কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পত্ৰোল্লাসpot.ro`l.laxMaterial Noun
নকৈ ওলোৱা কোমল পাত।
A young and tender leaf.
- পত্ৰৰথpot.ro.rothCommon Noun
এযোৰ ডেউকা (পাখি) সহায়ত উৰিব পৰা এবিধ উষ্ণৰক্তী অণ্ডজ প্ৰাণী ।
A warm-blooded, egg-laying, feathered vertebrate with the forelimbs modified to form wings.
- পত্ৰৰন্ধ্ৰpot.ro.ron.dhroCommon Noun
গছৰ পাতৰ পৃষ্ঠত থকা বিশেষ কিছু ৰন্ধ্ৰ বা ফুটা যাৰ মাজেদি গেছ আৰু জলীয় বাষ্পৰ আদান-প্ৰদান হয় |
In botany, a stoma (also stomate; plural stomata) is a pore or valve, found in the leaf and stem epidermis that is used for gas exchange. The pore is formed by a pair of specialized parenchyma cells known as guard cells which are responsible for regulating the size of the opening. Air containing carbon dioxide enters the plant through these openings where it is used in photosynthesis and respiration. Oxygen produced by photosynthesis in the spongy layer cells (parenchyma cells with pectin) of the leaf interior exits through these same openings. Also, water vapor is released into the atmosphere through these pores in a process called transpiration.
- পথpathaNoun
পথ্য; ঔষধৰ বস্ত্ত; ক্বাথ; যেনে-"একে জুই মৰোঁ আৰু পিপলীৰ পথ" (শ., উত্তৰাকাণ্ড)
a medicine
- পথ অৱৰোধpoth o.wo.ro’dhAbstract Noun
পথত যাতায়ত বন্ধ কৰা কাৰ্য
the act of blocking a road, a form of democratic way of protests.
- পথ দেখুৱাpoth de.khu.waVerb-Trans.
দিহা-বুদ্ধি দি কাম চলা অথবা সঠিক দিশ দেখুৱাই দে ৷
Direct the course, determine the direction of travelling or goal.
- পথ প্ৰদৰ্শকpoth pro.dor.xokCommon Noun
পথ দেখুৱাই আগবঢ়াই নিয়া ব্যক্তি
a person who shows the path
- পথ প্ৰদৰ্শনpoth pro.dor.xonAbstract Noun
কোনো কাম কৰিবলৈ দিয়া বুদ্ধি; পৰামৰ্শ বা শিকনি ৷
Something that provides direction or advice as to a decision or course of action.
- পথ মৰ্poth morVerb-Intran.
কোনো বস্তু পাবৰ বা কোনো কাৰ্য্য কৰিবৰ উপায় নষ্ট হ
to lack help or protection, have no way.
- পথচাৰীpo.tho.sa.riCommon Noun
খোজ কাঢ়ি ফুৰা বা ভ্ৰমণ কৰা লোক
a person who goes or travels on foot
- পথদ্ৰষ্টাpoth.dros.taCommon Noun
কোনো ক্ষেত্ৰত যি প্ৰথম কোনো কাম কৰে৷
one who is first or among the earliest in any field of inquiry, enterprise, or progress
- পথবন্ধpoth.bon.dhoAbstract Noun
পথত যাতায়ত বন্ধ কৰা কাৰ্য
the act of blocking a road, a form of democratic way of protests.
- পথভ্ৰষ্টpathabhraṣṭaAdjective
বাট এৰা; অবাটে যোবা
going off the right track or direction
- পথভ্ৰষ্ট হpo.tho.bhros.to hoVerb-Intran.
ভুল পথে যা বা শুদ্ধ পথৰ পৰা বিচলিত হ
to take the wrong way or deviate from the right way
- পথভ্ৰষ্টতাVerbal Noun
স্বাভাৱিক আচৰণৰ পথৰ পৰা বিচ্যুত হোৱা কাৰ্য্য
the act of straying from the path of normal behaviour
- পথলীয়াpathalīẏāAdjective
পথালিভাবে থকা; থিয় বা পোন নোহোবা
lying cross; horizontal
- পথহাৰাpo.tho.ha.raProper Adj.
স্বাভাৱিক বা গ্ৰাহ্য পথৰ পৰা বিচলিত৷
deviated from what is normal or accepted.
- পথহীনpoth.hinProper Adj.
কোনো ৰাস্তা বা বাট-পথ নথকা (অঞ্চল)
(an area) without roads, like a wasteland
- পথানpathānaNoun
শয্যাৰ ভৰি পৰা ঠাই; ভৰি-পথান
the foot of a bed
- পথালিpathāliNoun
বহল ফাল
width