কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছিৰাTransitive verb
আনৰ হতুবাই দীঘল দীঘলকৈ ফলা
to cause to be split into stripes
- ছিৰা মেল্
দীঘলীয়াকৈ ফাট মেল্
to crack
- ছিৰাছিৰAdjective
বহুত দীঘল দীঘল ফাট মেলা
having many cracks
- ছিৰিchiriNoun
তাঁতৰ সূতাৰ মাজত সুমোবা চেপেটা এমূৰ-জোঙা বাঁহ
a flat rod used in a native loom
- ছিৰি-লোchiri-loNoun
পাতি-লো।
- ছিৰিলিchiriliNoun
সৰু ছিৰা
a small stripe
- ছিৰিলি ছিৰিলিAdjective
বহুত সৰু সৰু ছিৰা থকা, তেতেলী-পতীয়া
divided into small stripes; fringe-like
- ছিৰীchirīNoun
চেহেৰা।
- ছিৰ্chirTransitive verb
ঠেক আৰু দীঘলীয়াকৈ ফাল্
to tear; to rend
- ছিৰ্কাchirkāNoun
ধান, য'ধান আদিৰ চাউল সিজোবা পানী বাহীকৈ থৈ টেঙা কৰি তৈয়াৰ কৰা এবিধ জুলীয়া বস্ত্ত
vinegar; Acetum
- ছীলsilVerbal Noun
কোনো অঞ্চলৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰাকৈ আইনগতভাৱে সম্পূৰ্ণ বন্ধ কৰা কাৰ্য্য ৷
to block (an entrance, area, etc.) completely so as to prevent escape or entrance by the law.
- ছুই নিকিলাchui, nikilā
কিলাবলৈ মাথোন বাকী; অতিপাত গালি-শপনি পাব্
to abuse or chastise violently
- ছুছাৰীCommon Noun
ৰাভা সকলৰ এগৰাকী আৰাধ্যা দেৱী
A goddess of the Rabhas
- ছুজিchujiNoun
ঘেঁহু ধানৰ চাউলৰ খৰচীয়া গুৰি [চাউলবোৰ পিহোঁতে নিচেই ওপৰৰ ভাগৰপৰা যি খৰচীয়া পিঠা-গুৰি ওলায় তাকে 'চুজি' বোলে ; চাউলৰ মাজৰ ভাগৰ যি গুলি ওলায় তাকে 'আটা' আৰু নিচেই মাজৰ অৰ্থাৎ শাহৰপৰা যি অতি মিহি গুৰি হয় তাক 'ময়দা' বোলে।]
the coarsest flour of wheat
- ছুটনchuṭanaNoun
বিৰাম; অবসৰ; যেনে-"ছুটন নোহোবাকৈ কাম কৰিছো"
interruption; relief from work
- ছুটিchuṭiNoun
চেঁকুৰ; ঢাপলি; বেগাই মৰা লৰ
fast running
- ছুটি মেলা
চেঁকুৰা; ঘোঁৰা আদিত উঠি অতি বেগাই যা
to ride fast
- ছুটি মেল্
বেগাই লৰি যা; চেঁকুৰ্; ঢাপলি মেল্
to run rapidly
- ছুটি লাগ্
চুবা ঠাই বা মানুহৰ সংসৰ্গত নৰিয়া হ
to suffer from contagion
- ছুটি-খৰchuṭi-kharaNoun
গাত চকলা বান্ধি উঠা এবিধ ৰোগ।