কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পদান্বয়Noun
বাক্যত লিখিত হোবা পদসমূহ বিশ্লেষণ; (বাক্য) পদসমূহৰ পৰস্পৰ সম্বন্ধ নিৰ্ণয়।
- পদাপাল দেখ্padāpāla, dekh
টানত পৰি বিতত হ; বিচূৰ্ত্তি হ; তত এৰ্; থৰ-কাছুটি এৰ্
to be dismayed; to lose presence of mind
- পদাভিষেকpo.da.bhi.xe`kVerbal Noun
কোনো ব্যক্তিক ক্ষমতা বা অধিকাৰ প্ৰদান কৰা অনুষ্ঠান।
The ceremony of investing a person with some powers or rights.
- পদাম্বুজpadāmbujaNoun
পদুম-সদৱশ ভৰি; চৰণ-কমল
a foot resembling a lotus
- পদাম্ভোজpadāmbhojaNoun
পদাম্বুজ; চৰণপদ্ম।
- পদাৰথpadārathaNoun
পদাৰ্থ; পুৰুষাৰ্থ; যেনে-"পাবত চাৰি পদাৰথ লোই" (ভটিমা)।
- পদাৰবিন্দpadārabindaNoun
পদুম-সদৱশ পদ বা চৰণ; চৰণ-কমল
lotus-like feet
- পদাৰ্থpadārthaNoun
বস্ত্ত; দ্ৰব্য
a thing; matter
- পদাৰ্থ-বিজ্ঞান
পদাৰ্থ সম্বন্ধে বিশেষ জ্ঞানদায়ক শাস্ত্ৰ; প্ৰকৱতিৰ বিজ্ঞান
natural philosophy
- পদাৰ্থবিজ্ঞানpo.dar.tho.bi.gyanAbstract Noun
পদাৰ্থ, শক্তি আৰু ইহঁতৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞান ৷ পৰম্পৰাগত ভাৱে ই বিভিন্ন শাখাত বিভক্ত, যেনেঃ ধ্বনিবিদ্যা, আলোকবিদ্যা, যান্ত্ৰিকবিদ্যা, তাপ-গতিবিদ্যা আৰু বিদ্যুত্-চুম্বকত্ব ইত্যাদি ৷ আধুনিক পদাৰ্থ বিজ্ঞানত আণৱিক, পাৰমাণৱিক পদাৰ্থবিজ্ঞান, ক্ৰায়োজেনিক্স, প্লাজমা পদাৰ্থবিজ্ঞান আদি বিষয়ো অন্তৰ্ভুক্ত ৷
the science of matter and energy and of interactions between the two, grouped in traditional fields such as acoustics, optics, mechanics, thermodynamics, and electromagnetism, as well as in modern extensions including atomic and nuclear physics, cryogenics, solid-state physics, particle physics, and plasma physics.
- পদাৰ্থবিজ্ঞানীpo.dar.tho.bi.gya.niCommon Noun
পদাৰ্থ বিজ্ঞানৰ অধ্যয়ন আৰু গৱেষণা কৰা ব্যক্তি।
A physicist deals with physics. Physics can be defined as the science of matter and energy and of interactions between the two, grouped in traditional fields such as acoustics, optics, mechanics, thermodynamics, and electromagnetism, as well as in modern extensions including atomic and nuclear physics, cryogenics, solid-state physics, particle physics, and plasma physics.
- পদাৰ্থবিদpo.dar.thi.bidCommon Noun
পদাৰ্থ বিজ্ঞানৰ অধ্যয়ন আৰু গৱেষণা কৰা ব্যক্তি।
A physicist deals with physics. Physics can be defined as the science of matter and energy and of interactions between the two, grouped in traditional fields such as acoustics, optics, mechanics, thermodynamics, and electromagnetism, as well as in modern extensions including atomic and nuclear physics, cryogenics, solid-state physics, particle physics, and plasma physics.
- পদাৰ্থবিদ্যা
পদাৰ্থ-সম্পৰ্কীয় বিদ্যা; বস্ত্তৰ গুণ আৰু স্বৰূপৰ বিষয়ে জ্ঞান দিয়া বিদ্যা
natural science
- পদাৰ্পণpadārpaṇaNoun
ভৰি দিয়া কাৰ্য্য; এঠাইত গৈ ভৰি দিয়া বা উপস্হিত হোবা
the act of stepping into a place
- পদাৰ্পণ কৰ্po.dar.pon korVerb-Intran.
ক`ৰবাত গৈ উপস্থিত হ
to step on (somewhere)
- পদাৱনতি কৰ্Verb-Trans.
নিম্ন পদ, স্থান বা বাবলৈ অৱনমিত কৰ্৷
to reduce to a lower grade, rank, class, or position.
- পদাৱৰণpo.da.wo.ronMaterial Noun
ভৰিত পিন্ধা যতন৷
A durable covering meant for the foot (below the ankle) with a flexible upper of leather or plastic and a sole and heel of heavier material
- পদিনাpadināNoun
এবিধ সৰু চকলীয়া পাতেৰে লতাচানেকীয়া মাটিত বগোবা সুগন্ধি বন-শাক
mint of marshmint; mentha arvensis or sativa
- পদু(-দূ)লি-সুঙা
লোকৰ ঘৰে ঘৰে ফুৰা মানুহ; সদায় আনৰ ঘৰলৈ গৈ থকা মানুহ; চুলুং মানুহ
a frequent visitor to other people's homes; a lazy lounger; a loafer
- পদুনাpo.du.naCommon Noun
মেণ্ঠা প্ৰজাতিৰ অন্তৰ্ভুক্ত এবিধ গছ, যাৰ সুগন্ধিযুক্ত পাত খাদ্যৰূপে গ্ৰহণ কৰা হয়।
Any of various plants of the genus Mentha, characteristically having aromatic foliage and nearly regular flowers.