কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সত্যলোকxo.tyo.lo`kProper Noun
হিন্দু বিশ্বাস অনুসৰি সাতখন স্বৰ্গৰ আটাইতকৈ শ্ৰেষ্ঠখন৷
the best among the seven heavens according to Hindu belief.
- সত্যসন্ধsatyasandhaNoun
সত্যত থকা; সত্যপৰায়ণ; সত্য পালন কৰা; . সত্যে ক্ৰি. বিণ. সত্য কৰি; ধৰ্ম্মতে; নিশ্চয়ে (শপথ খোবা মাত)
sticking to truth or one's promise ; truly; by truth (a term of averment; a term used in taking oath)
- সত্যাগ্ৰহxo.tya.grohAbstract Noun
An organised refusal to work until a grievance is remedied, like a general strike or industrial strike
- সত্যাগ্ৰহীProper Adj.
গান্ধীজীয়ে দেখুওৱা আৰ্হিত, শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক ভাৱে প্ৰতিবাদ কৰোতাজন
one who involved in a democratic peacefull demonstration, a process uses by Gandhiji.
- সত্যাচাৰীxo.tya.sa.riProper Adj.
সঁচা কথা কোৱা বা সত্য পথত থকা
expressing the real fact conforming to truth
- সত্যান্বেষীxo.tyan.ne.xiProper Adj.
সত্যৰ অন্বেষণ কৰোঁতা৷
One in search of the truth
- সত্যাশ্ৰয়ীProper Adj.
সঁচা কথা কোৱা বা সত্য পথত থকা
expressing the real fact conforming to truth
- সত্যাসত্যxo.tya.xo.tyoAbstract Noun
প্ৰকৃত তথ্যৰ ওপৰত আধাৰিত বা তথ্য-ভিত্তিক বুলি প্ৰমাণ কৰিব পৰা বা কৰা বক্তব্য।
a statement that can be proved or has been proved to be valid and factual.
- সত্যাসত্য নিৰ্ণয়xo.tya.xo.tyo nir.noyVerbal Noun
কোনো তথ্যৰ শুদ্ধতা বা সত্যতা নিৰূপণ কৰা কাৰ্য্য বা প্ৰক্ৰিয়া
the process of research, examination, etc., required to prove or establish authenticity or validity
- সত্যায়নxo.tya.yonVerbal Noun
কোনো এটা বস্তু সঁচা বুলি প্ৰমন কৰা।
the act of proving that something is real or true.
- সত্যাৰ্পণxo.tyar.ponAbstract Noun
ঈশ্বৰ, দেৱতা বা আন কোনো পৱিত্ৰ বস্তুক সাক্ষ্য কৰি কোনো সংকল্প পূৰণ কৰাৰ বাবে দিয়া আনুষ্ঠানিক ঘোষণা
A solemn, formal declaration or promise to fulfill a pledge, often calling on God, a god, or a sacred object as witness
- সত্যে সত্যেxo.tye xo.tyeAdverb
বাস্তৱত সংঘটিত হোৱা মতে।
as done or happening in real.
- সত্যেন্দ্ৰনাথAbstract Noun
বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷
A being conceived as the perfect, omnipotent, omniscient originator and ruler of the universe
- সত্ৰxo.troProper Noun
বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰ আৰু চৰ্চাৰ বাবে স্থাপিত ধৰ্মক্ষেত্ৰসমূহ। সত্ৰসমূহ অসমৰ বৈষ্ণৱ পন্থাৰ এক অন্যতম বৈশিষ্ট্য। অসমৰ সত্ৰসমূহ শিক্ষা তথা কলা-সংস্কৃতিৰো কেন্দ্ৰস্থান।
Satras in Assam are monasteries which were established to propagate neo Vaishnavism. Satras are the unique features of Vaishnavism in Assam. The Satras of Assam also became centers for education and dissemination of all kinds of art of harmonious living.
- সত্ৰ ন্যায়াধীশCommon Noun
A judge in a Session Court also known as District Court that exercises its jurisdiction on criminal matters under Code of Criminal procedure (CrPc)
- সত্ৰাজিতsatrājitaNoun
সত্যভামাৰ বাপেক; কৱষ্ণৰ শহুৰেক।
- সত্ৰাধিকাৰxot.ra.dhi.karCommon Noun
বৈষ্ণৱ সত্ৰ একোখনৰ মুৰব্বী বা মূল গুৰুজন।
the chief or the main guru of a vaisnavite sattra, a monastery.
- সত্ৰীয়া নৃত্যxo.tri.ya nri.tyoProper Noun
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে অসমৰ সত্ৰসমূহত সৃষ্টি কৰা সত্ৰীয়া নৃত্য অসমৰ ধ্ৰুপদী নৃত্যৰ অন্তৰ্গত ৷ ইয়াত তিনিটা অঙ্গ থাকে - গুৰু বন্দনা, ৰামদানি আৰু গীত অভিনয় ৷ গুৰু বন্দনা আৰু ৰামদানি কোনো সঙ্গীত নোহোৱাকৈ পৰিবেশন কৰা হয় আনহাতে গীত অভিনয় হ’ল শিশু কৃষ্ণৰ ল’ৰালি কালৰ বিভিন্ন কাৰ্যৰ অভিনয় ৷ এই নৃত্যৰ প্ৰাথমিক অঙ্গ হ’ল ইয়াৰ মাটি আখৰা ৷ ইয়াৰ সঙ্গীত আৰু নৃত্য ৰাগ, গীত আৰু খোল-তাঁলৰ সংযোগত পৰিবেশন কৰা হয় ৷
Sattriya dances, a classic dance of Assam, was introduced by Srimanta Shankar Dev to propagate religion. It has three parts - guru vandana, Ramdani and geet abhinaya. Guru vandana and Ramdani is performed without any music remain immune to the modern-day invasions. The geet abhinaya is based on the childhood tales of Lord Krishna. The basis training begins with Mati Akharas which are basic exercises of the dance. The music in the dance mostly depends upon the khol and cymbals, supporting raga and other songs.
- সত্কাৰxot.karAbstract Noun
যাক প্ৰয়োজন তেওঁক মনোযোগেৰে সৈতে সহায় বা নিৰাময় কৰা
Attentive assistance or treatment to those in need
- সতৰsataraNoun
সাত অধিক দহ
seventeen