কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জংঘাjong.ghaMaterial Noun
আঁঠুৰ ওপৰৰ পৰা কঁকাল পৰ্য্যন্ত মাজৰ চোৱা।
the portion of the leg between the knee and the pelvic region.
- জংচনjong.sonAbstract Noun
বিভিন্ন দিশৰ পৰা অহা ৰে’লপথৰ সংযোগ স্থল৷
a place or station where railroad lines meet, cross, or diverge.
- জইন্ মাৰ্Verb-Trans.
কোনো বস্তু শক্তি প্ৰয়োগ কৰি ভাগ ভাগ কৰি ব্যৱহাৰৰ অনুপযোগী কৰি তোল্।
To render useless or ineffective by tear down or break up.
- জওজেjaojeNoun
স্বামী (খত-পত্ৰ)
a husband
- জক ল জাকৰ জন্ত্তৰ লগ লjaka, la, jākara, janttara, laga, la
যেনে-"কিনি অনা গৰুটোবে জাক লোবা নাই"
to mix with other animals of the flock
- জকʼVerb-Trans.
ধেমালিতে বিভিন্ন প্ৰৰোচনামূলক মন্তব্য দি আমনি কৰ্ বা খং তোল্
to irritate or provoke with persistent petty distractions, trifling raillery, or other annoyance, often in sport
- জকমকjok.mokMaterial Noun
লৰি থকা দীপ্তি বা পোহৰ ।
a glittering flash of light.
- জকমকীয়াjok.mo.ki.yaProper Adj.
দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ আৰু দেখি ভাল লগাকৈ অতি উজ্জ্বল আৰু ৰঙীন
Very bright and colorful so as to attract attention and please the eyes
- জকাjakāNoun
ভাত ৰন্ধা, ধান সিজোবা আদিত ব্যবহাৰ কৰা পিতলৰ বা আন ধাতুৰ বৰ ডাঙৰ টৌ
a large metallic vessel for cooking, etc.
- জকাইjakāiNoun
জাকৈ।
- জকাইচুকjakāicukaNoun
জকাইৰ চুক; বিণ. জকাইচুকীয়া আওহতীয়া (ঠাই)।
- জকাৰ-কাৰ দি ধৰ্jakāra-kāra, di, dhar
বহু লোকে বেঢ়ি ডাঙৰকৈ কথা ক বা সোধ্
to perplex one with noisy questions
- জকাৰ্jakārTransitive verb
জোকাৰ্; উচ্চাৰণ কৰ্; গা; যেনে-"জয় কৱষ্ণ বুলি জকাৰন্ত" (কীৰ্তন)
to utter; to sing
- জকিয়াjakiẏāIntransitive verb
পানীৰ ওপৰলৈ জাক পাতি উঠি জঁপিয়া (সৰু মাছ)
to leap to the surface of water (as a shoal of small fish)
- জক্জকাjakjakāIntransitive verb
জিক্জিকা।
- জক্জকীয়াjakjakīẏāAdjective
স্পষ্ট-ৰূপে ওলাই থকা
plainly visible
- জক্মক্jakmakNoun
বৰণ বি ৰঙৰ জিলিকনি; বৰণৰ শোভা বা কান্তি
beauty or brilliancy of colours; lustre; glittering
- জক্মক্নিNoun
জক্মক্ কৰা কাৰ্য; জকমক কৰা গুণ
the act or quality of being brilliant
- জক্মক্jok.mokProper Adj.
বিভিন্ন ধৰণৰ ৰঙেৰে ভৰি থকা ।
Full of different colours.
- জক্ৰাjok.raCommon Noun
পানী নিদিয়াকৈ থোৱা ভাত৷
cooked rice kept dry for after use.