কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পদযাত্ৰীpo.do.ja.triCommon Noun
খোজ কাঢ়ি ফুৰা বা ভ্ৰমণ কৰা লোক
a person who goes or travels on foot
- পদযুগলpo.do.ju.golMaterial Noun
ভৰি দুখনক বুজায়৷
pair of feet.
- পদলেহনNoun
ভৰি চেলেকা
- পদলেহনকাৰীpo.do.le.hon.ka.riCommon Noun
ক্ষমতাশালী ব্যক্তিক অতিশয় প্ৰশংসা কৰি বা মন ভূলোৱা কথা কৈ কাম আদায় কৰা লোক৷ এওঁলোকৰ উদ্দেশ্য সাধাৰণতে বৰ সৎ নহয়৷
somebody who praises powerful and important people too much (but not sincerely) to get some (undue) favour from them.
- পদশিলাpadaśilāNoun
দেবতা বা গোসাঁইৰ ভৰিৰ চিন থকা শিল
a stone containing the footprint of a god or sage
- পদসেবাpadasebāNoun
ভৰিত সেবা কৰা; পদ-মৰ্দ্দন
saluting at the feet; rubbing the legs with the hand
- পদসেৱাpo.do.xe.waAbstract Noun
ভৰিত চুই সেৱা কৰা; হাতেৰে ভৰি পিটিকা কাৰ্য্য
saluting at the feet; rubbing the legs with the hand.
- পদস্থpo.dos.thoVerbal Adj.
কোনো বিষয়-বাব বা পদত থকা
holding an office or position
- পদস্হpadashaAdjective
কোনো বিষয়ত বা কৰ্ম্মত থকা
holding an office or position
- পদা-পৰুবাpadā-parubāNoun
পাদুৰী-পৰুবা (চোবাঁ)।
- পদাংশpo.dang.xoProper Noun
বিভক্তিমূলক শব্দৰ কথিত উচ্ছাৰণৰ একো একোটা অংশ |
A minimum rhythmic unit of spoken language consisting of a vowel often preceded or followed by consonants.
- পদাকাঙ্ক্ষীpadākāṅkṣīNoun
কাম বিচৰা মানুহ
one seeking an appointment
- পদাঘাতpadāghātaNoun
পদেৰে মৰা আঘাত; লাথি
a kick
- পদাঘাত কৰ্po.da.ghat korVerb-Trans.
ভৰিৰে আঘাত কৰ্।
to hit sth using the leg.
- পদাঙ্কpadāṅkaNoun
খোজৰ চিন
a foot mark
- পদাতিpadātiNoun
ভৰিৰে খোজ কাঢ়ি ৰণ কৰা সৈন্য বা চিপাহী
a foot soldier; infantry
- পদাতিকpadātikaNoun
ভৰিৰে খোজ কাঢ়ি ৰণ কৰা সৈন্য বা চিপাহী
a foot soldier; infantry
- পদাধিকাৰpo.da.dhi.karCommon Noun
কোনো প্ৰতিষ্ঠানত, বিশেষকৈ চৰকাৰী প্ৰতিষ্ঠানত কোনো পদবীত থকা বা কৰ্ত্তৃত্বশীল ব্যক্তি
a person who holds a position of rank or authority in an organization, esp. in a government organization.
- পদাধিকাৰীpodadhikariCommon Noun
কোনো কাৰ্য্যালয়ৰ দায়িত্বত থকা বিষয়া
the holder of an office
- পদানতpadānataAdjective
মূৰ দোঁবাই ভৰিত পৰা; নম্ৰ বা বশ হোবা
falling prostrate at the feet; subdued or humbled