কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খকৰkhakaraNoun
অকস্মাৎ কোনো বস্ত্তত খুন্দা খাই হোবা শব্দ; অকস্মাৎ হোবা শব্দ বা মাত
an imitative word used to express a sudden sound as caused by one thing striking against another
- খকৰ কৰেkho.kor ko.reAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- খকৰা-মুকুটিkhakarā-mukuṭiNoun
হাত মুঠি বুঢ়া আঙুলিৰ মূৰেৰে গালত বেগাই কৰা আঘাত; ঠোকোনা
a sudden blow given on the cheek with a clenched fist
- খকৰাইkho.ko.raiAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- খকৰাই, খকৰ কৰেAdverb
হঠাৎ; গিৰিসাই; নেভাবি-নিচিন্তি (খুন্দা বা মাত মতা)
suddenly; unexpectedly
- খখাৰkhakhāra
খেঁকাৰ; যেনে-"গৰ্ভৰ পুৰীষ জলে খখাৰে সিঙ্গুনে বান্তি" (মা.ক. সুন্দৰাকাণ্ড)।
- খখৈয়াkhakhaiẏāAdjective
শিলিখা, আমলখি আদি চোবাই পৰিষ্কাৰ কৰা (মুখ); ফৰ্ফৰীয়া
clean; tasteful
- খখয়াkhakhaẏāNoun
নৈ বা নিজনি পানীত থকা এজাতি সৰু চেপেটা বগা মাছ; জলজলীয়া
a kind of fish; Mugil caścasia
- খগkhagaNoun
চৰাই
a bird
- খগপতিkhagapatiNoun
গৰুড়।
- খগমkho.gomCommon Noun
এযোৰ ডেউকা (পাখি) সহায়ত উৰিব পৰা এবিধ উষ্ণৰক্তী অণ্ডজ প্ৰাণী ।
A warm-blooded, egg-laying, feathered vertebrate with the forelimbs modified to form wings.
- খগস্থানMaterial Noun
চৰাইয়ে কণী পাৰিবলৈ আৰু পোৱালি তুলিবলৈ সজা ঘৰ
The home found or built by bird where it lays eggs and shelters its young
- খগাটMaterial Noun
কোনো নক্ষত্ৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰা এক মহাজাগতিক বস্তু
a havenly body that revolves around a star
- খগাধিপkho.ga.dhipProper Noun
মানুহৰ দৰে হাত-ভৰি আৰু ঈগলৰ দৰে ঠোঁট আৰু ডেউকা থকা এজন দেৱতা ৷ ইয়াক চৰাইৰ ৰজা বুলি কোৱা হয় আৰু সাপ খায় ৷ বিষ্ণুৰ বাহন ৷
A supernatural eagle-like being that serves as Vishnu's mount. It has body like human being with beak and wing similar to the Eagle. It is known to be the king of birds and eats snakes.
- খগান্তকCommon Noun
এবিধ ডাঙৰ চিকাৰী চৰাই।
Kite is a common name for birds of the family Accipitridae.
- খগাপগাProper Noun
ভাৰতবৰ্ষৰ উত্তৰ অঞ্চলৰ মাজেদি বৈ যোৱা এক প্ৰধান নদী।
A major river flowing through the northern part of India.
- খগাভিৰামProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- খগাশ্বkho.ga.swoProper Noun
আকাশত থকা এটা তাৰকামণ্ডল৷
A constellation in the sky.
- খগাসনkho.ga.xonProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- খগেন মহন্তkho.gen mo.hon.toProper Noun
খগেন মহন্ত এগৰাকী অসমীয়া গায়ক, সুৰকাৰ, অভিনেতা তথা কথাছবি পৰিচালক| তেখেত অসমীয়া লোক-সঙ্গীত আৰু বৰগীতৰ গায়ক হিচাবে বেছি প্ৰখ্যাত| ১৯৪২ চনত এটা সত্ৰীয়া পৰিয়ালত জন্ম হোৱা মহন্ত ডাঙৰীয়াৰ পিতৃৰ নাম হৰেন্দ্ৰনাথ গোস্বামী আৰু মাতৃৰ নাম লক্ষ্মীপ্ৰিয়া দেৱী|
তেখেতে সাত বছৰ বয়সৰ পৰাই সত্ৰীয়া সঙ্গীতৰ শিক্ষা আৰম্ভ কৰি অতি কম বয়সতে তবলাতো দক্ষতা অৰ্জন কৰিছিল| ৰূদ্ৰ বৰুৱা আৰু কেশৱ মহন্তৰ সান্নিধ্যলৈ অহাৰ পৰা গায়ক হিচাবে তেখেতৰ প্ৰকৃত যাত্ৰা আৰম্ভ হয়| কেশৱ মহন্ত ৰচিত আৰু ৰূদ্ৰ বৰুৱাৰ সুৰাৰোপিত ‘কলৰে পাততে কাউৰী পৰে’ নামৰ গীতটিয়ে ১৯৫৭ চনত গায়ক হিচাবে তেখেতক বিখ্যাত কৰি তোলে| ১৯৫৮ চনত তেখেতে শ্বিলঙৰ ফাইন আৰ্টছ ছেন্টাৰৰ সভ্য হয়| ১৯৫৯ চনত তেখেতে মহীশূৰত সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় সমাৰোহত পৰম্পৰাগত লোকবাদ্য শ্ৰেণীত খোল বাদন কৰি প্ৰথম পুৰস্কাৰ লাভ কৰে| ১৯৬০ৰ ভাষা আন্দোলনৰ সময়ছোৱাত তেখেতে বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস আৰু যুগল দাসৰ স’তে সুৰ বাহিনীৰ জৰিয়তে সমগ্ৰ অসমতে শান্তিৰ বাবে গোহাৰি জনাই গীত পৰিবেশন কৰে| অসমৰ্থিত সূত্ৰৰ মতে তেখেতে বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘পৰজনমৰ শুভ লগনত’ নামৰ গীতটিত সুৰৰোপ কৰিছিল| ১৯৬১ চনত তেখেতৰ প্ৰথম গ্ৰাম’ফ’ন ৰেকৰ্ড ওলায়|
১৯৬৫ চনত তেখেতে নেপালৰ কাঠমান্ডুৰ ৰয়েল হলত গীত পৰিবেশন কৰে| আন গীতৰ লগতে তেখেতে গোৱা দুটি নেপালী লোকগীতে ৰজা মহেন্দ্ৰৰ প্ৰশংসা অৰ্জন কৰে| সেই একেই অনুষ্ঠানতে বিখ্যাত নেপালী গায়ক ধৰ্ম্মৰাজ থাপাই নিজৰ নেপালী টুপীটো মহন্ত ডাঙৰীয়াৰ মূৰত পিন্ধাই দিয়ে| তেনেধৰণৰ নেপালী টুপী আজিও তেখেতৰ পৰিচয়বাহক|
পত্নী অৰ্চনা মহন্তৰ স’তে মহন্ত ডাঙৰীয়াই কেইবাশও অসমীয়া আধুনিক, লোকগীত আৰু বৰগীত গাইছে| বিহুগীতক নিভাঁজ ৰূপত পৰিবেশন কৰাৰ বাবে তেখেতকবিহুসম্ৰাট আখ্যা দিয়া হয়|
তেখেতে 'নিশি উজাগৰ' আৰু 'যুঁজ' নামৰ দুখন চলচিত্ৰ পৰিচালনা কৰে| 'যুঁজ' নামৰ কথাছবিখনে ১৯৯০ চনত ৰজত কমল বঁটা অৰ্জন কৰে| 'মইনাজান', 'মেঘমুক্তি', 'নিশি উজাগৰ' আৰু 'যুঁজ' নামৰ কথাছবিকেইখনত তেখেতে সঙ্গীত পৰিচালনা কৰে| ইয়াৰোপৰি ১৯৬১ চনত শকুন্তলা নামৰ কথাছবিখনত তেখেতে অভিনয় কৰে|
১৯৯২ চনত তেখেতক সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হয়|

