কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দাপোনমতীda.po`n.mo.tiProper Adj.
having beauty (refered to a lady)
- দাপ্dāpTransitive verb
ডাবি দি; ভয় দেখুবা; দমাই ৰাখ্; শাসন কৰ্
to reprove; to control
- দাফিdāphiNoun
হস্তপদাদিৰ আস্ফালন; ওপৰলৈ তুলি মৰা কাৰ্য্য; দাফিয়াফৰ্ম্মুটিয়া।
- দাফিয়াda.phi.yaVerb-Intran.
(ওখ গছৰ পৰা ফল পাৰিবলৈ) গছৰ ডাল, বাঁহ বা কাঠৰ সৰু টুকুৰা ওপৰলৈ মাৰি পঠা
to throw a twig to get a fruit fall on the ground from a tree
- দাবকdābakaNoun
তললৈ নিওঁতা; নষ্ট কৰোঁতা; যেনে-"এদুখ- দাবক পাবক ভাবক পূৰল পুনু মনকাম" (ভটিমা)।
- দাবচাdābacāNoun
এবিধ বন; ; ববচা।
a kind of grass
- দাবনি
ধান কটা মানুহ।
- দাবলি-ভাৰdābali-bhāraNoun
চাকুলী-ভাৰ।
- দাবহীda.bo.hiProper Adj.
অতিপাত শকত ছোৱালী/মহিলা |
An excessively fat woman.
- দাবাdābāAdjective
আগফাল দাবি বা বহি যোবা; আগ-ভৰা; আগফালে বেচি বোজাই হোবা; যেনে-"গাড়ীখন দাবা হৈছে" (উলাৰ শব্দৰ বিপৰীত)
to be over-loaded on the forepart
- দাবাগিংda.ba.gingAbstract Noun
জুই বা অগ্নিৰ প্ৰাবল্য, জুইৰ ধ্বংসাত্মক ক্ষমতা
intensity of fire, destructive power of fire
- দাবাগ্নিdābāgniNoun
বন-জুই; বনাগ্নি
a forest fire
- দাবানলdābānalaNoun
বন-জুই; বনাগ্নি
a forest fire
- দাবীdābīNoun
কোনো ক্ষতি হোবা বস্ত্তৰ মূল্য পাবলৈ কৰা গোচৰ বা প্ৰাৰ্থনা; যেনে-"ছৰ্ম্মতৰ দাবী"
a claim
- দাবী কৰ্da.bi korVerb-Trans.
জোৰ দি অনুৰোধ কৰ্; অধিকাৰ আদি লাগে বুলি ক৷
to request with urgency or peremptorily; to assert or maintain as a fact, or one's right
- দাবীদাৰdābīdāraNoun
দাবী কৰোঁতা
claimant
- দাব্dābIntransitive verb
তললৈ বহি যা; ভিৰ খা
to sink down
- দামdāmaNoun
বস্ত্তৰ মূল্য; বেচ
price
- দাম-কলdāma-kalaNoun
ৰাম-কল।
- দাম-দুমdāma-dumaNoun
বৰ খৰকৈ উৰি ঘূৰি ফুৰা মাখি জাতিৰ অতি ক্ষুদ্ৰ পোক; চেৰেপা; কেঁতকুৰি
a kind of flea