কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যোগ্যানুক্ৰমyogyānukramaNoun
গুণানুক্ৰম; কোনো পদত এজনৰ পাছত তেওঁৰ পুত্ৰ বা জ্যেষ্ঠজন অধিকাৰ নহৈ উপযুক্ত এজন বাছি লোবাৰ নিয়ম
succession according to fitness
- যোগ্য়তাAbstract Noun
সফলতা বা দক্ষতাৰে কিবা এটা কৰাৰ ক্ষমতা৷
the ability to do something successfully or efficiently.
- যোগৰূঢ়yogarūṛha
যৌগিক অথচ বিশেষ অৰ্থ-জ্ঞাপক, যেনে পঙ্কজ।
- যোজকyojakaAdjective
লগ লগোবা (অব্য.)
joining; connecting
- যোজক অব্যয়Verbal Noun
লগ লগোৱা বা জোঁট বন্ধা কাৰ্য্য
the act of joining together
- যোজক চিহ্নAbstract Noun
শব্দ সংযোগকাৰী যতি-চিন৷
the - punctuation mark that joins two words together, or shows that a word has been divided into two parts at the end of one line and the beginning of the next.
- যোজনyojanaNoun
যোৰা লগোবা কাৰ্য্য; লগ লগোবা কাৰ্য্য
the act of joining
- যোজন কোষjo`.jon ko`xMaterial Noun
দুটা জননকোষৰ মিলন হৈ সৃষ্টি হোৱা কোষ, বিভাজনৰ আগেয়ে|
the cell produced by the union of two gametes, before it undergoes cleavage.
- যোজন-গন্ধাyojana-gandhāNoun
মৎস্যগন্ধা; শান্তনু ৰজাৰ ভাৰ্য্যা সত্যবতী।
- যোজনাyojanāNoun
এটা কথা বুজাবৰ নিমিত্তে তাক আন এটা কথাৰ লগত মিলাই বা তুলনা কৰি কোবা কথা; উপমা; পটন্তৰ; দৱষ্টান্ত
a proverb
- যোজনা কৰ্Verb-Trans.
দুটা বস্তু কোনো প্ৰকাৰে এক কৰি দে৷
to bring two seperated items physically close enough to be together
- যোজিতyojitaAdjective
যোৰা লগোবা; লগ লগোবা
joined; jointed
- যোজোনাyojonāNoun
এটা কথা বুজাবৰ নিমিত্তে তাক আন এটা কথাৰ লগত মিলাই বা তুলনা কৰি কোবা কথা; উপমা; পটন্তৰ; দৱষ্টান্ত
a proverb
- যোজ্যAbstract Noun
আন সংখ্যাৰ সৈতে যোগ কৰা এক সংখ্যা
a number that is added to another
- যোজ্যতাjo`.jyo.taAbstract Noun
কোনো পৰমাণু বা ৰাসায়নিক মূলকৰ আন পৰমাণুৰ সৈতে যোজিত হোৱাৰ ক্ষমতা; আন পৰমাণুৰ সৈতে সংযোজিত হওঁতে পৰমাণুটোৱে হেৰুওৱা, লাভ কৰা বা বিনিময় কৰা ইলেক্ট্ৰ’ণৰ সংখ্যাৰ দ্বাৰা ইয়াক সূচোৱা হয়।
The combining capacity of an atom or radical determined by the number of electrons that it will lose, add, or share when it reacts with other atoms
- যোতyotaNoun
মাটি-সম্পত্তি
landed property
- যোতদাৰ
holder of landed property
- যোতোগুণেyotoguṇeIndeclinable
যি হেতু; যি কাৰণে; যি গুণে; গতিকে
as; for as much as; because
- যোত্ৰyotraNoun
সম্পত্তি
property; wealth
- যোত্ৰবন্তAdjective
ধন-সম্পত্তি থকা
rich; wealthy