কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঝ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঝিলিকনিjhi.li.ko.niAbstract Noun
উজ্জ্বল পোহৰ হঠাতে জিলিকি উঠা।
The emition or reflection of strong light sparingly.
- ঝিলিক্jhilikIntransitive verb
চক্মকা; জলমলা; উজ্জ্বল হ
to glitter; to sparkle; to shine
- ঝিলীjhilīNoun
এবিধ বৰ দীঘলীয়াকৈ ঝিঁ-ঝিঁ শব্দ কৰা পাখি লগা পোক [ইয়াৰ তিনি জাতি আছে, যেনে-কোটাৰেং বা.
- ঝিল্মিলjhilmilaNoun
বাম শস্যৰ লগত এনেই গজা এবিধ বন- শাক
a species of pot-herb chenopodium album
- ঝিল্মিলাjhilmilāIntransitive verb
জল্মলা।
- ঝিল্মিলীয়াAdjective
জল্মলীয়া।
- ঝিয়াji.yaCommon Noun
অবিবাহিত কম বয়সৰ মাইকী মানুহ ৷
An unmarried youthful female person.
- ঝিয়াঁjhiẏām̐Noun
এবিধ মূৰডাঙৰ, চিয়াঁ আৰু দীঘল গাৰে, চাৰিখন নিচেই পাতল আৰু জলজলীয়া পাখিৰে এবিধ উৰি ফুৰা পোক
a dragon-fly
- ঝুঠাjhuṭhāAdjective
মিছা; বৱথা
false; rufitless
- ঝুনঝুনাCommon Noun
ফেবেচি পৰিয়ালৰ অন্তৰ্গত ক্ৰটেলেৰিয়া ৰেটুচা প্ৰজাতিৰ এবিধ ফুলগছ৷ ফুলৰ ৰং হালধীয়া৷ ছিৰাৰ ভিতৰত ধৰা গুটিবোৰ পূৰঠ হ’লে ছিৰাৰ ভিতৰতে এৰি যায় আৰু সেয়েহে লৰালে শব্দ হয় ৷
A highly ornamental plant, a member of the bean family (Fabaceae), it produces bright yellow flowers that are borne on an upright spike which is presented prominently above a mass of jade green leaves. The seeds become loose in the pod as they mature, and rattle when the pod is shaken.
- ঝুম-খেতিjhuma-khetiNoun
পৰ্ব্বতৰ কাঠনি-মাটি পুৰি কৰা বাম খেতি
jhum ltivation
- ঝুমকাjhum.kaMaterial Noun
কাণত পিন্ধা সৰু অলঙ্কাৰ
jewelery to ornament the ear; usually clipped to the earlobe or fastened through a hole in the lobe
- ঝুমাjhumāNoun
শুকান নাৰিকল; যেনে-"বেল জাইফলঃ ডাব নাৰিকলঃ ভাঙ্গিবেক কতো ঝুনা" (ৰুক্মিণী-হৰণ)।
- ঝুমুৰjhumuraNoun
এক প্ৰকাৰ নাচ।
- ঝুমুৰাjhumurāNoun
এক প্ৰকাৰ নৱত্য; (মাধবদেব-ৰচিত) এক প্ৰকাৰ নাটক।
- ঝুমুৰা নৃত্যjhu.mur nri.tyoProper Noun
ঝুমুৰা নৃত্য সত্ৰীয়া বা শঙ্কৰী নৃত্যৰ এটি ভাগ | মহাপুৰুষ শঙ্কৰদেৱে ১৫ শ শতিকাত সৃষ্টি কৰা এই নৃত্যৰ যোগেদি ভগৱানৰ গুণ, মহিমা বৰ্ণনা কৰা হয় |
One of the dance forms, created by Mohapurux Srimanta Sankardev in the 15th century in Assam.It is one among eight principal classical Indian dance traditions.
- ঝুমুৰিjhumuriNoun
প্ৰত্যেক ফাকিত আঠোটা আখৰ থকা এবিধ ছন্দ; যেনে-"হেন শুনি জাম্ববন্ত। ধাইলা মহা বলবন্ত" (কীৰ্ত্তন-ঘোষা)।
- ঝুমুৰীjhumurīNoun
প্ৰত্যেক ফাকিত আঠোটা আখৰ থকা এবিধ ছন্দ; যেনে-"হেন শুনি জাম্ববন্ত। ধাইলা মহা বলবন্ত" (কীৰ্ত্তন-ঘোষা)।
- ঝুমৰjhumaraNoun
এক প্ৰকাৰ নাচ।
- ঝুলন-যাত্ৰাjhulana-yātrāNoun
শাওণ মাহৰ শুক্লা একাদশীৰপৰা পূৰ্ণিমালৈকে হোবা শ্ৰীকৱষ্ণৰ এটা উৎসব।