কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সংহিতাsaṃhitāNoun
বেদৰ মন্ত্ৰ-সমষ্টি; মনু আদি ঋষিয়ে কৰা শাস্ত্ৰ; স্মৱতি বা ব্যবস্হা শাস্ত্ৰ; বেদৰ কৰ্ম-কাণ্ডৰ বিবৰণ থকা শাস্ত্ৰ
collection of hymns; a code of Hindu laws; a compilation of laws; abranch of the Vedas
- সংহৰ্saṃharTransitive verb
ধ্বংস কৰ্; নাশ কৰ্; মষিমূৰ কৰ্; . বি. সংহৰণ। সংহৰি ক ভাঙি-পিটি ক; নিশ্চয়কৈ ক; . সংহাৰ [সং.] বি. নাশ; ধ্বংস
to destroy; to crush ; to speak exactly or positively ; destruction
- সংহৰ্তাxong.hor.taCommon Noun
ইচ্ছাকৃত আৰু বেআইনী ভাৱে আনৰ মৃত্যু ঘটোৱা লোক।
One who intentionally and unlawfully kills another human being.
- সংৰক্ষকxong.ro.khyokCommon Noun
যি কিহবাক ধ্বংসৰ পৰা ৰক্ষা কৰি সংৰক্ষণ কৰে
one who preserves or saves something from getting damaged
- সংৰক্ষণsaṃrakṣaṇaNoun
ভালকৈ ৰখা কাৰ্য্য
the act of protecting, keeping or guarding well
- সংৰক্ষণ কৰ্xong.ro.khyon korVerb-Trans.
to ensure a seat for a service such as train, bus or for a theater by paying advanced money
- সংৰক্ষিতxong.ro.khitVerbal Adj.
কোনো নিৰ্দ্দিষ্ট ব্যক্তি বা দলে ব্যৱহাৰ কৰাৰ কাৰণে আচুতীয়াকৈ থোৱা
Set aside for the use of a particular person or party.
- সংৰচনাxong.ro.so.naMaterial Noun
যিকোনো বস্তু যি ৰূপ বা অৱস্থাত বৰ্ত্তি থাকে বা আৱিৰ্ভাব হয়৷
A form or condition in which something may exist or appear.
- সংৰূপxong.rupAbstract Noun
কোনো এটা বস্তু গঢ় লোৱা প্ৰক্ৰিয়া
the way in which a thing is composed or made up
- সংৰূপ দেxong.rup deVerb-Trans.
কোনো যন্ত্ৰ বা তাৰ চফ্টৱেৰ ব্যৱহাৰকাৰীৰ সুবিধা/প্ৰয়োজন অনুসৰি কোনো বিশেষ ধৰণে কাম কৰিবলৈ সজুৱা৷
to design, arrange, set up, or shape with a view to specific applications or uses
- সংৰূঢ়xong.rurhAbstract Noun
জীৱিত অৱস্থা প্ৰাপ্ত হোৱা।
the event of coming to life.
- সংৱৰ্তxong.bor.toAbstract Noun
প্ৰাকৃতিক কাৰণত হোৱা বা মানুহ বা জন্তুৱে বিশদভাৱে কৰা ঘৰ-দুৱাৰ,ৰাষ্টা-ঘাট-দলং, খেতি-বাতি আদিৰ হানি
A situation or condition of wide physical damage and destructions (may be caused by man, nature or animal or such other factors)
- সইsaiPronoun
সৌবা
that
- সইতsaita
খা অক. ধা. শপত খা; শপত কাঢ়্; . সকৰ্ম্মক, সকৰ্মক [সং.] বিণ. কৰ্মকাৰক-যুক্ত; কৰ্ম থকা (ক্ৰিয়া)
to swear ; transitive
- সইত খাxoit khaVerb-Intran.
কোনো বিষয়ত কথা দে; সঁচা কথা কোৱা বুলি প্ৰত্যয় জন্মাব পৰাকৈ আন্তৰিকতাৰে ক
to give one`s word for something; to make a sincere statement that you are telling the truth
- সইত্xoitAbstract Noun
প্ৰকৃত তথ্যৰ ওপৰত আধাৰিত বা তথ্য-ভিত্তিক বুলি প্ৰমাণ কৰিব পৰা বা কৰা বক্তব্য।
a statement that can be proved or has been proved to be valid and factual.
- সওsaoIndeclinable
গৰু-ম'হক ৰ'বলৈ কোবা মাত
an interjection signifying "stop" used to cattle
- সকণ্টকxo.kon.tokProper Adj.
কাঁইটেৰে ভৰা
Having or covered with protective barbs or quills or spines or thorns or setae etc.
- সকলোতেxo.ko.lo`.teAdverb
সকলো সময়তে, যিকোনো হাৰতে বা যিকোনো ঠাইতে
at all times; at any rate; in any event
- সকলোxo.ko.lo`Pronoun
কিহবাৰ গোটেইখিনিকে বা প্ৰতিজন সদস্যকে একেলগে বুজায়৷
refers to every member or the entire part of something.