pro.xo.biProper Adj.
এবাৰতে পূৰ্ণ আকৃতিলৈ জন্মা৷
giving birth fully formed young.
- সন্তান-সন্ততিxon.tan-xon.to.tiCommon Noun
যাৰ দ্বাৰা বংশ ৰক্ষা হয়, এতেকে কোনো ব্যক্তিৰ উত্তৰসূৰী ল`ৰা বা ছোৱালী
The immediate descendants of a person.
- সন্তান-সম্ভৱা হxon.tan-xom.bho.ba hoVerb-Intran.
To become pregnant (with)
- সন্তানসম্ভৱাxon.tan.xom.bho.baProper Adj.
গৰ্ভত সন্তান ধাৰণ কৰি থকা প্ৰাণী
in a state of bearing offspring in the womb
- সন্তানহীনxon.tan.hinProper Adj.
ল’ৰা-ছোৱালী নথকা ব্যক্তি ৷
Someone without offspring.
- সন্তানহীনতাxon.tan.hi.no.taAbstract Noun
the state of having no child
- সন্তানোচিতxon.ta.no`.sitProper Adj.
সন্তান বা ল`ৰা-ছোৱালীৰ বাবে যি উচিত বা শোভনীয়৷
something that is right for son or daughter, responsibility of a son or daughter.
- সন্তানৱৎxon.ta.no.wotProper Adj.
সন্তান বা ল`ৰা-ছোৱালীৰ বাবে যি উচিত বা শোভনীয়৷
something that is right for son or daughter, responsibility of a son or daughter.
- সন্তাপsantāpaNoun
অন্তৰৰ দুখ; মনৰ দুখ; শোক; বেজাৰ; . বিণ. সন্তাপিত।
grief; sorrow
- সন্তাপিতxon.ta.pitProper Adj.
নিজ পৰিয়ালৰ বা আত্মীয় কোনো ব্যক্তিৰ মৃত্যু অথবা অন্য দুখৰ বাবে শোক কৰি থকা|
In mourning because of the death or any other grief of a relation esp by a familygrief.
- সন্তুলনxon.tu.lonAbstract Noun
নিজৰ অনুভূতি বা ব্যৱহাৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখি কৰা শান্ত আৰু আত্মবিশ্বাসী আচৰণ৷
a calm and confident manner with control of your feelings or behaviour.
- সন্তুলিতxon.tu.li.toAdjective Adj.
ভাৰসাম্য ৰক্ষা কৰি ৰখা, চলা৷
showing or keeping balance.
- সন্তুলিত আহাৰxon.tu.li.to a.harCommon Noun
স্বাস্থ্য বা বৃদ্ধি অক্ষুণ্ণ ৰখাৰ বাবে প্ৰয়োজনীয় যথোপযুক্ত পৰিমাণ আৰু অনুপাতৰ খাদ্য যুক্ত এক আহাৰ
a diet consisting of the proper quantities and proportions of foods needed to maintain health or growth
- সন্তুষ্টxon.tus.toProper Adj.
সকলো প্ৰয়োজন পূৰণ হোৱাৰ বাবে আনন্দিত
happy as all requirements are met