কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সংকলিতVerbal Adj.
গদ্য, পদ্য, বা কোনো পুথি লিখা কাৰ্য্য; গীত অথৱা সংগীত ৰচনা কৰাৰ ক্ষেত্ৰতো ব্যৱহাৰ হয়
produced by writing, composing (Specially used for music, literature etc.)
- সংকল্পxong.kol.poAbstract Noun
এক দৃঢ় সিদ্ধান্ত
A fixed and persistent intent or purpose; a firm decision
- সংকল্পনাxong.kol.po.naAbstract Noun
সকলো দোষ-গুণ বা সবিশেষ তথ্য মনতে একেলগ কৰি কিহবাৰ বিষয়ে ধাৰণ কৰা মত
an idea of something formed by mentally combining all its characteristics or particulars
- সংকল্পবদ্ধxong.kol.po.bod.dhoVerbal Adj.
কোনো বিষয় বা অৱস্থানৰ পক্ষত সংকল্প বা পণ গ্ৰহণ কৰা
taken a pledge (oneself) to a position on an issue or question
- সংকল্পৱদ্ধxong.kol.po.bod.dhoVerbal Adj.
কোনো বিষয় বা অৱস্থানৰ পক্ষত সংকল্প বা পণ গ্ৰহণ কৰা
taken a pledge (oneself) to a position on an issue or question
- সংকলয়িতাxong.ko.loyi.taProper Noun
গদ্য, পদ্য, বা কোনো পুথি সংকলন কৰোঁতা ; গীত অথৱা সংগীত ৰচনা কৰাৰ ক্ষেত্ৰতো ব্যৱহাৰ হয় ।
A person who compiles information (as for reference purposes). The information may be a book, a poem, a song or some other reference.
- সংকায়xong.kayCommon Noun
কোনো বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ কোনো এক বিভাগৰ শিক্ষকবৃন্দ অথবা তাৰ আনুষংগিক ব্যক্তিসকল|
The teachers and instructors within any of the divisions or comprehensive branches of learning at a college or university
- সংকাৰকxong.ka.rokAbstract Noun
a symbol that signifies an operation to be carried to one or more constants or/and variables
- সংকীৰ্ণxong.kir.noProper Adj.
যি কেৱল নিজক লৈ ব্যস্ত বা নিজৰ হিতৰ কথাহে চিন্তা কৰে
concerned chiefly or only with oneself
- সংকীৰ্ণমনাProper Adj.
বহল বা খোলা মনৰ অধিকাৰী নোহোৱা, অৰ্থাৎ আনৰ মতামতক মুকলি মনেৰে গ্ৰহণ কৰিব নোৱাৰা
not open-minded; having or showing a prejudiced mind, as persons or opinions
- সংকীৰ্তনxong.kir.tonAbstract Noun
ভগৱান বা ধৰ্মীয় নেতাৰ গুণ বখানি গোৱা গীত
A song sung to celebrate a god or a religious leader
- সংকীৰ্ত্তনsaṅkīrttana
"সঙ্কীৰ্ত্তন" চোবাঁ।
- সংকুচিতxong.ku.sitVerbal Adj.
চাপ প্ৰয়োগ কৰি পৰিসৰ কম কৰি কোঁচাই পেলোৱা
Made more compact as if by pressing
- সংকুচিত কৰ্xong.ku.sit korVerb-Trans.
কোনো বস্তুৰ আকাৰ সৰু কৰা কাৰ্য্য
to change something to a smaller size
- সংকুচিত হxong.ku.sit hoVerb-Intran.
To become smaller in size
- সংকেতxong.ketAbstract Noun
অৰ্থৰ ক্ষেত্ৰত সহমতৰ ভিত্তিত ব্যৱহৃত শব্দৰে, অঙ্গি-ভঙ্গিৰে বা লিখিত ৰূপত প্ৰকাশ কৰা কোনো চিহ্ন
sound, gesture or written symbol with an agreed upon meaning
- সংকেত দেxong.ket deVerb-Trans.
To display a sign or make things known
- সংকেত বিনিময়xong.ket bi.ni.moyCommon Noun
(কথা কওঁতে) দুটা ভাষা সলনা-সলনিকৈ ব্যৱহাৰ কৰা৷
alternately using two languages (while speaking)
- সংকেতপূৰ্ণxong.ket.pur.noProper Adj.
সংকেত সম্পৰ্কীয়
related to symbols or signals
- সংকেতময়xong.ket.moyProper Adj.
সংকেত সম্পৰ্কীয়
related to symbols or signals