কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যুৱ সম্প্ৰদায়ju.wo xom.pro.dayCommon Noun
ডেকা গাভৰু,যুৱক যুৱতী বা তৰুণ প্ৰজন্মৰ দল৷ ,
the young people (young men and women) considered as a group.e.g. the youth of the country.
- যুৱকju.bokCommon Noun
১৮ বছৰৰ ওপৰৰ অবিবাহিত পুৰুষ।
young unmarried people of both sexes usually above 18 years.
- যুৱজিৎProper Adj.
অসামান্য ৰাজনৈতিক প্ৰভাৱ থকা
having significant political influence
- যুৱতীju.wo.tiCommon Noun
বিয়া নোহোৱা যৌৱনপ্ৰাপ্ত ছোৱালী|
A girl or young woman who is unmarried.
- যুৱনাশ্বৰProper Noun
সূৰ্যবংশীয় এজন ৰজা, গৌৰী আৰু প্ৰসেনজিতৰ পুত্ৰ, মান্ধাতাৰ পিতৃ
a king belonging to the solar race, son of Prasenjit through Gauri, father of Mandhata.
- যুৱাju.waProper Adj.
জীৱন বা বিকাশৰ প্ৰথম অথবা আদি স্তৰ
being in the first or early stage of life or growth
- যুৱাৱস্থাju.bo.bos.thaAbstract Noun
মানুহৰ জীৱনৰ শিশুকাল আৰু পূৰ্ণবয়স্ক হোৱাৰ মাজৰ সময়খিনি
The time of life between childhood and maturity
- যুৱৰাজju.wo.rajCommon Noun
the heir apparent to the throne in a royal or imperial monarchy
- যূতিyūtiNoun
এবিঘ বগা সুগন্ধি সৰু ফুল আৰু তাৰ গছ [ইয়াৰ পাতবিলাক তিনি ফেৰেঙণীয়া]
a kind of Jasmine; Jasminum Auriculatum
- যূথyūtha
পশুৰ জাক
a flock; herd
- যূথপNoun
জাকৰ প্ৰধানটো, যেনে-"জয় জয় সুৰ ৰিপু যূথপ নাশী" (ভটিমা)।
- যূথপতিyūthapatiNoun
জন্ত্তৰ দলৰ নেতা
the leader of a herd of animals
- যূথিকাju.thi.kaCommon Noun
এবিধ মিহি পাহিৰ বগা উগ্ৰগন্ধি ফুল৷
Juhi is a beautiful flower with extremely heavy gardenia type scent. This species is not very common though it deserves a special attention. For those who are familiar with this plant, Juhi is a most wonderful Jasmine. A stunning, small scandent bushy plant with simple ovate dark green small leaves and powdery satin white flowers. Posessing a strong gardenia like scent, flowers appear in bunches from summer to fall. Very easy to grow, takes both sun and shade, dry and moist conditions. Highly recommended jasmine for scented garden or as indoor plant. A must for everyone who appreciates fragrant flowers. The flower is held sacred to all forms of Goddess Devi and is used as sacred offerings during Hindu religious ceremonies. (<i>http://www.flowersofindia.net/catalog/slides/Juhi.html</i>)
- যূথীyūthīNoun
"যুতি" চোবাঁ; যেনে-"মালতী মথাই জাই যুথী যত" (কীৰ্ত্তন)।
- যূথে যূথেyūthe, yūtheAdverb
দলে দলে; যেনে-"যূথে যূথে কোবাই মাৰিলে ত্ৰিনয়নে" (বঘাসূৰ-বধ)।
- যূপyūpaNoun
যজ্ঞৰ জন্ত্ত বন্ধা কাঠ; বিশেষকৈ বৱষোৎসৰ্গত ষাঁড় বন্ধা মূৰত ভতৰা গৰুৰ মূৰ্ত্তি থকা কাঠৰ খুঁটা
sacrificial post
- যেjeConjuction
মূল বাক্যৰ সৈতে এটা উক্তিক সংযোগ কৰিবলৈ ব্যৱহাৰ হয়৷
used to connect a quotation to the main sentence.
- যেইyeiPronoun
যি কোনো।
- যেই-সেইyei-seiPronoun
কোনো এজন; কোনো এটা; কোনো এখন
anyone
- যেত কুটৰ মাধyeta, kuṭara, mādha
"যত কুটৰ মাধ" চোবাঁ।