কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জকৰাjakarāNoun
কৰ্কৰা।
- জখমjakhamaNoun
ঘা
a wound
- জখমীProper Adj.
দেহৰ কোনো অংশ কটা বা শাৰীৰিক ভাৱে ঘূণ হোৱা
effected by a cut or physical damage
- জখলাjo.kho.laMaterial Noun
দুটা বাঁহ, কাঠ বা ধাতৱ খুটাত মাজে মাজে পথালিকৈ চুটি খুটি লগাই সজা অ’লৈ-ত’লৈ কঢ়িয়াই নিব পৰা, ওপৰলৈ উঠিবলৈ বা তললৈ নামিবলৈ ব্যৱহাৰ কৰা যতন
a portable structure consisting of two long sides crossed by parallel rungs, used to climb up and down.
- জখলা-খুপীয়াAdjective
জখলাৰ নিচিনা বহুত খোপ থকা
having steps like a ladder
- জখলা-মাৰিjakhalā-māriNoun
চালি-মাৰি ধৰি থাকিবলৈ তাঁতৰ খুঁটাৰকানত পথালিকৈ লগোবা গাত খোপ থকা মাৰি বা ডাং
the name of a part of an Assamese loom
- জখলাবন্ধাjo.kho.la.bon.dhaProper Noun
অসমৰ নগাঁও জিলাৰ উল্লেখযোগ্য স্থান৷
An important place in Nagaon district of Assam.
- জগjagaNoun
জগত; যেনে-"জগ- তাৰক জাকেৰি নাম" (বৰগীত)।
- জগজনjagajanaNoun
জগতৰ জন বা মানুহ।
- জগজিৎ সিংjog.jit singProper Noun
জগজিৎ সিং ভাৰতৰ এজন সুপ্ৰসিদ্ধ গজল গায়ক আৰু সংগীত বিশাৰদ৷ গজলৰ যাদুৰে তেওঁ দেশবাসী আৰু বিদেশৰ শ্ৰোতাকো মোহাচ্ছন্ন কৰি ৰাখিছিল৷ পদ্মভূষণ সন্মানেৰে সন্মানিত সিঙে হিন্দীৰ উপৰি উৰ্দু, পাঞ্জাবী, গুজৰাটী আৰু নেপালী ভাষাটো গীত গাইছিল৷ গজল সম্ৰাট ৰূপে খ্যাত জগজিৎ সিঙক ভাৰতৰ আধুনিক গজলৰ এজন অগ্ৰদূত বুলি গণ্য কৰা হয়৷ ১৯৪১ চনৰ ৮ ফেব্ৰুৱাৰীত ৰাজস্থানৰ শ্ৰীগংগা নগৰত জন্ম হয়৷ নিজকে এজন গায়ক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আগবঢ়াৰ সময়খিনিতে জগজিতৰ গজল গায়িকা চিত্ৰা সিঙৰ লগত চিনাকী হয় আৰু পাছলৈ বিবাহপাশত আৱদ্ধ হয়৷ দুয়ো গজলৰ জৰিয়তে যথেষ্ট খ্যাতি অৰ্জন কৰে৷ ২০১১ চনৰ ২৩ ছেপ্টেম্বৰত মগজুৰ ৰক্তক্ষৰণৰ হোৱাত মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰা হয়৷ শেষত এই ৰোগৰ বাবেই ২০১১ চনৰ ১০ অক্টোবৰত পুৱা ৮.১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে৷
An Indian ghazal singer, composer, music director, activiist and entrepreneur. Known as "The Ghazal King" he gained acclaim together with his wife, another renowned Indian ghazal singer Chitra Singh. Jagjit Singh was born in Sri Ganganagar, Rajasthan. He has sung in Punjabi, Hindi, Urdu, Bengali, Gujarati, Sindhi and Nepali languages. He was awarded India's third highest civilian honour, the Padma Bhushan, in 2003. He died on 10 October 2011 at the age of 70 in Mumbai at Lilavati hospital.
- জগজীউjagajīuNoun
জগতৰ জীব; ঈশ্বৰ
God
- জগজীবনjagajībanaNoun
জগতৰ জীবন বা প্ৰাণ; পৰমেশ্বৰ
God
- জগজ্জনjagajjanaNoun
জগতৰ জন বা মানুহ।
- জগজ্জননীjo.goj.jo.no.niProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- জগতjo.gotMaterial Noun
বায়ুমণ্ডলে চাৰিওফালে আগুৰি থকা সৌৰজগতৰ তৃতীয় গ্ৰহ
the third planet of the solar system where the known biosphere exists.
- জগত-গুৰুjagata-guruNoun
পৰমেশ্বৰ
God
- জগত-জীবনjagata-jībanaNoun
জগতৰ জীবন বা প্ৰাণ; পৰমেশ্বৰ
God
- জগত-জোৰাjo.got-jo`.raProper Adj.
Expanding or speading whole world
- জগতকৰ্তাjo.got.kor.taAbstract Noun
বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷
A being conceived as the perfect, omnipotent, omniscient originator and ruler of the universe
- জগতকৰ্ত্তাjo.got.kor.taAbstract Noun
বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷
A being conceived as the perfect, omnipotent, omniscient originator and ruler of the universe