কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভাণ্ডনাNoun
deception
- ভাণ্ডাৰbhāṇḍāraNoun
ভঁৰাল।
- ভাণ্ডাৰীbhāṇḍārīNoun
চাকৰ; চাকৰৰ ওপৰৰ ভৱত্য
a servant; the head servant
- ভাণ্ডীৰbhāṇḍīraNoun
বৱন্দাবনৰ গোবৰ্দ্ধন পৰ্ব্বতত থকা এজোপা বৰ গছৰ নাম।
- ভাণ্ড্Transitive verb
ভুবা দি; ঠগ কৰ্; ছল কৰ্; বঞ্চনা কৰ্
to deceive
- ভাতbhātaNoun
চাউল সিজোবা
boiled rice
- ভাত কেৰেলাbhat ke.re.laCommon Noun
a southeast asian fruit used as both food and medicine
- ভাত মাৰ্
জীবিকাৰ উপায় নষ্ট কৰ্
to take away one's means of livelihood
- ভাত মৰ্bhāta, marIntransitive verb
চাউল মৰ্; জীবিকাৰ উপায় নষ্ট হ
to be deprived of the livelihood
- ভাত-কাপোৰীয়াbhāta-kāporīẏāAdjective
ধনৰ সলনি ভাত আৰু কাপোৰ লৈ কাম কৰা বা চাকৰ খটা
serving for food and raiment only
- ভাত-কেৰেলাbhāta-kerelāNoun
তিতা গুণ নথকা এজাতি কেৰেলা আৰু তাৰ লতা গছ
a kind of creeper and its edible fruit; Momordica diocica or chinensis
- ভাত-ঘিলাbhāta-ghilāNoun
ঘিলাৰ নিচিনা ডাঙৰ ফাঁক বা ছেঁই ধৰা এবিধ গছ [ইয়াৰ গা গছত ডাল নেমেলে আৰু পাত প্ৰায় কেচেৰুৰ পাতৰ নিচিনা; গছ কাটি আন ঠাইত ৰুলে তাৰেপৰা গছ গজে; শিমলু ফুলৰ গঢ়ৰ কিন্ত্ত বগা ঈষৎ হালধীয়া ফুল ধৰে, তাৰ কোনো লোকে আঞ্জা খায়; খৰালি পাত সৰি গছ লঠা হয়।]
a kind of tree; Oroxyhum indica
- ভাত-ঘুমটিbhāta-ghumaṭiNoun
ৰাতি ভাত খোবাৰ পাছতে ধৰা প্ৰথম ঘুমটি
the heavy sleep which comes just after the chief meal at night
- ভাত-ছোৱনিbhat-so’.wa.niAbstract Noun
(কোনো কোনো হিন্দু ধৰ্মাৱলীলোকৰ মাজত প্ৰচলিত)ছমহীয়া শিশুক প্ৰথমবাৰৰ বাবে অন্নখুৱাওঁতে পতা ধাৰ্মিক অনুষ্ঠান৷
(among some Hindus) a ceremony organized to offer rice for the first time to a six month old child.
- ভাত-জাৰ
জাৰকালি ভাত খোবাৰ পাছত লগা জাৰ।
- ভাত-জাৰbhāta-jāraNoun
জাৰকালি ভাত খোবাৰ পাছতে লগা অধিক জাৰ; যেনে-"ভাত-জাৰ, ভূত-জাৰ"
chill felt after a meal in the winter
- ভাত-জ্বৰbhāta-jbaraNoun
এবিধ খন্তেকীয়া সামান্য জ্বৰ
a sort of fever which does not last long
- ভাত-তিতাbhāta-titāNoun
ভাতৰ লগত খোবা এবিধ তিতা গুটি আৰু তাৰ গছ; "তিতা-গুটি" চোবাঁ
a kind of bitter seed and its plant
- ভাত-পানীAbstract Noun
দুপৰীয়া বা সন্ধিয়া এবাৰত খোৱা আহাৰ।
food eaten at a time during dinner or lunch.
- ভাত-পিঠাbhāta-piṭhāNoun
পিঠাগুড়ি পানী বা গাখীৰত গুলি চালনিত সৰকাই তাৰ তলত উতলি থকা পানীত সিজাই কৰা এবিধ পিঠা
a preparation of rice flour of which the dough is passed through a sieve to boiling water and then cooked