কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চন্দ্ৰমাcandramāNoun
চন্দ্ৰ; জোন; যেনে-"পূৰ্ণ চন্দ্ৰমাৰ চাৰু ৰশ্মিয়ে ৰঞ্জিত" (দশম)
the moon
- চন্দ্ৰমুখcandramukhaNoun
চন্দ্ৰৰ নিচিনা শুবনী মুখ; জোনৰ দৰে লাবণ্য-যুক্ত মুখ
a beautiful face
- চন্দ্ৰমুখীFeminine
চন্দ্ৰৰ নিচিনা শুবনী মুখেৰে স্ত্ৰী; সুন্দৰী বা তিৰোতা
a beautiful woman
- চন্দ্ৰমোহনAbstract Noun
চন্দ্ৰৰ দৰে মোহনীয়
charming like the moon.
- চন্দ্ৰমৌলিcandramauliNoun
শিব; মহাদেব
a name of Śiva
- চন্দ্ৰমৌলীson.dro.mou.liProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- চন্দ্ৰযান-১son.dro.jan-ekProper Noun
ভাৰতীয় মহাকাশ গৱেষণা সন্থাৰ চন্দ্ৰলৈ পঠিওৱা প্ৰথম মানৱহীন মহাকাশযান
The first unmanned spacecraft of ISRO to the Moon
- চন্দ্ৰলতাcandralatāNoun
সোম-লতা।
- চন্দ্ৰলোকcandralokaNoun
চন্দ্ৰ থকা ঠাই
the lunar region
- চন্দ্ৰশেখৰson.dro.xe.khorProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- চন্দ্ৰসুধাson.dro.xu.dhaAbstract Noun
জোনৰ পোহৰ
the light of the moon
- চন্দ্ৰহাসcandrahāsaNoun
চোকা তিৰবিৰ কৰি থকা এবিধ খড়্গ বা তৰোবাল; যেনে-"চন্দ্ৰহাস হানি পাখা ৰাবণে ছেদিল" (মা. ক., অৰণ্যকাণ্ড)
a kind of sword
- চন্দ্ৰহাৰcandrahāraNoun
এবিধ তিৰোতাই পিন্ধা হাৰ [তাত চন্দ্ৰৰ আকৱতিৰ সৰু সৰু মোহৰ লগোবা থাকে।]।
- চন্দ্ৰাংশুson.drang.suAbstract Noun
জোনৰ পোহৰ
the light of the moon
- চন্দ্ৰাকীson.dra.kiCommon Noun
মতা ময়ূৰ চৰাই, যি তাৰ নানা-ৰঙী পাখি মেলি চালি ধৰিব পাৰে।
A male peafowl, distinguished by its crested head, brilliant blue or green plumage, and long modified back feathers that are marked with iridescent eyelike spots and that can be spread in a fanlike form.
- চন্দ্ৰাতপson.dra.topAbstract Noun
জোনৰ পোহৰ
the light of the moon
- চন্দ্ৰাত্মজson.drat.mojProper Noun
সৌৰজগতত সূৰ্য্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ ৷
the first planet of the solar system
- চন্দ্ৰাননীcandrānanīNoun
চন্দ্ৰমুখী।
- চন্দ্ৰাবতীcandrābatīAdjective
চন্দ্ৰাবলী; যেনে-"চন্দ্ৰাবতী ৰজনী দেখি বহু দূৰ" (মা.ক., কিষ্কিন্ধ্যাকাণ্ড)।
- চন্দ্ৰাবলীcandrābalīAdjective
জোনৰ দ্বাৰা প্ৰকাশিত; জোনাক
moon-light