কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দাংdāmTransitive verb
তোল্; থিয় কৰ; ওপৰলৈ তোল্; তুলি ধৰ্
to raise
- দাং খা
ঊধাই থাক্; লগা- লগি নহৈ অলপ ওপৰ হৈ থাক্; থিয় হ
to be raised
- দাং খাই উঠ্
খঙত থিয় বা উত্তেজিত হ
to be excited; to show fight
- দাং খোৱাdang kho.waVerbal Adj.
শুই থকা, বহা বা আঁঠু কঢ়া অৱস্থাৰ পৰা উলম্ব অৱস্থালৈ অহা
to get up from a lying, sitting, or kneeling posture; assume an upright position
- দাং মাৰ্
উঠা; ওপৰলৈ তোল্
to raise
- দাং-দোলাNoun
কোনো মানুহক দাঙি নিবলৈ এজনে নিজৰ বাওঁহাতেৰে সিজনৰ সোঁহাতত আৰু সোঁহাতেৰে সিজনৰ বাওঁহাতত ধৰি কৰা চাৰিচুকীয়া আসন; দুজন মানুহে মুখা-মুখি হৈ পৰস্পৰৰ হাত ধৰা-ধৰি কৰি সজা আসন
a seat formed by joining the hands and arms of two men for carrying a person thereon
- দাংকোপAbstract Noun
নিজক ডাঙৰ দেখুৱাবলৈ কৰা কাৰ্য্য ।
showy display which is intended to impress.
- দাংবদিCommon Noun
এবিধ ক্ষীণ আৰু দীঘল পাচলি।
the edible nutritious seed of various plants of the legume family, esp. of the genus Phaseolus.
- দাংবদীdang.bo.diCommon Noun
এবিধ লতাজাতীয় মাহ গছ | মাটিৰ নাইট্ৰ’জেন যোগীকৰণত সহায় কৰে
A kind of beans that is a subspecies of the cowpea, grown for its medium-sized edible bean
- দাইdaiAbstract Noun
আইনৰ প্ৰতিকূলে যোৱা বা আইন-বিৰুদ্ধ কাম।
an act that is against the law.
- দাইতিdai.tiCommon Noun
নিজৰ দেউতাকৰ ভায়েক৷
younger brother of one's father
- দাইনdāinaNoun
সোঁফাল; যেনে-"মৈন্দ দ্বিবিদঃ ৰাখন্ত বলতঃ নীলৰ ডাইন বাম" (মা. ক., লঙ্কাকাণ্ড)।
- দাইনাdai.naMaterial Noun
তবলাৰ সাধাৰণতে সোঁহাতেৰে বজোৱা কাঠৰ ভাগটো৷
the right wooden drum of the tabla.
- দাইনা-পালীdāinā-pālīNoun
যিজনে দোহাৰত ওজাই লগাই দিয়া গীত গায় আৰু ওজাৰ পদবিলাকৰ অৰ্থ ভাঙি দিয়ে
a chorus singer explaining the meaning of songs
- দাইবʼAbstract Noun
গৰিহণা বা লাঞ্ছনা দিয়া ভাষাৰে কোৱা আক্ৰমণাত্মক কথা।
assailment with contemptuous or opprobrious language.
- দাইলdāilaNoun
ফলা মাহ
split pulse
- দাউনি
ধান কটা মানুহ।
- দাউনি (দাবনি) ধৰ্
ধান দাবলৈ মানুহ নিযুক্ত কৰ্; . কৱদ
to engage people to reap
- দাউনীdau.niCommon Noun
ধান দোৱা (বা আন শস্য চপোওৱা) মহিলা৷
a femal who reaps crops
- দাউৰdāuraIntransitive verb
লৰ মাৰ্
to run