কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পণ্যদ্ৰব্যpon.yo drob.yoCommon Noun
Items to be sold in the market
- পণ্যবাহী
পণ্যৰ বোজা কঢ়িয়াই নিওঁতা।
- পণ্যাংগনাpo.nyang.go.naCommon Noun
a woman who engages in sexual intercourse for money
- পণ্যাগাৰpon.ya.garMaterial Noun
ভৱিষ্যত্ ব্যৱহাৰৰ বাবে সামগ্ৰী সংৰক্ষণ কৰা ঠাই।
a place where items are preserved for future use.
- পতংpatamNoun
তললৈ যোবা; শেষ হোবা; সৰ্ব্বনাশ
ruin; end
- পতং দি
নাইকিয়া হ; যেনে-"পলাই পতং দিলে;"
to disappear; to vanish
- পতংগতত্বpo.tong.go.tot.twoAbstract Noun
কীট-পতংগৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানৰ শাখা।
the branch of zoology dealing with insects.
- পতংগভোজী উদ্ভিদpo.ton.go.bho`.ji ud.bhidCommon Noun
কীট-পতংগক আহাৰ হিচাপে গ্ৰহণ কৰা উদ্ভিদ৷
Plants that feeds on insects.
- পতগpo.tongCommon Noun
এযোৰ ডেউকা (পাখি) সহায়ত উৰিব পৰা এবিধ উষ্ণৰক্তী অণ্ডজ প্ৰাণী ।
A warm-blooded, egg-laying, feathered vertebrate with the forelimbs modified to form wings.
- পতঙ্গpataṅgaNoun
যি পোকে উৰিব পাৰে; দুটা ভৰি থকা কীট।
- পতঙ্গভোজীpo.tong.go.bho’.jiProper Adj.
কীট-পতঙ্গ বা পোক-পৰুৱা খাই জীৱন নিৰ্বাহ কৰা জন্তু বা গছ ৷
An animal or plant that feeds mainly on insects.
- পতঙ্গমpataṅgamaNoun
ফৰিং আদি পাখি লগা পোক
a winged insect
- পতঙ্গীয়াpo.tong.gi.yaProper Noun
অসমৰ কোঁচ ৰজাৰ শাসন কালৰ একশ্ৰেণীৰ ৰাজহ বিষয়া ।বৰ্ত্তমান অসমৰ এটা উপাধি ।
A class of revenue officer of the Koch Kingdom of Assam. Now it is a surname of Assam.
- পতঞ্জলিpatañjaliNoun
হিন্দুৰ যোগ-দৰ্শন আৰু পাণিনিৰ ভাষ্যা কৰা এজন মুনি [প্ৰবাদ আছে যে, পাণিনি ঋষিয়ে কৱতাঞ্জলি হৈ ঈশ্বৰক তুতি কৰি থাকোঁতে, পতঞ্জলি স্বৰ্গৰপৰা এটি সৰু সাপৰ আকৱতিৰে তেওঁৰ হাতত পৰে।]
the founder of the Yoga system of philosophy and author of the great commentary on Sutras of Panini
- পতঞ্জলীpo.ton.jo.liProper Noun
কেবাখনো সংস্কৃত গ্ৰন্থৰ লগত জৰিত সংস্কৃত পণ্ডিত৷
Patañjali is a Sanskrit proper name. Several important Sanskrit works are ascribed to one or more authors of this name, and a great deal of scholarship has been devoted over the last century or so to the issue of disambiguation
- পতত্ৰpatatraNoun
ডেউকা; যেনে-"চন্দ্ৰক নিশ্চয়ে বিচিত্ৰিত কেকী পতত্ৰ সুবেশিত কেশা"
a wing (as a bird)
- পতত্ৰিpo.to.triCommon Noun
এযোৰ ডেউকা (পাখি) সহায়ত উৰিব পৰা এবিধ উষ্ণৰক্তী অণ্ডজ প্ৰাণী ।
A warm-blooded, egg-laying, feathered vertebrate with the forelimbs modified to form wings.
- পতত্ৰীৰাজpo.to.tri.rajProper Noun
মানুহৰ দৰে হাত-ভৰি আৰু ঈগলৰ দৰে ঠোঁট আৰু ডেউকা থকা এজন দেৱতা ৷ ইয়াক চৰাইৰ ৰজা বুলি কোৱা হয় আৰু সাপ খায় ৷ বিষ্ণুৰ বাহন ৷
A supernatural eagle-like being that serves as Vishnu's mount. It has body like human being with beak and wing similar to the Eagle. It is known to be the king of birds and eats snakes.
- পতনpatanaNoun
তললৈ পৰা কাৰ্য্য
the act of falling
- পতনিpatani
"পোতনি" চোবাঁ; যেনে-"অবশেষ পতনি তথাত থাকে পৰি" (শঙ্কৰ-চৰিত)।