'কাউৰী পৰে...' গীতটি শুনিবলৈ তলত ক্লিক্ কৰকঃ

<embed quality="high" pluginspage="http://www.macromedia.com/go/getflashplayer" type="application/x-shockwave-flash" bgcolor="#000" width="328" height="94" src="http://res0.esnips.com/escentral/images/widgets/flash/esnips_player.swf" flashvars="theTheme=blue&autoPlay=no&theFile=http://www.esnips.com//nsdoc/80738d9e-26fc-4d2e-9877-743e47be7f92&theName=Kauri Pare - Khagen Mahanta &thePlayerURL=http://res0.esnips.com/escentral/images/widgets/flash/mp3WidgetPlayer.swf"></embed>

Get this widget

Track details

eSnips Social DNA

Khagen Mahanta is a singer from Assam, better known for his renditions of Assamese folk and classical songs. Born to a xotradhikar, Mahanta started learning xotriya music from the age of seven. As a youngster he also learned to play the tabla. His journey as a popular singer began after he came in contact with Rudra Barua and Keshav Mahanta. His rendition of the song kolore patote kauri pore written by Keshav Mahanta and composed by Rudra Barua catapulted his singing career in 1957.
In 1965 Mahanta performed in the Royal Hall at Kathmandu, Nepal. His performance, including two Nepali folk songs earned him accolades from the King Mahendra. On the same occasion famous Nepali singer Dharma Raj Thapa took off his Nepali cap and placed it on Mahanta's head. Similar headdresses have since adorned his head.
Mahanta has rendered his voice in hundreds of Assamese modern, folk and classical songs along with his wife Archana Mahanta.