কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পদ্ম বিভূষণpod.mo bi.bhu.xonProper Noun
পদ্ম সন্মানসমূহৰ ভিতৰত এই সন্মান শীৰ্ষ স্থানীয় আৰু ভাৰতৰ দ্বিতীয় শ্ৰেষ্ঠ সন্মান ৷ ১৯৫৪ চনৰ পৰা এই সন্মান প্ৰদান কৰি অহা হৈছে ৷ কোনো এক অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ইয়াক প্ৰদান কৰে ৷ সাহিত্য, সংস্কৃতি, বিজ্ঞান, ক্ৰীড়া, মানৱ সেৱা আদি বিভিন্ন দিশত খ্যাতি অৰ্জন কৰা লোকক এই বঁটা প্ৰদান কৰা হয় ৷
The Padma Vibhushan is India's second highest civilian honour. It consists of a medal and a citation and is awarded by the President of India. It was established on January 2, 1954. This service includes the Arts, Education, Industry, Literature, Science, Sports, Social Service and public life.
- পদ্ম বৰকটকীpod.mo bor.ko.to.kiProper Noun
১৯২৬ চনৰ ৩০ জুলাইত যোৰহাটৰ ৰাজহাউলিত জন্ম গ্ৰহণ কৰা অসমৰ খ্যাতিসম্পন্ন লিখক আৰু সাংবাদিক পদ্ম বৰকটকী আছিল সূৰ্য্যধৰ বৰকটকী আৰু বিনন্দী দেৱীৰ সন্তান ৷ ১৯৫৬ চনত "হিন্দুস্তান ষ্টেণ্ডাৰ্ড" কাকতত ফিচাৰ লিখক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা বৰকটকীয়ে ১৯৪৮ চনতে শ্বিলঙৰ পৰা প্ৰকাশিত "আছাম ট্ৰিবিউন" কাকত নিয়মীয়াকৈ সংবাদ প্ৰেৰণ কৰিছিল ৷ ১৯৬০ চনত পদ্ম বৰকটকীয়ে কলিকতাৰ পৰা প্ৰকাশিত মাহেকীয়া আলোচনী "আমাৰ প্ৰতিনিধি" আৰু ১৯৬৫ চনত প্ৰকাশিত আলিচনী "নতুন প্ৰতিনিধি" সম্পাদনা কৰিছিল ৷ইয়াৰোপৰি ১৯৬৭ চনত গুৱাহাটীৰ পৰা প্ৰকাশিত "সমকালীন" আলোচনীখনৰ মূখ্য সম্পাদক আছিল ৷ ১৯৭৯ চনত "মাতৃভূমি" আৰু ১৯৮২ চনত "ইস্তাহাৰ" নামৰ আলোচনী দুখনৰো সম্পাদক আছিল ৷ "The North East Daily" নামৰ সংবাদপত্ৰখনৰ মূখ্য সম্পাদক হিচাপে ১৯৯৮ চনত কাৰ্যনিৰ্বাহ কৰা বৰকটকীয়ে নতুন দৈনিক, আজিৰ অসম, নতুন দিন আদি কাকতৰো সম্পাদক আছিল ৷ কোনো দিনে কাৰো লগত আপোচ নকৰা শক্তিশালী গদ্য লিখক বৰকটকীযে অসমীয়া ভাষা-সাহিত্যলৈ চুটি গল্প, উপন্যাস, নাটক, কবিতা, শিশু সাহিত্য আৰু অনুবাদৰ ক্ষেত্ৰত বিপুল অৱদান আগবঢ়াই গৈছে ৷ ইয়াৰোপৰি তেওঁ আছিল অসমীয়া সাহিত্যৰ এজন বিশিষ্ট সমালোচক আৰু প্ৰৱন্ধকাৰ ৷ বৰকটকীয়ে তেওঁৰ জীৱনত ৩৮ খন উপন্যাস, পাচঁখন চুটিগল্প সংস্কৰণ, দুখন কবিতা সংকলন, তিনিখন শিশু পুথি পোন্ধৰখন নাটক আৰু বিভিন্ন বিষয়ৰ দহখন গ্ৰন্থ ৰচনা কৰিছিল ৷ তেখেতে 'Hidden Facts from the Magic Land of Assam' নামৰ এখন গ্ৰন্থ সম্পূৰ্ণ সংকলন আৰু সম্পাদনা কৰিছিল ৷ কেইবাখনো দৈনিক, সাপ্তাহিক কাকতৰ স্তম্ভ লিখক হিচাপে থকা বৰকটকীয়ে ১৯৪৮ চনত গুৱাহাটী-শ্বিলং অনাতাঁৰ কেন্দ্ৰৰ ঘোষক হিচাপেও কাৰ্যনিৰ্বাহ কৰাৰ সময়তে কেইবাখনো অনাতাঁৰ নাটক ৰচনা কৰিছিল ৷ অসম চৰকাৰে ২০০৭ বৰ্ষত চুকাফা বটাঁৰে সন্মানিত কৰে ৷ নিৰলস সাধক সাহিত্যকৰ্মী পদ্ম বৰকটকীয়ে ২০০৮ বৰ্ষৰ ১১ মাৰ্চত ইহলীলা সম্বৰণ কৰে ৷
Eminent author and journalist of the State Assam, Padma Barkataki was born to Suryadhar Barkataki and Binandi Devi Barkataki of Rajahowli in Jorhat on July 30, 1926. He started his career as the Shillong Correspondent of The Assam Tribune in 1948 before joining the Hindustan Standard as a feature writer in 1956. He later edited a number of magazines including Amar Pratinidhi (1960), Natun Pratinidhi (1960), Samakaleen (1967), Matribhumi (1979) and Istahar (1982). He was also the chief editor of The North East Daily, and editor of Natun Dainik and Natun Din besides president of Journalists’ Union of Assam. A powerful writer known for his uncompromising stand, Barkataki’s creations encompassed diverse realms from short story and novel to drama and poetry to children’s literature and translation works. He was also an acclaimed