কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰক্তকণ্ঠীrok.to.kon.thiCommon Noun
The Siberian Rubythroat, is a small passerine bird that was formerly classed as a member of the thrush family Turdidae, but is now more generally considered to be an Old World flycatcher, Muscicapidae. It, and similar small European species, are often called chats.It is a migratory insectivorous species breeding in mixed coniferous forest with undergrowth in Siberia. It nests near the ground. It winters in India and Indonesia.The Siberian Rubythroat is slightly larger than the European Robin. It is plain brown above except for the distinctive black tail withred side patches. It has a strong white supercilium.(Assamese birds name source- Prantik 16 Jun 2009, article page-26)
- ৰক্তক্ষয়ীrok.to.khyo.yiProper Adj.
তেজেৰে ৰঙা হৈ থকা৷ অতিমাত্ৰাত তেজ আৰু হিংসা জড়িত৷
Involving bloodshed; besmeared in blood; that involves/shows lot of blood and/ or violence.
- ৰক্তক্ষৰণrok.to.khyo.ronAbstract Noun
Fall or flow of blood
- ৰক্তক্ষৰণ ৰোধকMaterial Noun
ৰক্ত ক্ষৰণ ৰোধ কৰা ঔষধ
able to stop the loss of blood from a wound
- ৰক্তচাপrok.to.sapAbstract Noun
শিৰাৰ ভিতৰত তেজে দিয়া চাপ।
the pressure exerted by blood on the walls of the blood vessels/vein.
- ৰক্তচিত্ৰকrok.to.sit.rokProper Noun
ভাৰতৰ সকলো ঠাইতে সাধাৰণতে ফুলৰ বাগিছাত খেতি কৰা, এবিধ ডাঠ-সেউজীয়া লতাচানেকীয়া সৰু সৰু ৰঙা ফুল ধৰা ওষধি উদ্ভিদ৷
This plant is commonly cultivated in gardens throughout India. It is a creeper-like medicinal plant with dark green leaves and small red coloured flowers.
- ৰক্তজিহ্বrok.to.jih.boCommon Noun
ডিঙিত কেশৰ থকা এবিধ শক্তিশালী মাংসভোজী বনৰীয়া জন্তু
a powerful carnivorous wild animal with a hairy neck.
- ৰক্তদানrok.to.danAbstract Noun
স্বেচ্ছাই তেজ দান কৰা কাৰ্য্য৷
Giving blood voluntarily, esp. for storing in a blood bank and use on some needy person
- ৰক্তপাতNoun
গাৰ তেজ ওলোবা বা উলিওবা কাৰ্য্য
act of bleeding; bloodshed
- ৰক্তপাত হVerb-Intran.
তেজ শৰীৰৰ পৰা বাহিৰ হ
Blood coming out of one`s body
- ৰক্তপিণ্ডCommon Noun
গোট মাৰি থকা তেজৰ পিণ্ড
a lump of clotted or congealed blood.
- ৰক্তপিত্তAbstract Noun
নাক, মুখ, ছাল আদি বহিৰ্দ্বাৰেদি নাইবা কেৱল মুখেৰে তেজ নিগৰা এবিধ ৰোগ
spontaneous haemorrhage from the mouth, nose or from the mouth alone, discharge of blood
- ৰক্তপিপাষুrok.to.pi.pa.xuCommon Noun
ইচ্ছাকৃত আৰু বেআইনী ভাৱে আনৰ মৃত্যু ঘটোৱা লোক।
One who intentionally and unlawfully kills another human being.
- ৰক্তপিপাসাrok.to.pi.pa.xaAbstract Noun
তেজৰ পিয়াহ, সাধাৰণতে প্ৰতিকী অৰ্থত ব্যৱহাৰ হয়৷
Thirst for blood, generally used for symbolic expression rather than the literary meaning
- ৰক্তপিপাসুrok.to.pi.pa.xuProper Adj.
Eager for bloodshed, that is, wanting to wage war.
- ৰক্তবীজraktabījaNoun
দুৰ্গাই বধ কৰা এটা অসুৰ [তাক কাটিলে তাৰ তেজ য'তে পৰিছিল তাৰেপৰা আকৌ তাৰ উৎপত্তি হৈছিল; পাছে দুৰ্গাই তাক কাটি মাটিত নপৰাকৈ তাৰ সমুদায় তেজ পি তাক বধ কৰে।]
a demon killed by Durgā
- ৰক্তবৰ্ণrok.to.bor.noAbstract Noun
তেজৰ দৰে ৰং; সূৰ্য্যৰ কিৰণত এটা দাঁতিত থকা এক প্ৰাথমিক ৰং, যাৰ তৰঙ্গ দৈৰ্ঘ্য ৬১০ আৰু ৭৮০ নেন’মিটাৰৰ ভিতৰত।
any of various colors resembling the color of blood; the primary color at one extreme end of the visible spectrum, an effect of light with a wavelength between 610 and 780 nm.
- ৰক্তভীতিAbstract Noun
তেজ ওলোৱা দেখি বা তেজ ওলাব বুলি আশংকা কৰি পোষণ কৰা ভয়
extreme fear of seeing blood
- ৰক্তমণিMaterial Noun
আগ্নেয় আৰু ৰূপান্তৰিত শিলাত বিস্তৃতভাৱে থকা বিভিন্ন বৰণৰ ছিলিকেট যৌগ
red semi-precious stone, Silicate compounds of various colors widespread in igneous and metamorphic rocks
- ৰক্তময়raktamaẏaAdjective
ৰক্ত বা তেজৰ নিচিনা
blood-like