কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দাম-দৰdam-dorAbstract Noun
formal discussion between people who are trying to reach an agreement
- দাম-দৰ কৰ্dam-dor korVerb-Trans.
কিনা-বেচাৰ বাবে বস্তুৰ মূল্য বা অন্য চৰ্ত্তৰ বিষয়ে আলোচনা কৰ্
Discuss the terms of a sale persistently
- দামলি-ভাৰdāmali-bhāraNoun
চাকুলী-ভাৰ।
- দামাdāmāNoun
এবিধ বাদ্য যন্ত্ৰ; দবা।
- দামামাdāmāmāNoun
ঢাক শ্ৰেণীৰ বাদ্যযন্ত্ৰ
a cattle drum
- দামালda.malProper Adj.
যাক দমন বা শাসন কৰিব নোৱাৰি, যেনেঃ ব্যক্তি, বাসনা বা সাহস।
that cannot be subdued or overcome, as persons, will, or courage.
- দামাস্কাচda.mas.kasProper Noun
চিৰিয়াৰ ৰাজধানী আৰু ২য় বৃহৎ চহৰ৷
Damascus is the capital and the second largest city of Syria after Aleppo. It is commonly known in Syria as ash-Sham and nicknamed as the City of Jasmine.
- দামিনীdāminīNoun
বিজুলী
lightning
- দামীda.miProper Adj.
বেছি খৰচৰ, আপেক্ষিক ভাৱে বেছি দামৰ
Costing too much, relatively high in price.
- দামুৰিdāmuriNoun
গৰু-পোবালি
a calf
- দামুৰীda.mu.riCommon Noun
কম বসয়ীয়া গৰু বা তেনে কোনো জন্তু৷
the young of the domestic cow or other bovine animal
- দামোদৰdāmodaraNoun
কৱষ্ণ; বিষ্ণু
a name of Kṛṣṇa
- দামোদৰদেৱda.mo`.dor.debProper Noun
অসমৰ এজন বৈষ্ণব-ধৰ্ম্ম প্ৰবৰ্ত্তক এজনা মহান ব্যক্তি ৷ দামোদৰদেৱ আদিতে ব্ৰাহ্মণ আছিলে যদিও পিচত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰি বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ গুৰু দায়িত্ব গ্ৰহণ কৰিছিল ৷ শেষত যেনিবা মাধৱদেৱৰ সৈতে মতানৈক্য ঘটাত শঙ্কৰদেৱৰ পৰলোকপ্ৰাপ্তিৰ পিছত ব্ৰাহ্মণ-সংহতি বুলি এখন সমাজ গঠন কৰে ৷ তেখেতে বহুতো সত্ৰৰ প্ৰতিষ্ঠা কৰে আৰু তাৰ ভিতৰত বৰপেটাৰ পাটবাউসী সত্ৰ অন্যতম ৷
Damodardeva, was a Brahmin disciple of Srimanta Sankardeva who caused the first fissure in the Vaishnava movement in Assam, when he moved away from the main body led by Madhabdeva to form the Brahman-samhati, soon after the death of the Mahapurush. He founded many sattras, but the one at Patbaushi in Barpeta, where he lived for several years is the most important. He was born in 1488 and died in 1598.
- দামোদৰীAdjective
গীতাৰ প্ৰাচীন টীকাকাৰ দামোদৰে কৰা বা লিখা।
- দামোদৰীয়া
দামোদৰদেবৰ ধৰ্ম্মত চলা মানুহ
a follower of Dāmodaradeva
- দাম্পত্যdāmpatyaAdjective
ভাৰ্য্যা আৰু স্বামী-সম্পৰ্কীয়
conjugal
- দাম্ভিকdāmbhikaAdjective
অহঙ্কাৰী; দৰ্পী; গপাল
proud
- দাম্ভিকতাdam.bhi.ko.taAbstract Noun
মইবৰ ভাৱ বা অতিমাত্ৰা আত্মগৌৰৱ।
Aggressively assertive or overbearingly confident.
- দাম্মাৰ বাৰ্ণিছdam.mar bar.nisMaterial Noun
এবিধ গছৰ আঠা ইয়াক ঘঁহি কাঠেৰে তৈয়াৰী আচবাব সমূহৰ সৌন্দৰ্য্য বৃদ্ধি কৰা হয়৷
A kind of resin. It is a glazing agent, esp in house furniture.
- দাম্ৰিdāmriNoun
ভালেমান ম'হৰ পোবালি একেলগে বান্ধিব পৰা ডাঙৰ আৰু দীঘল জৰী
a long rope for tying together several buffalo-calves