critic and prose writer. Barkataki authored as many as 38 novels, five short story collections, two poetry collections, three children’s books, 15 dramas and ten books on various topics. He edited a book titled Hidden Facts from the Magic Land of Assam. He also used to write several columns in newspapers. A reputed radio artiste, Barkataki served as staff artiste and announcer in All India Radio Guwahati-Shillong in 1948, and acted in a record number of radio plays and television (Doordarshan) serials. Barkataki was the recipient of the Su-Ka-Pha Award in 2007. Padma Barkataki passed away 11 March 2008
- পদ্ম যোনিpod.mo jo`.niProper Noun
জগত বা ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰোঁতা, ত্ৰিমূৰ্তিৰ প্ৰথমজন দেৱতা ৷
One of the trilogy of Hindu Mythology. Considered to be the creator of the Universe.
- পদ্ম-গুলঞ্চ
এবিধ সুগন্ধি ফুল
minispermum tomentosum
- পদ্ম-নলা
"পদুম-নলা"।
- পদ্ম-পুৰাণ
হিন্দুৰ ওঠৰখন পুৰাণৰ ভিতৰৰ এখনৰ নাম
one of the 18 Purāṇas of the Hindus
- পদ্ম-যোনি
বিষ্ণুৰ নাভি-পদ্মৰপৰা জন্মা ব্ৰহ্মা
a name of Brahmā
- পদ্ম-ৰাখা
অগ্নি-শিখা।
- পদ্মকল্প
সৱষ্টিৰ প্ৰলয়ৰ পাছত বিষ্ণুৰ নাভি-পদ্মত ওপজা ব্ৰহ্মাই সৱষ্টি কৰিবলৈ বিষ্ণুক ধ্যান কৰি থকা এটা অতি দীঘলীয়া যুগ।
- পদ্মকাঠ
ধূপ আৰু দৰবত লদা এবিধ পৰ্ব্বতীয়া সুগন্ধি কাঠ
the fragrant wood of a kind of fir tree which grows on hills and is used in medicine and incense
- পদ্মগন্ধা
প্ৰথমে পৰাশৰ মুনিৰ, পাছত শান্তনুৰ পত্নী; সত্যবতী; মহামুনি ব্যাসৰ মাক; মৎস্যগন্ধা; "পৰাশৰ" চোবাঁ
the mother of the sage Vyasa and wife of king Santanu
- পদ্মগৰ্ভ
পদুমৰ ৰঙা ভিতৰখন; যেনে-"পদ্মগৰ্ভ অৰুণ নয়নযুগ জলে" (আদিকাণ্ড)।
- পদ্মধৰpod.mo.dhorProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- পদ্মনাথ গোহাঞি বৰুৱাpod.mo.nath go.hain bo.ru.waProper Noun
-
The first president of Axom Xahitya Xabha and a prominent name in the early part of modern Assamese literature. A pioneer in nationalist movement in Assam his immense contributions to the domain of Assamese language and literature made him one of the greatest persons of 20th century Assam. Considering his towering personality and profound knowledge he is regarded as the Pitamaha (great grandfather) in Assamese literary world. In recognition of his outstanding contributions to the Assamese literature and society, the British government gave him Raibahadur title, a rare honour conferred for the first time to an Assamese person. He was also the first literary pensioner of Assam.
- পদ্মনাভNoun
বিষ্ণু,
a name of Viṣṇu
- পদ্মনালpod.mo.nalMaterial Noun
পদুমৰ কোমল ঠাৰি
The soft stem of a lotus. It also stands for the root of lotus.
- পদ্মপলাশpod.mo.po.laxMaterial Noun
পদুমৰ কোমল ঠাৰি
The soft stem of a lotus. It also stands for the root of lotus.
- পদ্মপাণিpod.mo.pa.niProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- পদ্মপুৰাণpod.mo.pu.ranAbstract Noun
ওঠৰখন পুৰাণৰ অন্যতম, যত গীতাৰ মাহাত্ম্য বৰ্ণিত হৈছে৷
One of the major eighteen Puranas. A Hindu religious text, it is divided into five parts and 55,000 verses. The Padma Purana categorizes itself as a Sattva Purana.
- পদ্মভূpod.mo.bhuProper Noun
জগত বা ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰোঁতা, ত্ৰিমূৰ্তিৰ প্ৰথমজন দেৱতা ৷
One of the trilogy of Hindu Mythology. Considered to be the creator of the Universe.