কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খাবলা- খাবলিAdjective
ওখ-চাপৰ; অসমান
undulating
- খাবা-খাইkhābā-khāiNoun
খোবা-কামোৰা; এটাই আনটোক কামোৰ মৰা বা হিংসা কৰা কাৰ্য্য; কামোৰা-কামুৰি
mutual biting or envying
- খাবৈkhābaiNoun
দীঘল, বহল আৰু দ খাল
a ditch
- খাবৈচkhābaicaAdjective
সৰহকৈ খাব পৰা
capable of eating much
- খাবৈয়াNoun
খাওঁতা
one who eats; one whi is to be supported; a voracious eater
- খাব্টাkhābṭāAdjective
খাটুবা; অলপ চাপৰ
dwarfish
- খাবৰীয়াkhābarīẏāNoun
সৰহকৈ খাব পৰা লোক
a glutton
- খাভনিkhābhaniNoun
জবকা
a rack; a scraper
- খামkhāmaNoun
আবৰণ বা ঢাকনি (চিঠিৰ); লেফাফা
envelope
- খাম বান্ধ্, খাম মাৰ্
জুলীয়া গুচি গোট মাৰ্ (গাখীৰ আদি)
to coagulate as milk
- খাম মাৰ্
চিঠি জাপি তাৰ মূৰ বা দাঁতি লেফাফাৰ নিচিনাকৈ মোকোটাই বন্ধ কৰ্
to fold as a letter
- খাম-খেয়ালীkham-khe.ya.liProper Adj.
অথিৰ স্বভাৱ থকা
characterized by caprice rather than reason; impulsive and unpredictable.
- খামখেয়ালkhāmakheẏālaAdjective
অস্হিৰচিত্ত
fickle; of uncertain mind
- খামখেয়ালিkham.khe.ya.liAbstract Noun
টানত পৰি বিতত বা বিবুদ্ধি অৱস্থা।
Impaired orientation with respect to time, place, or person; a disturbed mental state
- খামটিkhāmaṭiNoun
অৰুণাচলৰ এক জনজাতি
a tribe of Arunachal
- খামটি-দা
এবিধ দীঘল, আগে-গুৰিয়ে সমান বহল দা
a long dāo
- খামটি-মোনা
কাষলতিৰ তলত ওলমাই লোবা কাপোৰৰ মোনা
a bag of cloth
- খামতিkhāmatiNoun
অৰুণাচলৰ এক জনজাতি
a tribe of Arunachal
- খামলিমলাkhāmalimalāNoun
ঘোঁৰা নিমৰ পাতৰ নিচিনা পাতেৰে এবিধ ওখ ডাঙৰ আওকাঠী গছ
a kind of jungle tree
- খামাখাkhāmākhāAdverb
হঠাৎ; অকাৰণত; বিবেচনা নকৰাকৈ
suddenly; without heed or consideration; off- hand