কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শক্তি প্ৰদান কৰ্xok.ti pro.dan korVerb-Trans.
কাম কৰিবলৈ বল দে বা সক্ৰিয় কৰি তোল্
to give energy to or rouse into activity
- শক্তি-উপাসকxok.ti-u.pa.xokProper Adj.
দুৰ্গা, কালী আদি শক্তিৰূপীনী দেৱীৰ উপাসনা কৰোঁতা
a worshipper of the female principle, Durg?, Kali etc.
- শক্তি-পূজাśakti-pūjāNoun
ঈশ্বৰৰ শক্তি-স্বৰূপা কালী, দুৰ্গা আদি দেবীৰ পূজা
the worship of the energy of God personified as the goddess Kālī or Durgā
- শক্তি-শেলśakti-śelaNoun
এবিধ যুদ্ধত ব্যবহাৰ কৰা শকত আৰু তীক্ষ্ণ যাঠী [এই অস্ত্ৰেৰে মেঘনাদে লক্ষ্মণক বিন্ধিছিল।]
a kind of battle spear
- শক্তিদায়কxok.ti.da.yokProper Adj.
শক্তি যোগোৱা বা বঢ়োৱাৰ ক্ষমতা থকা
capable of giving energy to
- শক্তিধৰxok.ti.dhorProper Adj.
প্ৰবল ভৌতিক বা শাৰীৰিক শক্তি থকা
capable of exerting great physical force
- শক্তিপাণিxok.ti.pa.niProper Noun
শিৱৰ বৰপুত্ৰ ৷ সকলো দেৱতাৰ ভিতৰতে দেখিবলৈ ধুনীয়া ৷
Elder son of the lord Siva. A beautiful God among all the gods.
- শক্তিবানxoktibanProper Adj.
প্ৰবল ভৌতিক বা শাৰীৰিক শক্তি থকা
capable of exerting great physical force
- শক্তিবৰ্দ্ধকxok.ti.bor.dhokProper Adj.
শক্তি যোগোৱা বা বঢ়োৱাৰ ক্ষমতা থকা
capable of giving energy to
- শক্তিবৰ্ধকxok.ti.bor.dhokProper Adj.
শক্তি যোগোৱা বা বঢ়োৱাৰ ক্ষমতা থকা
capable of giving energy to
- শক্তিমন্তśaktimantaAdjective
শক্তি থকা; পৰাক্ৰমী; বলবন্ত
powerful; strong
- শক্তিমন্ত্ৰীxok.ti.mon.triProper Noun
ৰাজ্য আৰু কেন্দ্ৰৰ মন্ত্ৰীসভাৰ শক্তি বিভাগৰ মন্ত্ৰী ৷
Minister for Power, is a position in the Indian Cabinet, at both State and Union levels.
- শক্তিমানśaktimānaAdjective
শক্তি থকা; পৰাক্ৰমী; বলবন্ত
powerful; strong
- শক্তিশালীxok.ti.xa.liProper Adj.
অসামান্য ৰাজনৈতিক প্ৰভাৱ থকা
having significant political influence
- শক্তিহীনxok.ti.hinProper Adj.
বেমাৰৰ কাৰণে বা খাদ্যৰ অভাৱত অস্বাভাৱিকভাৱে ক্ষীণ হোৱা ৷
Abnormally thin or weak, especially because of illness or a lack of food.
- শক্তিহীনতাxok.ti.hi.no.taAbstract Noun
শাৰীৰিক অথবা/আৰু মানসিক শক্তি কম থকা ।
The property of lacking physical or mental strength; liability to failure under pressure or stress or strain.
- শক্তিৱন্তxok.ti.won.toProper Adj.
অসামান্য ৰাজনৈতিক প্ৰভাৱ থকা
having significant political influence
- শক্ষিতxo.khyitProper Adj.
বিপদত পৰি বা বিপদৰ সম্ভাৱনাৰ কাৰণে অতিশয় উত্তেজিত অথবা অস্থিৰ হোৱা
Highly agitated and in deep anxiety for the presence or imminence of danger
- শক্ৰxo.kroProper Noun
স্বৰ্গৰ (অমৰাৱতীৰ) ৰজা৷
The King of the gods or Devas and Lord of Heaven or Svargaloka in Vedic Hinduism.
- শক্ৰচাপso.kro.sapMaterial Noun
বৰষুণ বা কুৱঁলিৰ কণাত সূৰ্য্যৰ ৰশ্মি প্ৰতিসৰিত হৈ সূৰ্য্যৰ বিপৰীত দিশত আকাশত দেখা পোৱা সাত-বৰণীয়া ধেনুৰ আকৃতিৰ জিলিকনি
An arc of spectral colors, usually identified as red, orange, yellow, green, blue, indigo, and violet, that appears in the sky opposite the sun as a result of the refractive dispersion of sunlight in drops of rain or mist.