কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধৈয়ালdhaiẏālaAdjective
নিধক; নিলাজ; নীচ
shameless; base; low
- ধৈৰ্যচ্যুতdhoir.jo.syutProper Adj.
not able to rest calmly as something exited is expected soon
- ধৈৰ্যচ্যুতিdhoir.jo.syu.tiAbstract Noun
অধৈৰ্য বা অস্থিৰ অৱস্থা ৷
The quality or condition of being impatient.
- ধৈৰ্যশালীdhoi.jyo.xa.liProper Adj.
যাৰ ধৈৰ্য্য আছে ।
having or showing patience.
- ধৈৰ্যশীলdhoi.jyo.xilProper Adj.
যিকোনো দুখতো কোনো ধৰণৰ প্ৰতিবাদ নকৰাকৈ থকা, স্থিৰ আৰু সহিঞ্চু স্বভাৱৰ ৷
suffering delay, pain, irritation etc quietly and without complaining.
- ধৈৰ্যহাৰাdhoir.jo.ha.raProper Adj.
not able to rest calmly as something exited is expected soon
- ধৈৰ্য্যdhoir.jyoAbstract Noun
কষ্ট স্বীকাৰ কৰি কোনো কথা সম্পন্ন হোৱালৈকে প্ৰতীক্ষা কৰিব পৰাৰ সামৰ্থ্য।
the ability to wait uncomfortably for sth to happen.
- ধৈৰ্য্য ধৰ্dhoir.yo dhorVerb-Intran.
দুখ-কষ্ট মানি লৈ সহি থাক|
to bear and keep cool in distress.
- ধৈৰ্ষdhairṣaNoun
ধীৰতা; বিপদত স্হিৰ হৈ থকা গুণ
patience; endurance
- ধৈৰ্ষ্যdhairṣyaNoun
ধীৰতা; বিপদত স্হিৰ হৈ থকা গুণ
patience; endurance
- ধোdhoTransitive verb
পখাল্; পানীৰে নিকা বা পৰিষ্কাৰ কৰ্; . কৱদ
to cleanse with water; to wash
- ধোঁবাdhom̐bāNoun
জুই লগা বস্ত্তৰপৰা ওলোবা ভাপ; জুইৰ ভাপৰ লগত উৰি যোবা আধা পোৰা বস্ত্তৰ অতি সূক্ষ্ম অংশ
smoke
- ধোঁবা-কোঁবা
ধুঁবলী-কুঁবলী।
- ধোঁবা-খুলীয়াdhom̐bā-khulīẏāAdjective
ধন-সম্পত্তি উৰাই হাত- খালি হোবা; ধন সাঁচিৰ নোবৰা; অপব্যয়ী
wasteful; prodigal
- ধোঁবা-চাংNoun
জুই ধৰা ঘৰৰ ভিতৰত ওপৰত পতা চাং; ধোঁবা-কোঁবা বি. ধুঁবলী- কুঁবলী চোবাঁ।
- ধোঁবা-নলা
ঘৰৰ ভিতৰৰপৰা ওপৰলৈ ধোঁবা ওলাই যাবলৈ লগোবা নলা বা সেই নিচিনা যতন
a house chimney
- ধোঁবাখুলীয়াNoun; Adjective
অতিপাত খৰচী
extra-vagant
- ধোঁবাখোবাNoun
মলা-ধঁপাতৰ ধোঁবা হুপি খোবা যতন
a hooka; an apparatus for smoking tobacco
- ধোঁবাখোবা ধৰাNoun
ডাঙৰ লোকৰ গুড়্গুড়ী ধৰোঁতা বা ধঁপাত লগাওঁতা (বুৰঞ্জী)।
- ধোঁৱাdho’~.waMaterial Noun
জুইলগা বস্তুৰপৰা ওলোৱা বাস্প ।
a gas or vapour that smells strongly or is dangerous to breathe in.